শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ সৈতে সামৰিক বন্ধুত্ব ! সাগৰীয় পথৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আমদানি বাংলাদেশৰ

সাগৰীয় পথৰ জৰিয়তে বাংলাদেশত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ মজুত ৰখাৰ আঁৰৰ কাহিনী কি ? বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ মুক্তিযুদ্ধ পৰিক্ৰমা মন্ত্ৰী মোজামিল হকে এক ডাঙৰ দাবী উত্থাপন কৰিছে । তেওঁ দাবী কৰিছে যে, বৰ্তমানৰ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশে সাগৰীয় পথেৰে অস্ত্ৰ-শস্ত্ৰ আমদানি কৰি আছে।

পাকিস্তানৰ সৈতে সামৰিক বন্ধুত্ব ! সাগৰীয় পথৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আমদানি বাংলাদেশৰ
সাগৰীয় পথৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আমদানি বাংলাদেশৰImage Credit source: PTI
manas-borah
Manas Borah | Published: 28 Jan 2025 20:34 PM

পাকিস্তানৰ সৈতে সামৰিক বন্ধুত্ব গঢ়ি তুলিছে নেকি বাংলাদেশে ? সাগৰীয় পথৰ জৰিয়তে বাংলাদেশত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ মজুত ৰখাৰ আঁৰৰ কাৰণ কি ? বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশক পাকিস্তানৰ দৰে ব্যৰ্থতাৰ দিশলৈ লৈ গৈছে নেকি ? এই প্ৰশ্নসমূহ এতিয়া উত্থাপন হ’বলৈ আৰম্ভ কৰিছে আন্তৰ্জাতিক মহলত । বিশেষকৈ পূৰ্বৰ হাছিনাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে উত্থাপন কৰা কিছুমান অভিযোগে অতি প্ৰাসংগিক কৰি তুলিছে এই প্ৰশ্নসমূহক ।

শেহতীয়াকৈ বাংলাদেশৰ পূৰ্বৰ হাছিনা চৰকাৰৰ মুক্তিযুদ্ধ পৰিক্ৰমা মন্ত্ৰী মোজামিল হকে এক ডাঙৰ দাবী উত্থাপন কৰিছে । তেওঁ দাবী কৰিছে যে, বৰ্তমানৰ মঃ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সাগৰীয় পথেৰে অস্ত্ৰ-শস্ত্ৰ আমদানি কৰি আছে । ইণ্ডিয়ান এক্সপ্ৰেছত দিয়া এক সাক্ষাৎকাৰত এই অভিযোগ উত্থাপন কৰে হকে । তেওঁ উল্লেখ কৰে যে, “আগষ্টৰ গণ বিদ্ৰোহত বাংলাদেশৰ স্থানীয় থানাৰ পৰা বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰা হৈছিল । যিবোৰ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই অন্তৱৰ্তীকালীন চৰকাৰে ।”

ইয়াৰ সমান্তৰালভাৱে তেওঁ দাবী কৰে যে, সাগৰীয় পথৰ জৰিয়তে বাংলাদেশত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ মজুত কৰি ৰখা হৈছে । লগতে তেওঁ ইংগিত দিয়ে যে, এই মজুতৰ বাবে ইন্ধন যোগাইছে পাকিস্তানে । তেওঁ আওপকীয়াকৈ এটা কথা স্পষ্ট কৰি কয় যে, বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰখনে বাংলাদেশক পাকিস্তানৰ দৰেই ব্যৰ্থ দেশৰ পৰ্যায়লৈ লৈ গৈছে ।

মন কৰিবলগীয়া যে, ৰাজনৈতিক পৰিৱর্তনৰ পাছত বাংলাদেশত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাক লৈ বিশ্বত এক উদ্বেগজনক পৰিৱেশৰ সৃষ্টি হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি বিশ্লেষকসকলৰ মতে, ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে পাকিস্তানৰ প্ৰতি দৃষ্টিভংগী সৰল কৰিছে । একে সময়তে পূৰ্বৰ হাছিনাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ কথাবোৰো আওকাণ কৰা উচিত নহয় বুলি দাবী বিশ্লেষকসকলৰ । ইয়াৰ কাৰণ হৈছে পাকিস্তানে দুবাৰকৈ বাংলাদেশৰ চিটাগং বন্দৰলৈ সামগ্ৰী ভৰ্তি মালবাহী জাহাজ প্ৰেৰণ কৰিছে ।

এই মালবাহী জাহাজ পাকিস্তানৰ কৰাচী বন্দৰৰ পৰা ইউ এ ই হৈ বাংলাদেশলৈ আহিছে । সামুদ্ৰিক সম্পৰ্ক গঢ়ি তোলাৰ উপৰিও পাকিস্তান-বাংলাদেশে সামৰিক বন্ধুত্বৰ ওপৰত যে গুৰুত্ব আৰোপ কৰিছে তাত কোনো সন্দেহ নাই ।

প্ৰকাশিত খবৰ অনুসৰি, কিছুদিন পূৰ্বে বাংলাদেশৰ সেনা বিষয়াৰ এটা প্ৰতিনিধি দল পাকিস্তানলৈ গৈ গোপন বৈঠকত মিলিত হৈছিল । ইয়াৰ পাছতে পাকিস্তানৰ সেনাৰ প্ৰধানৰ এটা প্ৰতিনিধি দল বাংলাদেশত উপস্থিত হৈ গোপন বৈঠকত মিলিত হয় । সেই দলটোক নেতৃত্ব দিছিল পাকিস্তান চোৰাংচোৱা সংস্থা আই এছ আইৰ মুৰব্বী আছিম মালিকে । এই সম্পৰ্ক কি পৰ্যায়লৈ গতি কৰে সেয়া অৱশ্যেই লক্ষণীয় হব পৰৱৰ্তী পৰ্যায়ত ।