শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এটাৰ পিছত আন এটা নিৰ্বাচনত আৱামী লীগৰ জয়; দলীয় কৰ্মীৰ মনত আশাৰ সঞ্চাৰ

পুনৰ বাংলাদেশত শাসন কৰিব নেকি আৱামী লীগে ? এই প্ৰশ্নৰ উত্থাপন হৈছে সম্প্ৰতি । আচলতে আইজীৱী সন্থাৰ এক নিৰ্বাচনত হাছিনা পন্থী আইনজীৱীৰ জয়ৰ পাছতেই উত্থাপন হৈছে এই প্ৰশ্ন ।

এটাৰ পিছত আন এটা নিৰ্বাচনত আৱামী লীগৰ জয়; দলীয় কৰ্মীৰ মনত আশাৰ সঞ্চাৰ
ভাৰতত কিমান দিন থাকিব শ্বেখ হাছিনা?
raj-saikia
Raj Saikia | Published: 28 Feb 2025 19:52 PM

ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰা বাংলাদেশত আৱামী লীগৰ পুনৰুত্থান । সেই আৱামী লীগ, যাৰ চৰকাৰৰ পতন ঘটিছিল ছাত্ৰ আন্দোলনৰ ফলত । সেই আৱামী লীগ, যাৰ নেতৃ তথা বাংলাদেশত কেইমাহমান পূৰ্বলৈকে শাসন কৰি থকা শ্বেখ হাছিনাই পলায়ন কৰিবলৈ বাধ্য হৈছিল ভাৰতলৈ । কিন্তু পুনৰ বাংলাদেশত খোপনি পুতিছে হাছিনাৰ দল আৱামী লীগে ।

পুনৰ বাংলাদেশত শাসন কৰিব নেকি আৱামী লীগে ? এই প্ৰশ্নৰ উত্থাপন হৈছে সম্প্ৰতি । আচলতে আইজীৱী সন্থাৰ এক নিৰ্বাচনত হাছিনা পন্থী আইনজীৱীৰ জয়ৰ পাছতেই উত্থাপন হৈছে এই প্ৰশ্ন । চাঁপাইনবাবগঞ্জ জিলা আইনজীৱী সমিতিৰ কাৰ্যনিবাহক সমিতিৰ নিৰ্বাচনৰ পাছত এইবাৰ কুষ্টিয়াত আইনজীৱী সমিতিৰ নিৰ্বাচনত নিৰংকুশ জয় আৱামী লীগৰ প্ৰাৰ্থীৰ । সেয়ে এতিয়া চৰ্চা চলিছে যে, পুনৰ শাসনলৈ অহাৰ সম্ভাৱনা আছে নেকি আৱামী লীগ ।

কুষ্টিয়া জিলা আইনজীৱী সমিতিৰ ১৭ টা পদৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন । এই নিৰ্বাচনত আৱামী লীগে ৯ টা পদ আৰু বিএনপিয়ে ৫ টা পদত জয়লাভ কৰে । সমিতিৰ সভাপতি পদত জয়ী হয় আৱামী লীগ সমৰ্থিত প্ৰাৰ্থী হাৰুনুৰ ৰশিদ । পূৰ্বেও তেওঁ জিলা সমিতিৰ সভাপতি আছিল । জামায়াতে দুটা আৰু জাতীয় পাৰ্টীয়ে এটা পদত জয়লাভ কৰিছে ।

বুধবাৰে নিশা ঘোষণা হোৱা ফলাফলত আৱামী লীগৰ সমৰ্থিত প্ৰাৰ্থীয়ে সৰহ সংখ্যক আসন লাভ কৰে । নিৰ্বাচন আয়োগৰ তথ্য মতে ১৭ টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৪৭ গৰাকী লোকে । কিন্তু আৱামী লীগে এই নিৰ্বাচনত জয়লাভ কৰে । ইয়াৰ পূৰ্বে চাঁপাইনবাবগঞ্জ জিলা আইনজীৱী সমিতিৰ নিৰ্বাচনতো আৱামী লীগে ৬ টা পদত জয়লাভ কৰিছিল । সেয়ে আৱামী লীগৰ সমৰ্থকসকলৰ মনত প্ৰশ্ন হৈছে, পুনৰ শাসনলৈ উভতি আহিব নেকি শ্বেখ হাছিনাৰ দল আৱামী লীগ ।