Israel: ১৬৫ টা ৰকেট, ইজৰাইলৰ ওপৰত হিজাবুল্লাহৰ বৃহৎ আক্ৰমণ, জ্বলি উঠিল চৌপাশ…
Israel: ইজৰাইল- লেবাননত এতিয়া ধ্বংসলীলা। পৰস্পৰে পৰস্পৰক কৰা আক্ৰমণত প্ৰতিদিনেই মৃত্যু মুখত পৰিছে সাধাৰণ জনতা। ইজৰাইলে লেবাননৰ ওপৰত আক্ৰমণ অব্যাহত ৰখাৰ মাজতে শেহতীয়াকৈ হিজাবুল্লাহে ইজৰাইলৰ ওপৰত আক্ৰমণ চলায়।
এফালে ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধ, আনফালে ইজৰাইল আৰু হিজাবুল্লাহৰ যুদ্ধ। শেহতীয়াকৈ হিজাবুল্লাহে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে। তথ্য অনুসৰি জানিব পৰা মতে হিজাবুল্লাহে ইজৰাইলৰ ওপৰত ১৬৫ টাতকৈ অধিক ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছে। এই আক্ৰমণত বহু অট্টালিকা, বাহন আদিৰ বিস্তৰ ক্ষতিসাধন হয় যদিও এতিয়ালৈকে কোনোলোক নিহত হোৱাৰ তথ্য পোহৰলৈ অহা নাই। ইজৰাইলৰ উত্তৰ অঞ্চলত হিজাবুল্লাহে এই আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আয়ৰন ডোমো আক্ৰমণ ৰোধ কৰাত বিফল হয়।
এই ঘটনা সন্দৰ্ভত জড়িত এটা পোষ্ট ইতিমধ্যে আই ডি এফে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। য’ত দেখা গৈছে যে হিজাবুল্লাহৰ আক্ৰমণৰ ফলত কেইবাখনো বাহনত জুই লাগিছে। আই ডি এফ (Israel defence forces) য়ে কয় যে, আমি হিজাবুল্লাহৰ আক্ৰমণৰ পৰা নিজৰ দেশৰ মানুহখিনিক ৰক্ষা কৰাৰ কাম কৰি যাম।
#Northern_Israel_Is_Under_Attack
We will continue to defend our civilians against Hezbollah’s aggression. pic.twitter.com/0fd0Wq6pxa
— Israel Defense Forces (@IDF) November 11, 2024
হিজাবুল্লাহে ইজৰাইলৰ হাইফা নামৰ অঞ্চলটোত ৯০ টাতকৈ অধিক ৰকেট নিক্ষেপ কৰাৰ লগতে গৈলিলী নামৰ অঞ্চলত ৫০ টাতকৈ অধিক ৰকেটেৰে আক্ৰমণ কৰে। টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি এই ঘটনাত ৭জনকৈ লোক আহত হৈছে। আহতসকলৰ ভিতৰত এটি শিশুও আছে। ঘটনা সন্দৰ্ভত বৈদেশিক মন্ত্ৰীয়ে কয় যে,লেবাননত যুদ্ধবিৰতিৰ কিছু অগ্ৰগতি লাভ কৰাৰ সময়তে হিজাবুল্লাহে এই আক্ৰমণ সংঘটিত কৰে।
ইজৰাইলী সেনাই কৈছে যে গৈলিলী অঞ্চলত ৫০ ৰো অধিক ৰকেট নিক্ষেপ কৰিছে। অৱশ্যে ইয়াৰ কিছুমান আক্ৰমণ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই বিফল কৰি পেলাইছে। কাৰ্মেল অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা চহৰবোৰত বহু ৰকেট নিক্ষেপ কৰা হৈছে। এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছে হিজাবুল্লাহে, তেওঁলোকে দাবী কৰিছে যে কাৰ্মেল অঞ্চলৰ পেৰাট্ৰুপাৰ ব্ৰিগেডৰ প্ৰশিক্ষণ ঘাটি লক্ষ্য কৰি লোৱা হৈছিল।
ইয়াৰ বিপৰীতে আই ডি এফে কৈছে যে প্ৰথম অৱস্থা হিজাবুল্লাহে নিক্ষেপ কৰা ৮০ টা ৰকেটৰ প্ৰায় ভাগ আকাশতে নষ্ট কৰি দিয়া হৈছিল। কিছুমান ৰকেটে অৱশ্যে কোনো কোনো অঞ্চলত ক্ষতি কৰিছে। দ্বিতীয়বাৰ তেওঁলোকে ১০ টাকৈ ৰকেট নিক্ষেপ কৰে আৰু প্ৰতিটো ৰকেট আই ডি এফে প্ৰতিৰোধ কৰে। আক্ৰমণৰ ফলত হাইফাৰ কিৰিয়াত কিছু ঘৰ দুৱাৰ আৰু বাহন ক্ষতিগ্ৰস্ত হৈছে।
উল্লেখ্য যে, ইজৰাইলেও বিভিন্ন সময়ত হিজাবুল্লাহৰ ওপৰত এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। দেওবাৰে লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে লেবাননৰ উত্তৰ অঞ্চলত ইজৰাইলে কৰা আক্ৰমণত প্ৰায় ২০ জনলোকৰ মৃত্যু হৈছে। ইজৰাইলে এই আক্ৰমণ বেৰুটৰ অলমত গাঁৱত কৰিছিল। ইয়াৰ পূৰ্বে লেবাননৰ দক্ষি বন্দৰগাহ চহৰত কৰা বিমান আক্ৰমণত প্ৰায় ৭ জন লোকৰ মৃত্যু হৈছিলি।