প্ৰথমে প্ৰশংসা আৰু তাৰ পিছত ধমক ! ট্ৰাম্প-জেলেনস্কিৰ ‘শান্তি’ৰ বৈঠক কেনেকৈ বাক যুদ্ধলৈ পৰিণত হ’ল ?
বৈঠকৰ পূৰ্বে ইউক্ৰেইনক সমৰ্থনৰ বাবে খনিজ চুক্তিৰ চৰ্ত দিছিল আমেৰিকাই । ইয়াৰ বিপৰীতে এই বৈঠকত খনিজ চুক্তিৰ বিনিময়ত নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছিল ইউক্ৰেইনে। এই সন্দৰ্ভত ট্ৰাম্পে কয় যে, "আমি আমাৰ সুবিধা অনুসৰি খনিজ পদাৰ্থ ব্যৱহাৰ কৰিম।"

ট্ৰাম্প আৰু জেলেনস্কি
শুকুৰবাৰে হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকৰ মাজতে দুয়োগৰাকীৰ নেতাৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । অৱশ্যে ইয়াৰ পূৰ্বে ট্ৰাম্পে জেলেনস্কিৰ ড্ৰেছিং চেন্সক প্ৰশংসা কৰিছিল। তেওঁ কয় যে, আজি তুমি ধুনীয়াকৈ সাজ-পোছাক পিন্ধিছা।। উল্লেখ্য যে, এই বৈঠকৰ পূৰ্বে ইউক্ৰেইনক সমৰ্থনৰ বাবে খনিজ চুক্তিৰ চৰ্ত দিছিল আমেৰিকাই । ইয়াৰ বিপৰীতে এই বৈঠকত খনিজ চুক্তিৰ বিনিময়ত নিৰাপত্তাৰ নিশ্চয়তা বিচাৰিছিল ইউক্ৰেইনে।
এই সন্দৰ্ভত ট্ৰাম্পে কয় যে, “আমি আমাৰ সুবিধা অনুসৰি খনিজ পদাৰ্থ ব্যৱহাৰ কৰিম।” ইয়াৰ বিপৰীতে যেতিয়া জেলেনস্কিয়ে ৰাছিয়াক প্ৰশ্ন কৰে সেই সময়ত ট্ৰাম্পে মৌনতা অৱলম্বন কৰিছিল। সেই সময়ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ বিষয়ে ট্ৰাম্পক সকীয়াই দিছিল। তীব্ৰ বিতৰ্কৰ অন্তত ট্ৰাম্পে জেলেনস্কিক শান্তিৰ বাবে সাজু হ’লে পুনৰ ঘূৰি আহিবলৈ আহ্বান জনায় । দুয়োজন নেতাৰ মাজত কেনেকৈ তীব্ৰ তৰ্ক-বিতৰ্কৰ আৰম্ভ হ’ল জানক।
দৰাচলতে খনিজ চুক্তিৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আলোচনা কৰি আছিল। এই সময়ছোৱাত ইউক্ৰেইনত যুদ্ধবিৰতিৰ আলোচনা চলি আছিল, য’ত ট্ৰাম্পে যুদ্ধ শীঘ্ৰে বন্ধ কৰাৰ ওপৰত জোৰ দিছিল। সেই সময়ত জেলেনস্কিয়ে কয় যে, পুটিনে প্ৰায়ে নিজৰ কথাৰ ওপৰত পিছুৱাই যায়।
যেতিয়া দুয়োগৰাকীৰ নেতাৰ মাজত তৰ্ক যুদ্ধ বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়াই আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে, আপুনি ভাবিছেনে যে, আমেৰিকাৰ অভেল অফিচলৈ আহি আপোনাৰ দেশৰ ধ্বংস ৰোধ কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰা প্ৰশাসনক আক্ৰমণ কৰাটো সন্মানজনক। ভেন্সৰ প্ৰশ্নত জেলেনস্কিয়ে কৈছিল যে, যুদ্ধৰ সময়ত সকলোৰে সমস্যা থাকে, আনকি আপোনাৰো থাকিব, কিন্তু আপুনি এতিয়া অনুভৱ কৰা নাই যদিও ভৱিষ্যতে অনুভৱ কৰিব। জেলেনস্কিৰ এই বক্তব্যত খং উঠিল ৰাষ্ট্ৰপতি ট্ৰাম্পৰ।
ৰাষ্ট্ৰপতি ট্ৰাম্পে জেলেনস্কিৰ এই মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, “আমি কি অনুভৱ কৰিম সেই কথা কোৱাৰ প্ৰয়োজন নাই। এই সিদ্ধান্ত ল’ব পৰা অৱস্থাত আপুনি নাই। আমি এটা ডাঙৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰিছো।” লগতে ট্ৰাম্পে কয় যে, “আপোনাৰ অৱস্থা বৰ্তমান বৰ ভাল নহয় আৰু আপোনাৰ দেশৰ অৱস্থা ঠিক নহয় । কিন্তু আপুনি কি খেল খেলিছে সেই কথাও গম নাপায়। ট্ৰাম্পে কয় যে, লাখ লাখ মানুহৰ জীৱনৰ সৈতে জুৱা খেলিব নালাগে। ইয়াৰ বাবেই তৃতীয় বিশ্বযুদ্ধৰ বিপদৰ আশংকা বৃদ্ধি পাবলৈ ধৰিছে ।
ট্ৰাম্পে জেলেনস্কিক কয় যে, আপুনি যি কৰি আছে সেয়া আমেৰিকাৰ বাবে অপমানজনক । ড’নাল্ড ট্ৰাম্পে আৰু কয় যে, আপুনি ডাঙৰ সমস্যাত পৰিছে। কিন্তু আমাৰ ওচৰত আপোনাৰ বাবে সেই সমস্যাৰ পৰা নিৰাপদে ওলাই অহাৰ ভাল উপায় আছে।
আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ট্ৰাম্পক কয় যে, “আমি যুদ্ধৰ আৰম্ভণিৰে পৰাই দৃঢ়তাৰে থিয় দিছো। ” এই বিষয়ে ট্ৰাম্পে কৈছিল যে, “আমি আপোনাক ৩৫০ বিলিয়ন ডলাৰ আৰু সামৰিক আহিলা-পাতি দিলোঁ। কিন্তু আপোনালোকৰৰ হাতত আমাৰ সামৰিক আহিলা-পাতি নথকাহেঁতেন আমাৰ সেনাবাহিনী ব্যৱহাৰ কৰিবলগীয়া হ’লহেঁতেন আৰু এই যুদ্ধ দুসপ্তাহৰ ভিতৰতে শেষ হ’লহেঁতেন।”
এই বিষয়ে জেলেনস্কিয়ে কয় যে, “মই তিনিদিনৰ ভিতৰতে পুটিনৰ পৰা শুনিছো। দুসপ্তাহ কেনেকৈ হ’ল? ইয়াৰ পিছতে ট্ৰাম্পে কথা-বতৰাৰ অন্ত পেলাই কয় যে, এইদৰে আলোচনা কৰাটো অতি কঠিন হ’ব। উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে, আপুনি আমেৰিকাৰ সংবাদ মাধ্যমৰ সন্মুখত যুঁজিবলৈ চেষ্টা কৰিব নালাগে । কিয়নো আপুনি নিজে কিছুমান ভুল কৰিছে । এই উত্তপ্ত বিতৰ্কৰ অন্তত কথা-বতৰাৰ অন্ত পৰে আৰু জেলেনস্কিয়ে হোৱাইট হাউছ ত্যাগ কৰে ।