আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নামেৰে ভাৰতত আছে এখন গাঁও, জানেনে নামটো?

ভাৰতত আছে এখন বিশেষ গাঁও, যাক নামাকৰণ কৰা হৈছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ নামেৰে। এইগৰাকী ব্যক্তিৰ ২৯ ডিচেম্বৰৰ দিনা মৃত্যু হয়।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ নামেৰে ভাৰতত আছে এখন গাঁও, জানেনে নামটো?

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি

Published: 

30 Dec 2024 14:02 PM

দেওবাৰে মৃত্যু হয় আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ। ১০০ বছৰ বয়সত মৃত্যু হোৱা সম্ভৱতঃ জিমি কাৰ্টাৰে প্ৰথমগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি। বৰ্তমান সময়ত ভাৰতৰ আৰু আমেৰিকাৰ সম্পৰ্ক অতি মধুৰ। এই সময়ৰ দৰে সেই সময়তো ভাৰত- আমেৰিকাৰ সম্পৰ্ক ভাল আছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ ভাৰতৰ সৈতে মজবুত সম্পৰ্ক আছিল আৰু সেই চাপ এতিয়াও ভাৰতত আছে। কাৰ্টাৰক ভাৰতৰ বন্ধু বুলি কোৱা হয়। ১৯৭৭ চনত জৰুৰীকালীন অৱস্থা আঁতৰ কৰাৰ পাছত আৰু  জনতা পাৰ্টী জয়ৰ পাছত দেশলৈ অহা তেওঁৰ প্ৰথম আমেৰিকাৰ ৰাষ্ট্ৰপতি।

জিমি কাৰ্টাৰে ১৯৭৮ চনত ভাৰত ভ্ৰমণ কৰিছিল। এই সময়চোৱাত ভাৰতৰ এখন গাঁৱৰ নাম কাৰ্টাৰপুৰী ৰখা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত ১৯৭৮ চনত জিমি কাৰ্টাৰে গুৰুগ্ৰাম জিলাৰ দোলাতপুৰ নছীৰাবাদ গাঁও ভ্ৰমণ কৰিছিল। এই সমগ্ৰ গাঁওখন ঘূৰি তেওঁ গাঁৱবাসীৰ সৈতে আলোচনাত মিলিত হৈছিল। গাঁওবাসীয়েও তেওঁৰ সান্নিধ্য ভাল পাইছিল আৰু তেওঁক হাৰিয়াণাবী পোচাক উপহাৰ দিছিল। পৰৱৰ্তী সময়ত অন্তৱৰ্তীকালীন চৰকাৰে এই গাঁওখনৰ নাম দোলাতপুৰ নছীৰাবাদৰ সলনি কাৰ্টৰপুৰী হিচাপে নামাকৰণ কৰে।

হাৰিয়ানাৰ গাঁও

এই গাঁওখন আছে হাৰিয়ানাত। জানিব পৰা মতে জিমি কাৰ্টাৰৰ মাতৃ বেছী লিলিয়ন প্ৰায়ে এই গাঁও লৈ আহিছিল। যাৰ বাবে তেওঁ এই গাঁও ভ্ৰমণ কৰিবলৈ তাত উপস্থিত হৈছিল। ইয়াৰোপৰি জিমি কাৰ্টাৰে ভাৰতৰ গাঁও চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই গাঁওখনৰ দিল্লীৰ ওচৰত আছিল যাৰ বাবে এই গাঁওখন তেওঁ ভ্ৰমণ কৰিছিল।

উল্লেখ্য যে, আমেৰিকাৰ ইতিহাসত আটাইতকৈ দীৰ্ঘজীৱি প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰয চলিত বৰ্ষৰ অক্টোবৰ মাহত তেওঁ ১০০ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। জানিব পৰা মতে ২৯ ডিচেম্বৰ দেওবাৰে বিয়লি জৰ্জিয়াৰ প্লেইনছত থকা নিজৰ ঘৰত জিমি কাৰ্টাৰৰ মৃত্যু হয়।

কিয় বিশেষ আছিল

১৯৭৮ চনৰ ভাৰত ভ্ৰমণৰ সময়ত তেওঁ ২ জানুৱাৰীত সদনত ভাষণ প্ৰদান কৰিছিল। এই সময়চোৱাত তেওঁ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে ভাষণ দিছিল। সদনত ভাষণ দি তেওঁ কৈছিল যে, ভাৰতৰ সফলতাসমূহ গুৰুত্বপূৰ্ণ কাৰণ ইয়ে স্পষ্ট কৰে যে ভাৰত গণতন্ত্ৰৰ নীতিৰে আগবাঢ়িছে। উন্নয়নশীল দেশ এখনে কেতিয়াও স্বৈৰাচাৰী চৰকাৰক সমৰ্থন নকৰে।

কাৰ্টাৰৰ ভ্ৰমণ ইমানেই সফল আছিল যে তেওঁ যোৱাৰ পাছত হাৰিয়ানাৰ সেই গাঁওখনৰ নাম কাৰ্টাৰপুৰী হৈ পৰিছিল। গাঁওবাসীয়ে এই নামটোৰ সমৰ্থন কৰিছিল। এইগৰাকী নেতাই ২০০২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। এই দিনটোত কাৰ্টাৰপুৰীৰ জনতাই আনন্দ উৎসৱ উদযাপন কৰাৰ লগতে বন্ধৰ দিন ঘোষণা কৰিছিল।

 

 

অন্য খবৰ পঢ়কঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ শেষ নিশ্বাস ত্যাগ, মৃত্যুৰ সময়ত বয়স আছিল ১০০…

 

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?