ইজৰাইলৰ আক্ৰমণত মৃত্যু হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ... | Hezbollah chief Hassan Nasrallah killed in Beirut airstrike : IDF Assam news - Assam Tv9

ইজৰাইলৰ আক্ৰমণত মৃত্যু হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ…

Updated On: 

28 Sep 2024 14:33 PM

ইজৰাইলৰ আইডিএফে দাবী কৰিছে যে, বেইৰুটৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী নছৰল্লাহৰ মৃত্যু হৈছে। উল্লেখ্য যে, শুকুৰবাৰে গভীৰ নিশা ইজৰাইল সেনাই হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত ডাঙৰ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণৰ পিছতহে হিজবুল্লাহৰ মুৰব্বীগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইজৰাইল সেনাই ।

ইজৰাইলৰ আক্ৰমণত মৃত্যু হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ...

হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহ

Follow Us On

ইজৰাইলৰ আক্ৰমণত নিহত হৈছে হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহ । ইজৰাইলৰ আইডিএফে দাবী কৰিছে যে, বেইৰুটৰ আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী নছৰল্লাহৰ মৃত্যু হৈছে। উল্লেখ্য যে, শুকুৰবাৰে গভীৰ নিশা ইজৰাইল সেনাই হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত ডাঙৰ আক্ৰমণ সংঘটিত কৰে । এই আক্ৰমণৰ পিছতহে হিজবুল্লাহৰ মুৰব্বীগৰাকীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে ইজৰাইল সেনাই ।

নছৰল্লাহৰ হত্যাৰ পিছত ইজৰাইলৰ সেনাৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল হালেভিয়ে সকীয়াই দিছে যে, যদি কোনোবাই ইজৰাইল আৰু ইয়াৰ নাগৰিকক ভাবুকি দিবলৈ চেষ্টা কৰে তেন্তে তেওঁ ডাঙৰ পৰিণামৰ ভুগিব লাগিব। আইডিএফে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ইজৰাইলৰ আক্ৰমণত নছৰল্লাহৰ লগতে হিজবুল্লাহৰ আন আন শীৰ্ষ নেতাৰ মৃত্যু হৈছে।

বেইৰুটৰ দহিয়াত থকা হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত উপস্থিত থকাৰ সময়তে নছৰল্লাহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল ইজৰাইল সেনাই । আইডিএফে জনোৱা মতে, হিজবুল্লাহৰ শীৰ্ষ বিষয়াসকলে নিজৰ মুখ্য কাৰ্যালয়ত থকাৰ সময়তে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰিছিল ।

ইজৰাইলে লেবাননত ৰকেটেৰে নিশাটোৰ ভিতৰতে বিধ্বংসী আক্ৰমণ সংঘটিত কৰে । হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত ৬০টা বাংকাৰ ৰকেটেৰে আক্ৰমণ চলাইছিল ইজৰাইল সেনাই । এই সময়ছোৱাত ইজৰাইল সেনাই হিজবুল্লাহৰ বহু ঘাটি ধ্বংস কৰে। ইজৰাইল সেনাই দাবী কৰিছে যে, এই ভয়ানক আক্ৰমণত হিজবুল্লাহৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হয়। হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত কোনো লোক জীয়াই থকা নাই। ভিতৰত থকা সকলো লোকৰে মৃত্যু হৈছে বুলি দাবী কৰিছে ইজৰাইল সেনাই ।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version