ৰমজানৰ নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা Assam news - Assam Tv9

ৰমজান মাহত বিশ্ব এখন দেশত সৃষ্টি হয় ল’কডাউনৰ দৰে পৰিস্থিতি

ৰমজানত ল'কডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় মুছলমান দেশ মালয়েছিয়াত । মালয়েছিয়াত ৰমজান মাহত মৰেল পুলিচিং তীব্ৰতৰ হৈ পৰে । যদি কোনো লোকে ৰমজানৰ কোনো নিয়ম উলংঘা কৰি ধৰা পৰে তেন্তে তেওঁক শাস্তি দিয়া হয়।

ৰমজান মাহত বিশ্ব এখন দেশত সৃষ্টি হয় লকডাউনৰ দৰে পৰিস্থিতি

ৰমজান মাহৰ খাদ্য

Updated On: 

12 Apr 2024 16:27 PM

ধৰ্মীয় নীতি-নিয়ম পালন কৰিবলৈ যাওঁতে ল’কডাউনৰ দৰে পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হয় এখন বিশেষ দেশৰ মুছলমান লোকসকলে । কেৱল ৰমজান মাহত হে এই ধৰণৰ পৰিস্থিতি সৃষ্টি হয় দেশখনত । স্বাভাৱিকতে এই কথা শুনিলে সাধাৰণ মানুহ চিন্তিত হৈ পৰিব ।

আমি ক’ব বিচাৰিছো মালয়েছিয়াৰ কথা । ৰমজানত ল’কডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় মুছলমান দেশ মালয়েছিয়াত । মালয়েছিয়াত ৰমজান মাহত মৰেল পুলিচিং তীব্ৰতৰ হৈ পৰে । যদি কোনো লোকে ৰমজানৰ কোনো নিয়ম উলংঘা কৰি ধৰা পৰে তেন্তে তেওঁক শাস্তি দিয়া হয়।

দিনৰ ভাগত যদি কোনো লোকে মদ-পানী খাই ধৰা পৰে তেন্তে তেওঁক ১০০০ মালয়েছিয়ান ৰিংগিট (প্ৰায় ১৬ লাখ টকা) পৰ্যন্ত জৰিমনা আৰু এবছৰ পৰ্যন্ত কাৰাদণ্ডৰ বিহা হয় । ইয়াৰ উপৰিও ৰমজান মাহত মুছলমানক খাদ্য বা পানীয় বা ধঁপাত বিক্ৰী কৰি ধৰা পৰা অমুছলমানকো জৰিমনা বিহিব পাৰে মালয়েছিয়াৰ প্ৰশাসনে।

ইছলামিক কেলেণ্ডাৰত ৰমজানক আটাইতকৈ পবিত্ৰ মাহ বুলি গণ্য কৰা হয়। এই সময়ত সকলো মুছলমানে ৰোজা ৰাখে, যাৰ বাবে দিনৰ ভাগত খোৱা-বোৱাৰ পৰা বিৰত থাকে আৰু সূৰ্যাস্তৰ পিছত ৰোজা ভংগ কৰে। মালয়েছিয়াৰ বহু ঠাইত দিনৰ ভাগত এই নিয়ম ভংগ কৰা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।

মালয়েছিয়াৰ ৩৪ নিযুত জনসংখ্যাৰ প্ৰায় ২০.৬ নিযুত মুছলমান যদিও দেশখনত বৌদ্ধ, খ্ৰীষ্টান আৰু হিন্দুৰ লগতে বৃহৎ চীনা আৰু ভাৰতীয় সংখ্যালঘু লোকেও বসবাস কৰে । মুছলমান বিবাহ, বিবাহ বিচ্ছেদ, ৰোজাকে ধৰি বহু সামাজিক বিষয়ত দেশখনত শ্বৰীয়ত আইন প্ৰযোজ্য।

মেলাকা ইছলামিক ধৰ্ম বিভাগৰ অধ্যক্ষ জেইমে কয় যে, এই বছৰত ১০টাতকৈও অধিক ৰমজানৰ নিয়ম ভংগ কৰা “হটস্পট” চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত ৰহমদ মেৰিমানে ঘোষণা কৰিছিল যে,বাৰ, ৰেষ্টুৰেণ্ট, মল আৰু পাৰ্কত অহৰহ নিৰীক্ষণ আৰু পৰিদৰ্শন কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

এই অভিযানসমূহৰ জৰিয়তে জেইমৰ বিষয়াসকলে খাদ্য খাই থকা অৱস্থাত ধৰা পৰা মুছলমানসকলক আটক কৰিব পাৰে । তদুপৰি তেওঁলোকক খাদ্য বিক্ৰী কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা কৰা হ’ব বুলি মেৰিমেনে এক বিবৃত্তিত উল্লেখ কৰিছে ।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?