হিজাব আৰু সতীত্ব: ভালদৰে হিজাব পৰিধান নকৰিলে মহিলাক দিয়া হ’ব কঠোৰ শাস্তি…

তথ্য অনুসৰি ৰাজহুৱা স্থানত বা সামাজিক মাধ্যমত হিজাব ভালদৰে পৰিধান নকৰা মহিলাসকলৰ ওপৰত ২০ মাহৰ দৰমহাৰ সমান জৰিমনা বিহা হ'ব। এই জৰিমণা ১০ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব

হিজাব আৰু সতীত্ব:  ভালদৰে হিজাব পৰিধান নকৰিলে মহিলাক দিয়া হব কঠোৰ শাস্তি...

হিজাব

Published: 

04 Dec 2024 13:53 PM

হিজাবক লৈ আহিছে নতুন আইন। এই আইনৰ অধীনত হিজাব ভালদৰে পৰিধান নকৰা আৰু হিজাবৰ বিৰোধিতা কৰা মহিলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে হিজাবক লৈ এনে নিষেধাজ্ঞাসমূহৰ ওপৰত কেইবাবাৰো সমালোচনা কৰাৰ পাছতো আইন প্ৰণেতা সকলে ইৰানত হিজাবক লৈ গৃহীত কৰিছে কঠোৰ আইন। শেহতীয়াকৈ ইৰান সংসদে গৃহীত কৰে ‘হিজাব আৰু সতীত্ব’ শীৰ্ষক এক আইন। এই আইনৰ অধীনত মহিলাসকলে হিজাব পৰিধান কৰাটো বাধ্যতামূলক আৰু কোনো মহিলাই হিজাব পৰিধান নকৰিলে তেওঁলোকক এই আইনৰ অধীনত কঠোৰ শান্তি বিহা হ’ব।

হিজাবৰ বিৰুদ্ধে ইৰানত মহিলাসকলৰ বিৰোধ বৃদ্ধি পোৱাৰ মাজতেই এই আইন প্ৰণয়ন কৰে। দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ নিৰ্দেশনা অনুসৰি ইৰানৰ ন্যায়পালিকাই হিজাব আৰু সতীত্ব’ বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছিল। আৰু এতিয়া এই আইনখন সদনত গৃহীত হয়।

১৯৭৯ চনত হোৱা ইছলামিক বিপ্লৱৰ পাছৰে পৰি ইৰানৰ মহিলাসকলে সাৰ্বজনীন স্থানত মূৰ ঢাকি ওলোৱা বা হিজাব পৰিধান কৰা বাধ্যতামূলক আছিল। কিন্তু ২০২২ চনত ইৰানী কুৰ্দি মহিলা মহছা আমিনীৰ আৰক্ষীৰ জিম্মাত হোৱা মৃ্ত্যুৰ পাছত দেশখনত হিজাবৰ বিৰোধিতা কৰা মহিলাৰ সংখ্যা বৃদ্ধি পায়। সময়ে সময়ে একাংশ মহিলাই হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

উল্লেখ্য যে, ইৰানৰ সাজ পোচাক পৰিধানৰ নিয়ম মানি নচলাৰ বাবে দেশখনৰ মোৰালিটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২২ বছৰীয়া মহছা আমিনী নামৰ যুৱতীগৰাকীক। অভিযোগ অনুসৰি আৰক্ষীয়ে যুৱতীগৰাকীক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল যাৰ বাবে তেওঁৰ মৃত্যু হৈছিল। যুৱতীগৰাকীৰ মৃত্যুৰ পাছত দেশখনৰ হাজাৰ হাজাৰ মহিলা ৰাজপথলৈ ওলাই আহি হিজাব বিৰোধী আন্দোলন আৰম্ভ কৰিছিল।

কি আছে নতুন আইনত

ইৰানৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ৰাজহুৱা স্থানত বা সামাজিক মাধ্যমত হিজাব ভালদৰে পৰিধান নকৰা মহিলাসকলৰ ওপৰত ২০ মাহৰ দৰমহাৰ সমান জৰিমনা বিহা হ’ব। এই জৰিমণা ১০ দিনৰ ভিতৰত পৰিশোধ কৰিব লাগিব। যদি এনে কৰিবলৈ মহিলাগৰাকী অসমৰ্থ হয় তেন্তে তেওঁ পাছপ’ৰ্ট নবীকৰণ বা প্ৰদান, ড্ৰাইভিং লাইচেন্স আৰু এক্সাইট পাৰ্মিট প্ৰদান আদি বিভিন্ন চৰকাৰী সেৱাৰ পৰা বঞ্চিত হ’ব।

কেৱল ইমানেই নহয়, মহিলাই হিজাব ভালদৰে পৰিধান কৰিছে নে নাই সেয়া সংশ্লিষ্ট কৰ্তৃপক্ষই পৰীক্ষা কৰি চিচিটিভি ফুটেজ আৰক্ষীক প্ৰদান কৰি সহায় কৰিব লাগিব। যদি কোনো প্ৰতিষ্ঠানে এনে কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকৰ ওপৰত জৰিমণা বিহা হ’ব। ইয়াৰোপৰি এই আইনে ‘নগ্নতা’ বা ওৰণি নল’বলৈ উৎসাহিত কৰা কাপোৰ,মূৰ্তি বা খেলৰ সামগ্ৰী আদিকো অপৰাধ বুলি গন্য কৰে। এই আইন ভালদৰে পৰিচালনা কৰিবলৈ উদ্যোগ, খনি আৰু বাণিজ্য মন্ত্ৰালয়ক কাপোৰ নিৰ্মাতা আৰু যোগানকাৰীৰ ওপৰত চকু ৰাখিবলৈও নিৰ্দেশ দিছে।

নতুন আই সন্দৰ্ভত আমেৰিকাত বাস কৰা ইৰানী ৰাজনৈতিক বিশ্লেষক মেৰী মহম্মদীয়ে কয় যে, এই আইনৰ উদ্দেশ্য হৈছে মহিলাসকলৰ প্ৰতিবাদ বন্ধ কৰা। এই আইনৰ দ্বাৰা মহিলাৰ দাবী মানি লোৱাত বাধা প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা নাৰীৰ বিপ্লৱীক দুৰ্বল কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয়। মেৰী মহম্মদীয়ে কয় যে ইৰানৰ মহিলাসকলৰ ওচৰত এতিয়া মাত্ৰ দুটা পথেই আছে- ‘স্বাধীনতা বা মৃত্যু’।

কেতিয়া কাৰ্যকৰী হ’ব

ইৰাণৰ সংসদে এই নতুন আইনখন ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ালৈ প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছত এই আইন কাৰ্যকৰী হ’ব।  দেশৰ সংবিধান অনুসৰি আইন সন্দৰ্ভত সংশ্লিষ্ট সংস্থালৈ অধিসূচনা প্ৰেৰণ বা কাৰ্যকৰী কৰাত পলম কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ আছে।

 

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...