আমেৰিকাৰ ৰাজনীতিত ইতিহাস সৃষ্টিৰ দৌৰত ট্ৰাম্প-হেৰিছ ! | Historic U.S. Presidential Election 2024 Voting: Kamala Harris vs Donald Trump Assam news - Assam Tv9

U.S. Presidential Election 2024 : আজি আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ…ইতিহাস সৃষ্টিৰ দৌৰত ট্ৰাম্প-হেৰিছ !

আজি সন্ধিয়া পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব । উল্লেখ্য যে, আমেৰিকাৰ ৫০ শতাংশ ভোটাৰে ইতিমধ্যে আগতীয়াকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে । কমলা হেৰিছ বা ড’নাল্ড ট্ৰাম্প, দুয়োগৰাকীৰ এই নিৰ্বাচনী যাত্ৰাই দুয়োৰে সংগ্ৰাম আৰু সাহসক প্ৰতিফলিত কৰিছে ।

U.S. Presidential Election 2024 : আজি আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ...ইতিহাস সৃষ্টিৰ দৌৰত ট্ৰাম্প-হেৰিছ !

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

Updated On: 

05 Nov 2024 12:56 PM

আজি আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি, আজি ৫ নৱেম্বৰ মঙলবাৰৰ সন্ধিয়াৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ভোটদানৰ লগে লগে আমেৰিকাই লাভ কৰিব এগৰাকী নতুন ৰাষ্ট্ৰপতি । উল্লেখ্য যে, আমেৰিকাই প্ৰথমবাৰৰ কমলা হেৰিছৰ ৰূপত এগৰাকী মহিলা ৰাষ্ট্ৰপতি লাভ কৰিব পাৰে । কমলা হেৰিছে যদি জয়লাভ কৰে তেন্তে তেওঁ আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ব ।

ইফালে ড’নাল্ড ট্ৰাম্পেও ইতিহাস সৃষ্টি কৰিব পাৰে । কাৰণ যদি কমলা হেৰিছ পৰাজিত হয় তেন্তে তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দুবাৰকৈ জয়ী হোৱা প্ৰথমজন নেতা হ’ব পাৰে ড’নাল্ড ট্ৰাম্প। আজি সন্ধিয়া পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হ’ব । উল্লেখ্য যে, আমেৰিকাৰ ৫০ শতাংশ ভোটাৰে ইতিমধ্যে আগতীয়াকৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কমলা হেৰিছ

প্ৰথম অৱস্থাত ৰাষ্ট্ৰপতি পদৰ বাবে ট্ৰাম্পৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি জো বাইডেনে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চৰ্চা হৈছিল যদিও সেয়া নহ’ল । স্বাস্থ্যজনিত কাৰণত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৌৰৰ পৰা আঁতৰি যাবলগীয়া হয় জো বাইডেনে । ইয়াৰ পাছতে ডেমক্ৰেটিক দলৰ হৈ ৰাষ্ট্ৰপতি পদৰ দৌৰত নামে কমলা হেৰিছ । জো বাইডেনৰ ঠাইত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ডেমক্ৰেটিক দলে ।

এই নিৰ্বাচনটোৰ কমলা হেৰিছৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কাৰণ তেওঁ জয়ী হ’লে আমেৰিকাই লাভ কৰিব প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি । কমলা হেৰিছৰ জয় হ’ব আমেৰিকাৰ ৰাজনীতিৰ এক ঐতিহাসিক মুহূৰ্ত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্প

ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হিচাপে তৃতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি দৌৰত নামিছে ড’নাল্ড ট্ৰাম্প । দুটাকৈ মাৰাত্মক আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছতো নিৰ্বাচনী দৌৰ অব্যাহত ৰাখিলে ড’নাল্ড ট্ৰাম্পে। যদি ড’নাল্ড ট্ৰাম্প জয়ী হয় তেন্তে তেওঁ আমেৰিকাৰ ইতিহাসত তিনিটা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি দুবাৰকৈ জয়ী হোৱা প্ৰথমজন নেতা হ’ব।

আমেৰিকাৰ নিৰ্বাচনৰ এই যাত্ৰাই এক ঐতিহাসিক ফলাফলৰ লাভ কৰিবলৈ আগবাঢ়িছে। কমলা হেৰিছ বা ড’নাল্ড ট্ৰাম্প, দুয়োগৰাকীৰ এই নিৰ্বাচনী যাত্ৰাই দুয়োৰে সংগ্ৰাম আৰু সাহসক প্ৰতিফলিত কৰিছে । এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে আমেৰিকাত ।

১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!