হংকঙৰ দাবীঃ এটা বেজীৰে নিৰাময় হ’ব পাৰে কৰ্কট ৰোগ, দাম শুনিলে আচৰিত হ’ব আপুনি…
কৰ্কট ৰোগ নিৰাময় সন্দৰ্ভত এক ডাঙৰ দাবী কৰিছে হংকঙে। বিজ্ঞানীসকলৰ মতে, এটা বেজীৰ দ্বাৰা নিৰাময় হ'ব পাৰে কৰ্কট ৰোগ। ইতিমধ্যে এই বেজীৰ দ্বাৰা ৰোগীক চিকিৎসা প্ৰদান কৰাও হৈছে।

কৰ্কট ৰোগ নিৰাময় সন্দৰ্ভত ডাঙৰ দাবী কৰিছে হংকঙে। শেহতীয়াকৈ হংকঙৰ বিজ্ঞানীসকলে কয় যে, ২০২৪ চনৰ নৱেম্বৰ মাহত CAR-T বেজীৰে কৰ্কট ৰোগত আক্ৰান্ত ৫ জনকৈ ৰোগীক চিকিৎসা কৰা হৈছিল, আৰু এতিয়া সেই আটাইকেইজন ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে। এই ৰোগী কেইজনৰ প্ৰতিক্ৰিয়াও বিজ্ঞানীকেইগৰাকীয়ে প্ৰকাশ কৰিছে। হংকঙৰ বিজ্ঞানীৰ এই দাবীৰ পাছতে এতিয়া সমগ্ৰ বিশ্বত হংকঙৰ এই CAR-T বেজীৰ চাহিদা বৃদ্ধি পাইছে।
চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি ২০২৪ চনৰ অক্টোবৰ মাহত চাইনীজ ইউনিভাৰ্চিটি অৱ হংকঙত ৫ জন ৰোগীক এই বেজী দিয়া হৈছিল। এই বেজী দিয়া ৰোগীসকলৰ ভিতৰত এজনৰ বয়স ৭৩ বছৰ, আন এজনৰ বয়স ৭১ বছৰ, তৃতীয়জনৰ বয়স ৬৭ বছৰ, চতুৰ্থজনৰ বয়স ১৫ বছৰ আৰু পঞ্চমজনৰ বয়স ৫ বছৰ।
বিজ্ঞানীসকলে কয় যে, ফেব্ৰুৱাৰী মাহলৈ এই ৰোগীসকলে কিছু সকাহ লাভ কৰিছিল। লাহে লাহে তেওঁলোকে কিছু সুস্থ অনুভৱ কৰিছিল। বিজ্ঞানীসকলে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে য’ত ৰোগীকেইজনৰ বক্তব্যও লিপিবদ্ধ কৰিছে। কৰ্কট ৰোগী লি চুঙৰ মতে, এই বেজী দিয়াৰ কেইদিনমান পাছত তেওঁ লাহে লাহে সুস্থ অনুভৱ কৰিবলৈ লৈছিল। বৰ্তমান অৱস্থাত কোনো বিষ নাই আৰু দ্ৰুতগতিত ই নিৰাময় হৈ আছে। হংকঙৰ বিজ্ঞানীসকলে দাবী কৰিছে যে এই পৰীক্ষণৰ অন্তত AR-T বেজী কৰ্কট ৰোগীৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব পাৰে।
দাম কিমান
প্ৰতিবেদন অনুসৰি,কৰ্কট ৰোগ নিৰাময়ৰ বাবে প্ৰস্তুত কৰা এই ভেকচিন এতিয়াও সাধাৰণ মানুহৰ পৰা বহু দূৰত। পাৰ্শ্বক্ৰিয়া আৰু অন্যান্য খৰচ বাদ দিলে ভেকচিনৰ খৰচ প্ৰায় ৩ কোটি টকা। এই মূল্য হংকঙৰ ওপৰত ভিত্তি কৰি দিয়া হৈছিল। অৰ্থাৎ আন দেশত এই বেজীৰ দাম আৰু অধিক বৃদ্ধি পাব।
জানিব পৰা মতে, বেজী দিয়াৰ পাছত ৰোগীক ৭ দিন আই চি ইউত ৰাখিব লাহে। আনহাতে পাৰ্শ্বক্ৰিয়াৰ চিকিৎসা পৃথকে পৃথকে কৰা হয়। উল্লেখ কৰা প্ৰয়োজন যে এই বেজী কেৱল যকৃত বা হাওঁফাওঁৰ লগত জড়িত কৰ্কট ৰোগত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে।
ভাৰত
এই থেৰাপী ভাৰতত ২০২৩ চনত আই আই টি বম্বেৰ পৰা আৰম্ভ কৰা হৈছিল। ভাৰতত ৰোগীক নেক্সকাৰ-১৯ৰ জৰিয়তে CAR-T থেৰাপীৰ দ্বাৰা চিকিৎসা কৰা হৈছে। ই এক মেড ইন ইণ্ডিয়া থেৰাপী। কেন্দ্রীয় চৰকাৰে মেড ইন ইণ্ডিয়াৰ জৰিয়তে কম খৰচত ৰোগীক ভেকচিন প্রদানৰ চেষ্টা চলাইছে৷ নেচাৰ আলোচনীৰ মতে, ভাৰতে যি থেৰাপীৰে কাম কৰি আছে সেই থেৰাপি তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
উল্লেখ্য যে, কৰ্কট ৰোগৰ ভেকচিন সন্দৰ্ভত বিভিন্নজনে বিভিন্ন দাবী কৰি আহিছে। কিছুদিন পূৰ্বে ৰাছিয়াই কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰাৰ দাবী কৰিছিল। কিন্তু বছৰ বছৰ ধৰি বিজ্ঞানীসকলৰ পৰীক্ষাৰ পাছতো কৰ্কট ৰোগ সন্দৰ্ভত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে কৰ্কট ৰোগ বহু প্ৰকাৰৰ আছে। ইয়াৰে কিছুমান নিৰাময় হয় যদি কিছু প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসা সময়মতে নকৰিলে ৰোগীৰ জীৱনৰ বাবে অধিক সমস্যা আহি পৰে।
অন্য খবৰ পঢ়কঃ World Cancer Day 2025: কিয় পালন কৰা হয় ‘বিশ্ব কৰ্কট দিৱস’? জানক ইয়াৰ ইতিহাস, মহত্ব সকলো…