শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হিজাবুল্লাহৰ জ্যেষ্ঠ নেতা শ্বেইখ মহম্মদ আলী হামাদীক গুলীয়াই হত্যা…

হিজাবুল্লাহৰ শীৰ্ষ নেতাক গুলীয়াই হত্যা। লেবাননৰ বেকা উপত্যকাৰ মাচঘাৰা অঞ্চলত নিজা বাসগৃহৰ সন্মুখত তেওঁক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে।

হিজাবুল্লাহৰ জ্যেষ্ঠ নেতা শ্বেইখ মহম্মদ আলী হামাদীক গুলীয়াই হত্যা…
হিজাবুল্লাহImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jan 2025 19:45 PM

হিজাবুল্লাহৰ জ্যেষ্ঠ কমাণ্ডৰ শ্বেইখ মহম্মদ আলী হামাদীক গুলীয়াই হত্যা। লেবাননৰ বেকা উপত্যকাৰ মাচঘাৰা অঞ্চলত নিজা বাসগৃহৰ সন্মুখত তেওঁক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। জানিব পৰা মতে, অচিনাক্ত বন্দুকধাৰীয়ে তেওঁক ৬বাৰকৈ গুলীয়ায়। এই ঘটনাৰ লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাৰ পূৰ্বে তেওঁৰ মৃত্যু হয়। হিজাবুল্লাহৰ এজন শীৰ্ষ নেতা আছিল হামাদি। ১৯৮৫ চনত এথেন্সৰ পৰা ৰোমলৈ যোৱা টি ​​ডব্লিউ এৰ বিমান অপহৰণৰ সৈতে জড়িত হোৱাৰ বাবে তেওঁ FBI ৰ সন্ত্ৰাসবাদী তালিকাৰ শীৰ্ষ স্থানত আছিল।

বিমান অপহৰণৰ সেই ঘটনাত ১৫৩ গৰাকীয়ে যাত্ৰী আৰু ক্ৰুৰ সদস্যত পণবন্দী কৰি ৰাখিছিল আৰু পৰৱৰ্তী সময়ত আমেৰিকান যাত্ৰীসকলক অত্যাচাৰ কৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইল আৰু হিজাবুল্লাহৰ মাজত যুদ্ধ বিৰতি শেষ হোৱাৰ পিনে গতি কৰিছে। তাৰ পূৰ্বে এই হত্যাকাণ্ড সংঘটিত হয়। এই হত্যাকাণ্ড সন্দৰ্ভত ইতিমধ্যে লেবাননৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে। তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত হত্যাৰ ৰাজনৈতিক উদ্দেশ্য খাৰিজ কৰা হৈছে। গতিকে পাৰিবাৰিক কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ ৬০ দিনীয়া যুদ্ধবিৰতি শেষ হোৱাৰ দিশে গতি কৰিছে। এনে সময়ত সংঘটিত এই হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুদ্ধবিৰতি চুক্তি অনুসৰি ইজৰাইলে ২৬ জানুৱাৰীৰ ভিতৰত দক্ষিণ লেবাননৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ বিপৰীতে হিজবুল্লাই লিটানি নদীৰ উত্তৰ দিশলৈ পিছুৱাই যাব। ইয়াৰোপৰি যুদ্ধবিৰতি চুক্তি অনুসৰি হিজাবুল্লাহে নিজৰ অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰাৰ লগতে ইজৰাইলে ৬০ দিনৰ ভিতৰত সেনাক উভতাই নিয়াৰ লগতে লেবাননৰ সেনা আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীক নিয়ন্ত্ৰণ অৰ্পণ কৰিব লাগিব।

অৱশ্যে ইজৰাইলে দক্ষিণ লেবাননৰ নিয়ন্ত্ৰণত থকা কেইবাখনো চহৰৰ ভিতৰত মাত্ৰ দুখন চহৰৰ পৰাৰে সেনা প্ৰত্যাহাৰ কৰিছে। ইয়াৰোপৰি হিজাবুল্লাহৰ বিভিন্ন শিবিৰত বিমান আক্ৰমণ অব্যাহত আছে।

উল্লেখ্য যে, যুদ্ধৰ ফলত লেবাননৰ প্ৰায় ১.২ মিলিয়ন লেবাননীলোক আৰু ৫০,০০০ ইজৰাইলী স্থানচ্যুত হৈছে। ইজৰাইলৰ বোমা বিস্ফোৰণৰ ফলত লেবাননত ৩৭০০ জনলোকৰ মৃত্যু হোৱা বুলি দাবী উত্থাপন হৈছে। ইয়াৰ বিপৰীতে ইজৰাইল- লেবাননৰ যুদ্ধৰ ফলত প্ৰায় ১৩০ জন ইজৰাইলীৰ মৃত্যু হৈছে। ইয়াৰ পাছতেই ইজৰাইল- হিজাবুল্লাহৰ  মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছিল।

 

অন্য খবৰঃ অসাৰ যুদ্ধ বিৰতি! ইজৰাইলৰ বিমান আক্ৰমণত লেবাননত প্ৰায় ১১ জনৰ মৃত্যু…