5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিশ্বৰ নেতাসকল কিয় নিমাত ? লেবাননৰ পৰিস্থিতি গাজাৰ দৰে হ’ব নেকি ? ইজৰালৰ আক্ৰমণত লেবাননৰ ৫০০ ৰো অধিক লোক নিহত…

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে, ‘গাজাৰ পৰিস্থিতি এটা দুঃস্বপ্নৰ দৰে। লেবাননৰ পৰিস্থিতিও সেই দিশেই গতি কৰিছে । লেবানন আৰু ইজৰাইলৰ জনসাধাৰণকে ধৰি বিশ্বই লেবানন আন এখন গাজা হোৱাৰ বোজা বহন কৰিব নোৱাৰিব।”

বিশ্বৰ নেতাসকল কিয় নিমাত ? লেবাননৰ পৰিস্থিতি গাজাৰ দৰে হ’ব নেকি ? ইজৰালৰ আক্ৰমণত লেবাননৰ ৫০০ ৰো অধিক লোক নিহত…
লেবানন...!
manas-borah
Manas Borah | Updated On: 25 Sep 2024 10:41 AM

লেবাননত ইজাৰাইজৰ আক্ৰমণ অব্যাহত আছে । এই আক্ৰমণত এতিয়ালৈকে সাধাৰণ নাগৰিককে ধৰি প্ৰায় ৫৯০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । ইজৰাইলে দাবী কৰিছে যে, হিজবুল্লাহক লক্ষ্য কৰি এই আক্ৰমণ কৰা হৈছে । কিন্তু এই আক্ৰমণত সাধাৰণ লোকৰ মৃত্যু হোৱাৰ খবৰো প্ৰকাশ পাইছে । ইউনিচেফৰ উপ-প্ৰতিনিধি এ টি হিগিন্সে কয় যে, ২০০৬ চনৰ পিছত এই দিন কেইটা হৈছে আটাইতকৈ বেয়া দিন । যদিহে হিংসা বন্ধ নহয় তেন্তে ইয়াৰ পৰিণতি অমানৱীয় হ’ব পাৰে।

একে সময়তে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে কয় যে, ‘গাজাৰ পৰিস্থিতি এটা দুঃস্বপ্নৰ দৰে। লেবাননৰ পৰিস্থিতিও সেই দিশেই গতি কৰিছে । লেবানন আৰু ইজৰাইলৰ জনসাধাৰণকে ধৰি বিশ্বই লেবানন আন এখন গাজা হোৱাৰ বোজা বহন কৰিব নোৱাৰিব।” পেলেষ্টাইন শৰণাৰ্থীৰ বাবে কাম কৰা ৰাষ্ট্ৰসংঘৰ সংস্থা UNWRAৰ মুৰব্বীয়ে মঙলবাৰে এএফপি নিউজৰ আগত কয় যে, গাজাত সংস্থাটোৱে ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে । কিয়নো লেবাননত ইজৰাইলৰ আক্ৰমণে গাজা আৰু পশ্চিম পাৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে কাম কৰা ক্ষেত্ৰত সংস্থাটোৰ ওপৰত হেঁচা বৃদ্ধি কৰিছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ মুখপাত্ৰ ৰবিনা ছামদাছানীয়ে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ উদ্বেগ প্ৰকাশ কৰি সকলো পক্ষকে তৎকালীনভাৱে হিংসাত্মক পৰিস্থিতি বন্ধ কৰি সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়। দুয়োপক্ষৰ মাজৰ উত্তেজনা ৰোধ কৰিবলৈ বিশ্বৰ নেতাসকলক নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে।

অক্টোবৰৰ পৰা এই উত্তেজনাই ইজৰাইল আৰু লেবাননৰ সীমান্তৰ ওচৰত বাস কৰা হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে । যোৱা সপ্তাহত ধাৰাবাহিক পেজাৰ আৰু ৱাকি টকী বিস্ফোৰণৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। এই বিস্ফোৰণত হাজাৰ হাজাৰ লোক আহত হোৱাৰ লগতে বহু লোকৰ মৃত্যু হয়। ইয়াৰ পিছত হিজবুল্লাহে ইজৰাইলৰ ফালে প্ৰায় ১৫০টা ৰকেট নিক্ষেপ কৰে বুলি দাবী কৰে আইডিএফে । ইফালে হিজবুল্লাহৰ বিৰুদ্ধে বিমান আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। ইজৰাইলৰ এই আক্ৰমণত লেবাননৰ সাধাৰণ নাগৰিককে ধৰি প্ৰায় ৫০০ ৰো অধিক লোক নিহত হৈছে । ১৫০০ ৰো অধিক লোক আহত হৈছে ।

Latest News