হাতীৰ গোবৰৰ দ্বাৰা প্ৰস্তুত লাড়ু খাবলৈ ৰেষ্টুৰেন্টত ভিৰ, দাম শুনিলে আচৰিত হ’ব আপুনি…
আপুনি হয়তো বহু ধৰণৰ খাদ্যৰ কথা শুনিছে। কিন্তু কেতিয়াবা হাতীৰ গোবৰৰে খাদ্য প্ৰস্তুত কৰাৰ কথা শুনিছেনে? আচৰিত লাগিলেও এয়াই সত্য। শেহতীয়াকৈ এনে এখন ৰেষ্টুৰেন্টৰ কথা পোহৰলৈ আহিছে য'ত হাতীৰ গোবৰৰে প্ৰস্তুত কৰা লাড়ু বিক্ৰী কৰা হয়।

চীনৰ ৰেষ্টুৰেন্ট
আজৱ খাদ্যভাসৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ চীন প্ৰায়ে চৰ্চাত থাকে। কোৱা হয়,এনে বস্তু পৃথিৱীত নাই যি চীনৰ মানুহে নাখায়। শেহতীয়াকৈ পুনৰ এক ঘটনা পোহৰলৈ আহিছে চীনৰ চাংহাই চহৰৰ পৰা। জানিব পৰা মতে,এই চহৰৰ এখন ৰেষ্টুৰেন্টত হাতীৰ গোবৰৰ পৰা তৈয়াৰী লাড়ু বিক্ৰী হয়। চীন আৰু ফ্ৰান্সৰ লোক যৌথভাৱে পৰিচালনা কৰা এই ৰেষ্টুৰেন্টখনৰ নাম ‘ৰেইনফৰেন্ট’। এই ৰেষ্টুৰেন্টখনত হাতীৰ গোবৰৰ পৰা তৈয়াৰ কৰা লাড়ুই এতিয়া চীনত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। একাংশই কৈছে, এয়া খাদ্য আইন বিৰোধী।
চীনৰ সংবাদ মাধ্যম অনুসৰি, বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ পাছতো এই ৰেষ্টুৰেন্টখনত যথেষ্ঠ ভিৰ পৰিলক্ষিত হৈছে। আনকি হাতীৰ গোবৰৰে তৈয়াৰ কৰা লাড়ু খাবলৈ ৰেষ্টুৰেন্টখনত দীঘল শাৰী দেখা গৈছে।
চাউথ চাইনাৰ মৰ্ণিং পোষ্টৰ মতে, এই ৰেষ্টুৰেন্টখন আৰম্ভণিতে চীনৰ ব্লাং সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে আৰম্ভ কৰিছিল। এই ৰেষ্টুৰেন্টখনত ফ্ৰান্সৰ এজন লোকে খাদ্য প্ৰস্তুত কৰিছিল। ৰেষ্টুৰেণ্টখনত হাতীৰ গোবৰেৰে তৈয়াৰী লাডুৰ লগতে আন ১৪ বিধ ব্যঞ্জন পৰিবেশন কৰা হয়।
প্ৰতিবদেন অনুসৰি এখন থালীৰ দাম প্ৰায় ৫০,০০০ টকা। এই ৰেষ্টুৰেন্টখনত বহু লোকে পৰিয়ালৰ সৈতে খাদ্য খাবলৈ যায়। বিশেষকৈ ধনী লোকসকলে এই ৰেষ্টুৰেন্টখনত খাদ্য খায়।
কেনেকৈ প্ৰস্তুত কৰা হয়
প্ৰতিবেদন অনুসৰি, হাতীৰ গোবৰৰে প্ৰস্তুত কৰা লাড়ু বনাবলৈ প্ৰথমে ৰেষ্টুৰেন্ট কৰ্তৃপক্ষই হাতীৰ গোবৰ সংগ্ৰহ কৰে। ইয়াৰ পাছত বিভিন্ন পদ্ধতিৰে তাত থকা বীজাণুবোৰ নষ্ট কৰি পেলোৱা হয়। হাতীৰ গোবৰৰ উপৰি এই লাড়ুত বনৌষধিৰ সুগন্ধি, ফলৰ জাম, পৰেগ আৰু মৌ ব্যৱহাৰ কৰা হয়।
এই লাড়ু খৰখৰীয়া কৰা হয়, যাৰ বাবে খাবলৈ সুস্বাদু হয়। কোৱা হয়, এই ৰেষ্টুৰেন্টখনৰ এটা ব্লগ ভাইৰেল হোৱাৰ পাছত ৰেষ্টুৰেন্টখনত ভিৰ বৃদ্ধি পাইছে। উল্লেখ কৰা প্ৰয়োজন যে, এতিয়ালৈকে কেৱল কাগজৰ টুকুৰা প্ৰস্তুতৰ বাবেহে হাতীৰ গোবৰ ব্যৱহাৰ হৈছিল। কিন্তু এতিয়া ইয়াক খাদ্যতো ব্যৱহাৰ কৰা হয়।