শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মানৱ কণী উৎপন্ন কৰা ফাৰ্মৰ পৰা পলায়ন ৩ মহিলাৰ! ভুক্তভোগীয়ে ক’লে ভয়ংকৰ সত্য…

বিশ্বত বিভিন্ন ধৰণৰ ক'লা ব্যৱসায় চলে। কিন্তু কেতিয়াবা আপুনি মানৱ কণীৰ সৰবৰাহৰ কথা শুনিছেনে? অবিশ্বাস্য হ'লেও এয়াই সঁচা। শিশু জন্মৰ বাবে শ শ মহিলাক ৰখা হয় মানৱ কণীৰ ফাৰ্মত।

মানৱ কণী উৎপন্ন কৰা ফাৰ্মৰ পৰা পলায়ন ৩ মহিলাৰ! ভুক্তভোগীয়ে ক’লে ভয়ংকৰ সত্য…
মানৱ কণীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 11 Feb 2025 20:02 PM

বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন সময়ত বহু ক’লা বেহাৰ কথা পোহৰলৈ আহে। কিন্তু কেতিয়াবা আপুনি মানৱ কণী সৰবৰাহৰ কথা শুনিছেনে? অবিশ্বাস্য হ’লেও এয়াই সঁচা। শেহতীয়াকৈ পোহৰলৈ আহিছে যে, কৃত্ৰিমভাৱে শিশু জন্মৰ উদ্দেশ্যে একাংশ মহিলাক দাসৰ দৰে ব্যৱহাৰ কৰি এখন ফাৰ্মত আৱদ্ধ কৰি ৰখা হয়। তিনিগৰাকী মহিলাই কৰা এক ডাঙৰ অভিযোগৰ পাছতেই চকু কঁপাল উঠিছে বিভিন্নজনৰ। অভিযোগ অনুসৰি তেওঁলোকে মানৱ কণীৰ পামৰ পৰা পলায়ন কৰিছে।

বেংকক পোষ্টৰ মতে, এই তিনিগৰাকী মহিলাক নিঃসন্তান দম্পতীৰ চেৰ’গেট হোৱাৰ প্ৰলোভন দি মানৱ কণী উৎপন্ন কৰা এক ব্যৱসায়ৰ মাজলৈ টানি নিছিল। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকে পূৰ্বৰ ছোভিয়েট গণৰাজ্য জৰ্জিয়াত চীনা গেংষ্টাৰে পৰিচালনা কৰা এক ক’লা বেহাৰ বলি হোৱা বুলি অভিযোগ উঠিছে।

মহিলা কেইগৰাকীয়ে কি কয়

বন্দিত্বৰ পৰা ওলাই অহা ৩ গৰাকী মহিলাই কয় যে, তেওঁলোক আমাক এটা ঘৰলৈ লৈ গৈছিল। তাত আগৰ পৰা ৬০-৭০ গৰাকী থাই মহিলা আছিল। তাত থকা মহিলাসকলে আমাক কৈছিল যে, ইয়াত কোনো চাৰ’গেচিৰ ব্যৱস্থা নাই। তেওঁলোকে কৈছিল, বন্দী মহিলাসকলক চিকিৎসাৰ বাবে বেজী দি অজ্ঞান কৰা হয় আৰু পাছত তেওঁলোকৰ কণী মেচিনেৰে উলিওৱা হয়। পলায়ন কৰা মহিলা কেইগৰাকীয়ে কয় যে, আমি এই তথ্য লাভ কৰাৰ পাছত গম পাইছিল যে আমি যি বিজ্ঞাপন দেখিছিলো তাৰ সৈতে এইবোৰ কথা একে নহয়। আমি আন মহিলাসকলৰ কথা শুনি ভয় খাইছিলো আৰু ঘৰলৈ উভতি অহা মানুহৰ সৈতে যোগাযোগ কৰিছিলো।

মহিলাসকলে কেনেকৈ লাভ কৰে স্বাধীনতা

বেংকক পোষ্টৰ মতে, পাভেনা ফাউণ্ডেশ্যন ফৰ চিলড্ৰেন এণ্ড উইমেনৰ প্ৰতিষ্ঠাপক পাভেনা হংছাকুলাৰ প্ৰচেষ্টাত এই কেইগৰাকী মহিলাই পলায়ন কৰাৰ প্ৰেৰণা লাভ কৰিছিল। বৈদেশিক পৰিক্ৰমা আৰক্ষীয়ে ইণ্টাৰপ’লৰ সৈতে সহযোগ কৰি ৩০ জানুৱাৰীত মহিলা তিনিগৰাকীক মুকলি কৰি দিয়ে।

এই সন্দৰ্ভত হংছাকুলাই কয় যে, তেওঁ তিনিগৰাকী মহিলা সন্দৰ্ভত আন এগৰাকী ভুক্তভোগীৰ পৰা জানিব পাৰিছিল। ফাউণ্ডেশ্যনৰ ৰেকৰ্ড অনুসৰি, ২০২৪ চনত ২৫৭ জন থাইলোক মানৱ সৰবৰাহৰ বলি হৈছিল। ইয়াৰে ৫৩ জন থাইলেণ্ডত উদ্ধাৰ হৈছিল আৰু ২০৪ জন উদ্ধাৰ হৈছিল অন্য দেশত। ইয়াৰে ১৫২ জনলোকক উদ্ধাৰৰ ক্ষেত্ৰত সহায় কৰিছিল এই ফাউণ্ডেশ্যনে।

ফাউণ্ডেশ্যনৰ ফেচবুক পেজত ইয়াৰ পাছতে লাভইট্ৰিম অনুষ্ঠিত কৰা হয়। এই ফাউণ্ডেশ্যনে আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰ সহযোগত চীনৰ চোৰাং ব্যৱসায়ীৰ পৰা থাই মহিলাক উদ্ধাৰ কৰিছিল। জানিব পৰা মতে, এই চোৰাং ব্যৱসায়ীসকলে কৃত্ৰিম প্ৰজননৰ বাবে মানৱ কণী অন্য দেশত বিক্ৰী কৰে। পৰৱৰ্তী সময়ত ইয়াৰ দ্বাৰা শিশুৰ জন্ম দিয়া হয়, যাৰ বাবে ইয়াক মানৱ সৰবৰাহ বুলিও গন্য কৰা হয়। এতিয়াও শ শ মহিলা এই সৰবৰাহৰ বলি হৈ আছে। এই অনুষ্ঠানতে ভুক্তভোগী মহিলাসকলে নিজৰ কাহিনী শ্বেয়াৰ কৰিছিল।