সুৰক্ষিত নহয় হিন্দু! পাকিস্তানত হিন্দু মন্ত্ৰীক আক্ৰমণ, তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ…
বাংলাদেশৰ পাছত এইবাৰ পাকিস্তান। পুনৰ আক্ৰমণৰ বলি হিন্দু নেতা। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি চুবুৰীয়া ৰাষ্ট্ৰখনত আক্ৰমণ কৰা হৈছে হিন্দু মন্ত্ৰীক।

চুবুৰীয়া ৰাষ্ট্ৰত পুনৰ এবাৰ হিন্দু সুৰক্ষাৰ বিষয়টোত প্ৰশ্ন উত্থাপন হৈছে। কেৱল সাধাৰণ হিন্দুয়েই নহয়, পাকিস্তানত সুৰক্ষিত নহয় হিন্দু মন্ত্ৰীও। বাংলাদেশৰ পাছত এইবাৰ পাকিস্তানত আক্ৰমণৰ বলি এগৰাকী হিন্দু মন্ত্ৰী। সিন্ধ প্ৰদেশৰ এগৰাকী হিন্দু ৰাজ্যিক মন্ত্ৰীক আক্ৰমণ কৰে একাংশ প্ৰতিবাদকাৰীয়ে। এই আক্ৰমণৰ খবৰ পোহৰলৈ অহাৰ পাছতেই পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তান ইয়াৰ বিপৰীতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে।
ঘটনাৰ বিৱৰণী অনুসৰি, পাকিস্তান মুছলিম লীগ-নৱাজৰ সাংসদ খেল দাস কোহিস্তানী শনিবাৰে থাট্টা জিলাৰ মাজেৰে পাৰ হৈ গৈ থকা অৱস্থাত একাংশ প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰে। প্ৰতিবাদকাৰীসকলে মন্ত্ৰীগৰাকীৰ কনভয়ত বিলাহী, আলু আদি দলিয়াই পাকিস্তান চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। অৱশ্যে এই ঘটনাৰ ফলত কাৰো একো ক্ষতি হোৱা নাই। জানিব পৰা মতে, দেশখনৰ দক্ষিণ অঞ্চলৰ সিন্ধ প্ৰদেশত চৰকাৰী জলসিঞ্চন প্ৰকল্পৰ কাম চলি আছে। এই প্ৰকল্পৰ বিৰোধিতা কৰিয়েই একাংশলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।
এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। তেওঁ এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দি কয় যে,‘জনপ্ৰতিনিধিৰ ওপৰত আক্ৰমণ কৰাটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। এই কাণ্ডৰ সৈতে জড়িতসকলক শাস্তি প্ৰদান কৰা হ’ব।’ ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কোহিস্তানীক ফোন কৰি ঘটনা সন্দৰ্ভত খবৰ লয় আৰু সঠিকভাৱে তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে।
ইয়াৰোপৰি পাকিস্তানৰ কেইবাগৰাকী হিন্দু নেতাই এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে। তথ্য মন্ত্ৰী আটা তাৰাৰে সিন্ধৰ আৰক্ষী মহাপৰিদৰ্শক গুলাম নবি মেমনৰ পৰা এই সন্দৰ্ভত সবিশেষ আৰু ফেডাৰেল স্বৰাজ সচিবৰ পৰা প্ৰতিবেদন বিচাৰিছে। লগতে সিন্ধৰ মুখ্যমন্ত্ৰী চৈয়দ মুৰাদ আলী শ্বাহে এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে। এক বিবৃতিত তেওঁ কয় যে, আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰো নাই। তেওঁ হায়দৰাবাদ অঞ্চলৰ আৰক্ষী উপ-মহাপৰিদৰ্শকক এই আক্ৰমণৰ লগত জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
ৰাষ্ট্ৰীয় বিধানসভাৰ ৱেবছাইটত ব্যক্তিগত তথ্য অনুসৰি, কোহিস্তানী সিন্ধৰ জামশ্বোৰো জিলাৰ বাসিন্দা। তেওঁ ২০১৮ চনত প্ৰথমবাৰৰ বাবে পিএমএল-এনৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাাৰ পাছত ২০২৪ চনত পুনৰ নিৰ্বাচিত হৈ ৰাজ্যিক মন্ত্ৰী হিচাপে পদোন্নতি লাভ কৰে।
উল্লেখ্য যে, এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও বহু হিন্দুক পাকিস্তান, বাংলাদেশ আদিত অত্যাচাৰ চলোৱা হৈছে। কিছুদিন পূৰ্বে বাংলাদেশত হত্যা কৰা হৈছিল এগৰাকী হিন্দু নেতাক। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ এইবাৰ পাকিস্তানত হিন্দু মন্ত্ৰীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই বিষয়টোৱে স্থান লাভ কৰে যদিও সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই।
অন্য খবৰ পঢ়কঃ বাংলাদেশত হিন্দু নেতাক মৰিয়াই মৰিয়াই হত্যা! ভাৰতে ক’লে- ইউনুছ চৰকাৰৰ অধীনত চলিছে এই কাণ্ড…