বাংলাদেশ জেলত বন্দী হৈ থকা হিন্দু ধৰ্মগুৰু চিন্ময় দাসৰ জামিন খাৰিজ, অভিযোগ কি?

দীৰ্ঘদিন ধৰি বাংলাদেশ জেলত বন্দী হৈ আছে হিন্দু ধৰ্মগুৰু চিন্ময় দাস। আজি তেওঁৰ জামিন আবেদন সন্দৰ্ভত আদালতত শুনানি হৈছিল যদিও আদালতে জামিন খাৰিজ কৰে।

বাংলাদেশ জেলত বন্দী হৈ থকা হিন্দু ধৰ্মগুৰু চিন্ময় দাসৰ জামিন খাৰিজ, অভিযোগ কি?

চিন্ময় দাস

Updated On: 

02 Jan 2025 15:36 PM

বিগত এমাহৰো অধিককাল ধৰি বাংলাদেশ জেলত বন্দী হৈ আছে হিন্দু ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাস। তেওঁৰ জামিন সন্দৰ্ভত বৃহস্পতিবাৰে ছটগাঁও মেট্ৰপলিটন সত্ৰ ন্য়ায়াধীশ আদালতত শুনানি হয়। কিন্তু আদালতে চিন্ময় কৃষ্ণ দাসৰ জামিন আবেদন খাৰিজ কৰে। এই গোচৰটো সন্দৰ্ভত আদালতত প্ৰায় ৩০ মিনিট সময় শুনানি হয় য’ত দুয়োটা পক্ষই যুক্তি আগবঢ়ায়। ইয়াৰ পৰা এটা কথায়ে কব পাৰি যে চিন্ময় কৃষ্ণ দাস এতিয়াও জেলতে থাকিব লাগিব। ইয়াৰ পূৰ্বে ১১ ডিচেম্বৰত দাসৰ জামিন প্ৰক্ৰিয়া আদালতে খাৰিজ কৰিছিল।

জানিব পৰা মতে চিন্ময় দাসৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ জামিন আবেদনৰ শুনানিত ১১ জন অধিবক্তাই অংশ গ্ৰহণ কৰে। অধিবক্তাৰ মতে, চিন্ময় কৃষ্ণ দাস কোনো গম্ভীৰ বেমাৰৰ সৈতে যুঁজি আছে। কিন্তু ইয়াৰ পাছতো তেওঁক ভালদৰে জেলত ৰখা হোৱা নাই। চিন্ময় কৃষ্ণ দাস পক্ষৰ অধিবক্তাৰ মতে বুকুৰ বিষৰ বাবে মঙলবাৰে সন্ধিয়া ধৰ্মগুৰুগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ২ জানুৱাৰীত আদালতত উপস্থিত থাকিব পৰা নাছিল।

অভিযোগ কি

বাংলাদেশ আৰক্ষীয়ে চিন্ময় কৃষ্ণ দাসক দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। ঢাকা আৰক্ষীয়ে জনাই যে, দাসৰ ওপৰত বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকা অপমান কৰাৰ অভিযোগ আছে। চিন্ময় দাসৰ ওপৰত এই অভিযোগ উত্থাপন কৰিছে বিএনপি নেতা ফিৰোজ খানে। তেওঁৰ মতে ২৫ অক্টোবৰ ছটগাঁৱত হোৱা এক ৰেলীৰ সময়ত চিন্ময় কৃষ্ণ দাসে এই কাণ্ড সংঘটিত কৰিছিল।

অভিযোগ অনুসৰি, চিন্ময় দাসৰ লগতে আন ১৮ গৰাকীলোকে বাংলাদেশৰ ৰাষ্ট্ৰীয় পাতাকাক অপমান কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে এই ঘটনা সংঘটিত হোৱাৰ কেইদিনমান পাছতেই বিএনপিৰ নেতাগৰাকীক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ বিৰুদ্ধে দল বিৰোধী কাৰ্যকলাপৰ অভিযোগ আছে।

উল্লেখ্য যে, শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল। প্ৰায় প্ৰতিদিনে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা হিন্দুৰ ওপৰত হিংসাত্মক ঘটনাৰ পোহৰলৈ আহে। এই সকলোবোৰৰৰ মাজতেই গ্ৰেপ্তাৰ হৈছিল চিন্ময় কৃষ্ণ দাস। এই ধৰ্মগুৰু গ্ৰেপ্তাৰৰ পাছত বাংলাদেশৰ হিন্দুসকলৰ লগতে ভাৰততো বিভিন্ন স্থানত বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰিছিল। অৰবিন্দ কেজৰিৱালৰ দৰে নেতাই এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কৈছিল। মন কৰিবলগীয়া যে, শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্কত যথেষ্ঠ অৱনতি ঘটিছে। এতিয়াও বাংলাদেশৰ অৱস্থা সুস্থিৰ হৈ অহা নাই।

 

অন্য খবৰ পঢ়কঃ চিন্ময় দাসক গ্ৰেপ্তাৰৰ পাছতেই জ্বলি উঠিছে বাংলাদেশ! কি অভিযোগ হিন্দু ধৰ্মগুৰুগৰাকীৰ বিৰুদ্ধে

সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!