আমেৰিকাত প্ৰকৃতিৰ তাণ্ডৱঃ হেলেনৰ প্ৰভাৱত এইপৰ্যন্ত ৩০ জনৰ মৃত্যু | Hurricane Helene in America 30 people died power cut in 9 lakh homes Assam news - Assam Tv9

আমেৰিকাত প্ৰকৃতিৰ তাণ্ডৱঃ হেলেনৰ প্ৰভাৱত এইপৰ্যন্ত ৩০ জনৰ মৃত্যু

Published: 

28 Sep 2024 07:54 AM

বিগত দুদিন ধৰি ‘হেলেন’ ধুমুহাৰ ভয়াৱহ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে আমেৰিকাৰ কেইখনমান প্ৰদেশ। ইয়াৰ ভিতৰত ফ্ল’ৰিডা, জৰ্জিয়া, নৰ্থ কেৰ’লিনা আৰু দক্ষিণ কেৰ’লিনা আদি প্ৰদেশত দেখিবলৈ পোৱা গৈছে হেলেনৰ অধিক ভয়াৱহতা। হেলেনৰ ফলত এই প্ৰদেশসমূহত নিহত লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে।

আমেৰিকাত প্ৰকৃতিৰ তাণ্ডৱঃ হেলেনৰ প্ৰভাৱত এইপৰ্যন্ত ৩০ জনৰ মৃত্যু

হেলেনৰ ফলত সৃষ্টি হৈছে বান পৰিস্থিতিৰ

Follow Us On

প্ৰকৃতিৰ ৰোষত পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বিগত দুদিন ধৰি ‘হেলেন’ ধুমুহাৰ ভয়াৱহ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে আমেৰিকাৰ কেইখনমান প্ৰদেশ। ইয়াৰ ভিতৰত ফ্ল’ৰিডা, জৰ্জিয়া, নৰ্থ কেৰ’লিনা আৰু দক্ষিণ কেৰ’লিনা আদি প্ৰদেশত দেখিবলৈ পোৱা গৈছে হেলেনৰ অধিক ভয়াৱহতা। এই ৰাজ্যসমূহত হেলেন ধুমুহাৰ প্ৰভাৱ অধিক আগ্ৰাসী ৰূপত দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত এই চাৰিখন প্ৰদেশত হেলেনৰ ফলত নিহত লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে ‘হেলেন’ হাৰিকেনে ফ্ল’ৰিডা আৰু জৰ্জিয়াকে ধৰি সমগ্ৰ দক্ষিণ-পূব আমেৰিকাত অধিক বিধ্বংসী ৰূপ ধাৰণ কৰে।

নেশ্যনেল হাৰিকেন চেণ্টাৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ১১:১০ বজাত ফ্ল’ৰিডাৰ বিগ বেণ্ড গ্ৰাম্য অঞ্চলত হাৰিকেন হেলেনে স্থলভাগত প্ৰৱেশ কৰে। সেই সময়ত ইয়াৰ সৰ্বোচ্চ গতি আছিল প্ৰতি ঘণ্টাত ২২৫ কিলোমিটাৰ পৰ্যন্ত। একে সময়তে শুকুৰবাৰে পুৱা জৰ্জিয়াত ধুমুহা হেলেনে প্ৰভাৱ পেলায়। জৰ্জিয়াত প্ৰৱেশ কৰাৰ সময়ত এই ধুমুহা বতাহৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত ১৭৭ কিলোমিটাৰ।

হেলেন হাৰিকেনৰ ফলত জৰ্জিয়াত সৃষ্টি হৈছে বান পৰিস্থিতিৰ। প্ৰদেশখনৰ বহু পথ এতিয়া পানীত ডুব গৈছে। ইতিমধ্যে জৰ্জিয়াত এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত দুজন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰদেশখনত অব্যাহত থকা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিহত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। বতৰ বিজ্ঞানীসকলে জনোৱা মতে, ধুমুহাৰ বাবে দক্ষিণ-পূব আমেৰিকাৰ বেছিভাগ ঠাইতে প্ৰচণ্ড বতাহ আৰু বৰষুণৰ সম্ভাৱনা আছে।

একে সময়তে বতৰ বিজ্ঞান বিভাগে প্ৰচণ্ড বতাহ আৰু আকস্মিক বানপানীৰ সতৰ্কবাণীও জাৰি কৰিছে। বিপৰ্যয়ৰ সৃষ্টি কৰা এই মাৰাত্মক ধুমুহা হেলেনে ক্ৰমাৎ উত্তৰ দিশলৈ গতি কৰিছে বুলিও বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে। ধুমুহা অহাৰ পূৰ্বেও প্ৰচণ্ড বতাহৰ বাবে ফ্ল’ৰিডাৰ প্ৰায় ৯ লাখ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে।

ইয়াৰ উপৰিও বতৰ বিজ্ঞান বিভাগে আটলান্টা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহকে ধৰি মধ্য জৰ্জিয়াৰ বাবে ফ্লেছ ফ্লাড সতৰ্কবাণী জাৰি কৰিছে। বিভাগে এক বিবৃতি যোগে অঞ্চলটোত ২৪৬খন বিদ্যালয় আৰু ২৩খন চিকিৎসালয় আছে বুলি উল্লেখ কৰি ১০ লাখতকৈ অধিক বাসিন্দা বিপদত পৰাৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী দিছে।

এনে বিপৰ্যয়ৰ পাছতে ফ্ল’ৰিডা, জৰ্জিয়া, আলাবামা, কেৰ’লিনাছ আৰু ভাৰ্জিনিয়াৰ গৱৰ্ণৰসকলে এই প্ৰদেশসমূহত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। জৰ্জিয়াৰ গৱৰ্ণৰে ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ অতিৰিক্ত সৈন্য আৰু সাহায্য কৰ্মী মোতায়েন কৰিছে। ইফালে এই ভয়াৱহ হেলেন ধুমুহা দক্ষিণ কেৰ’লিনাতো প্ৰৱেশ কৰিব পাৰে বুলি ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী দিছে।

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version