5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশত কিমান হিন্দু আছে? বৰ্বৰ আক্ৰমণৰ পাছত প্ৰব্ৰজন ঘটিব নেকি ভাৰতলৈ?

বাংলাদেশৰ ২৭ খন জিলাৰ হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। দিনাজপুৰ চহৰৰ লগতে অন্যান্য উপজিলাত কমেও ১০টা হিন্দু ঘৰত আক্ৰমণ কৰিছে। মহানগৰীৰ ৰেলবজাৰহাটৰ এটা মন্দিৰো ভাঙি লণ্ডভণ্ড কৰাৰ চেষ্টা চলাইছে।

বাংলাদেশত কিমান হিন্দু আছে? বৰ্বৰ আক্ৰমণৰ পাছত প্ৰব্ৰজন ঘটিব নেকি ভাৰতলৈ?
বাংলাদেশ হিন্দু
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 06 Aug 2024 13:57 PM

বাংলাদেশ চৰকাৰৰ অভ্যুত্থানৰ পাছতেই দেশখনৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। প্ৰতিবাদীসকলে প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰৱেশ কৰি সকলো ভাঙি লণ্ড ভণ্ড কৰে। বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মুজিবৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ লগতে দলৰ কাৰ্যালয়তো অগ্নিসংযোগ কৰে। খবৰ অনুসৰি বাংলাদেশৰ প্ৰতিবাদকাৰীসকলে এতিয়া লক্ষ্য কৰে লৈছে সংখ্যালঘূসকলক। পশ্চিম বংগৰ নেতা শুভেন্দু অধিকাৰীয়ে বাংলাদেশৰ হিন্দুসকল ভাৰতলৈ পলায়ন কৰিব বুলি আশংকা ব্যক্ত কৰিছে। এতিয়া প্ৰশ্ন হয় বাংলাদেশত কিমান হিন্দু আছে? শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছত হিন্দুৰ ওপৰত পৰিব নেকি প্ৰভাৱ?

কিমান হিন্দু আছে বাংলাদেশত

বাংলাদেশৰ মুঠ জনসংখ্যাৰ হিন্দু প্ৰায় ৮ শতাংশ। বাংলাদেশত থকা সংখ্যালঘু সম্প্ৰদায়ৰ ভিতৰত ই সৰ্বাধিক। পাকিস্তানৰ তুলনাত এইখন মুছলমান প্ৰধান দেশত আৰম্ভণিৰে পৰাই হিন্দুৰ আধিপত্য আছে। ইয়াৰ মূল কাৰণ ৩টা-

  • বাংলাদেশত ৰাজনৈতিকভাৱে হিন্দুসকল অতি প্ৰভাৱশালী। ২০২৪ চনত বাংলাদেশত ১২ জন হিন্দু সাংসদ নিৰ্বাচিত হৈছিল। ২০১৯ চনত এই সংখ্যা আছিল প্ৰায় ১৯। শ্বেখ হাছিনাৰ চৰকাৰত হিন্দুসকলৰ পৰা ৪ জনক মন্ত্ৰিত্ব দিয়া হৈছিল। বাংলাদেশৰ মুক্তি যুঁজৰ পৰাই হিন্দুৰ কিছু প্ৰভাৱ আছে। বাংলাদেশৰ ৩ খন জিলাত হিন্দুৰ জনসংখ্যা ২০ শতাংশতকৈও অধিক। এই জিলাসমূহ হ’ল- গোপালগঞ্জ, মৌলবিবজাৰ আৰু ঠাকুৰগাঁও। এই ৩ খন জিলাত লোকসভাৰ ১০খন আসন আছে।
  • বাংলাদেশত হিন্দুসকলৰ মাজৰ ব্ৰাহ্মণ আৰু কায়স্থ জাতিৰ জনসংখ্যা প্ৰায় ২ কোটি। প্ৰশাসন আৰু ন্যায়পালিকাৰ এই দুয়ো জাতিৰ প্ৰভাৱ আছে ।  আৰক্ষীৰ উচ্চ পদত থকাৰ লগতে বাংলাদেশৰ উচ্চ ন্যায়ালয়ত কাম কৰি আছে হিন্দু সম্প্ৰদায়ৰ ৮ জন ন্যায়াধীশ।
  • বাংলাদেশত ব্যৱসায়ৰ ক্ষেত্ৰতো হিন্দুসকলৰ প্ৰভাৱ আছে। ইয়াত বস্ত্ৰ আৰু পৰিবহণ ব্যৱসায়ত হিন্দুসকলে আধিপত্য বিস্তাৰ কৰিছে। বাংলাদেশৰ সৰ্ববৃহৎ বাছ সেৱা ‘চামেলী’ৰ মালিক হিন্দু।

হিন্দুসকল আহিব নেকি ভাৰতলৈ?

শ্বেখ হাছিনাৰ চৰকাৰৰ পতন হোৱাৰ পাছতেই আশংকা কৰা হৈছে যে বাংলাদেশৰ যথেষ্ঠ সংখ্যক হিন্দুৰ অনুপ্ৰৱেশ ভাৰতলৈ হ’ব।  এইসকলোবোৰৰ মাজতে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে । হিন্দুৰ মন্দিৰ, ঘৰ- দুৱাৰ আদি জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, বাংলাদেশৰ পৰা বিভিন্ন সময়ত হিন্দুলোকে পলায়ন কৰি থাকে। তথ্য অনুসৰি বিগত ৪ দশকত প্ৰতি বছৰে ২.৩ লাখতকৈ অধিক লোক বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰিছে। এই ৪ দশকত শ্বেখ হাছিনাৰ চৰকাৰ ২ দশকৰো অধিক সময় ক্ষমতাত আছিল। ১৯৭১ চনত চনত বাংলাদেশৰ পৰা বৃহৎ পৰিমাণৰ হিন্দুৰ প্ৰব্ৰজন ঘটিছিল। অৱশ্যে হাছিনা চৰকাৰ পতন হোৱাৰ পাছত হিন্দুলোকৰ পলায়ন নুই কৰিব নোৱাৰি।

হিন্দুৰ ওপৰত আক্ৰমণ বৃদ্ধি

বাংলাদেশ চৰকাৰৰ অভ্যুত্থানৰ পাছতে দেশখনত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে।  বাংলাদেশৰ ২৭ খন জিলাৰ হিন্দুৰ ওপৰত আক্ৰমণ চলোৱা হৈছে। দিনাজপুৰ চহৰৰ লগতে অন্যান্য উপজিলাত কমেও ১০টা হিন্দু ঘৰত আক্ৰমণ কৰিছে। মহানগৰীৰ ৰেলবজাৰহাটৰ এটা মন্দিৰো ভাঙি লণ্ডভণ্ড কৰাৰ চেষ্টা চলাইছিল যদিও স্থানীয় ৰাইজে বাধা দিয়ে। ইয়াৰোপৰি হিন্দু লোকৰ ব্যৱসায়িক স্থান, গুদাম আদি সকলো ক্ষেত্ৰতে আক্ৰমণ কৰিছে প্ৰতিবাদকাৰীয়ে। এতিয়া বাংলাদেশৰ হিন্দু চৰম সংকটৰ সন্মুখীন হৈছে।

Latest News