শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কানাডাৰ নিৰ্বাচনত ভাৰতৰ ভূমিকা! বিস্ফোৰক অভিযোগৰ পিছতে ভাৰতে কৰিলে এই দাবী

ভাৰত আৰু কানাডাৰ সম্পৰ্কত পুনৰ সংঘাতে দেখা দিছে। ভাৰতৰ বিৰুদ্ধে এইবাৰ কানাডাই নতুন অভিযোগ উত্থাপন কৰিছে। কানাডাৰ ফ’ৰেইন ইণ্টাৰফেৰেঞ্চ কমিচনে শেহতীয়াকৈ প্ৰকাশ কৰিছে এক প্ৰতিবেদন। এই প্ৰতিবেদনত দাবী কৰা মতে দেশখনৰ নিৰ্বাচনত চীনৰ পিছতে অধিক সক্ৰিয় ভূমিকা লয় ভাৰতে। কানাডাৰ এই অভিযোগৰ বিপৰীতে ভাৰতে কৰিছে আন এক দাবী।

কানাডাৰ নিৰ্বাচনত ভাৰতৰ ভূমিকা! বিস্ফোৰক অভিযোগৰ পিছতে ভাৰতে কৰিলে এই দাবী
ভাৰত-কানাডাৰ সম্পৰ্কত আন এক সংঘাত
monjit-dutta
Monjit Dutta | Published: 30 Jan 2025 16:43 PM

বিগত কিছুদিনৰ পৰা অৱক্ষয় ঘটিছে ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক। প্ৰধানতঃ খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ হত্যাক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। এইবাৰ আন এক বিষয়ক কেন্দ্ৰ কৰি ভাৰত আৰু কানাডাৰ সম্পৰ্কত সংঘাতে দেখা দিছে। ভাৰতৰ বিৰুদ্ধে এইবাৰ কানাডাই নতুন অভিযোগ উত্থাপন কৰিছে। কানাডাৰ ফ’ৰেইন ইণ্টাৰফেৰেঞ্চ কমিচনে শেহতীয়াকৈ প্ৰকাশ কৰিছে এক প্ৰতিবেদন। এই প্ৰতিবেদনত দাবী কৰা মতে দেশখনৰ নিৰ্বাচনত চীনৰ পিছতে অধিক সক্ৰিয় ভূমিকা লয় ভাৰতে।

অৱশ্যে কানাডাৰ এই অভিযোগ লিখিতভাৱে খাৰিজ কৰিছে নতুন দিল্লীয়ে। ইয়াৰ পৰিৱৰ্তে কানাডাইহে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমাত হস্তক্ষেপ কৰিছে বুলি এক বিবৃতি যোগে দাবী কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। এই আনুষ্ঠানিক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাৰ অভিযোগৰ বিষয়ে উল্লেখ কৰি কয় যে, দেশখনৰ নিৰ্বাচনত ভাৰতীয় হস্তক্ষেপৰ অভিযোগ উত্থাপন কৰা এক প্ৰতিবেদন দেখা পোৱা গৈছে। কিন্তু কানাডাইহে প্ৰকৃততে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত অহৰহ হস্তক্ষেপ কৰিছে।

কানাডাই অবৈধ অনুপ্ৰৱেশ আৰু সংগঠিত অপৰাধৰ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ তুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে এনে কাৰ্য বন্ধ কৰাৰ দাবী তোলে আৰু কানাডাই ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰা কৰা অভিযোগ সজোৰে নাকচ কৰে। লক্ষণীয়ভাৱে বিগত বৰ্ষৰ মে’ মাহত কানাডাই আন এক প্ৰতিবেদনত চীনৰ বিপক্ষে অনুৰূপ অভিযোগ তুলিছিল আৰু চীনে কানাডাৰ বিষয়ত ধাৰাবাহিকভাৱে হস্তক্ষেপ কৰি আছে বুলি দাবী কৰিছিল।

প্ৰাৰম্ভিক এই প্ৰতিবেদনৰ পিছত কানাডাই এতিয়া চূড়ান্ত প্ৰতিবেদনত দেশৰ নিৰ্বাচনত বিদেশী হস্তক্ষেপৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় সৰ্বাধিক সক্ৰিয় দেশ বুলি অভিযোগ কৰিছে। কানাডাৰ বিদেশী হস্তক্ষেপ আয়োগৰ মুৰব্বী আয়ুক্ত মেৰী-জোজে হগে প্ৰতিবেদনত চীনৰ দৰে ভাৰতেও কূটনৈতিক বিষয়া আৰু প্ৰক্সি এজেণ্টৰ জৰিয়তে নিৰ্বাচনত হস্তক্ষেপ কৰা বুলি উল্লেখ কৰিছে। প্ৰতিবেদনত লগতে ৰাছিয়া, পাকিস্তান আৰু ইৰাণৰ নামো উল্লেখ কৰা হৈছে।

উল্লেখ যে ২০২৩ চনৰ জুন মাহত কানাডাত নিহত হৈছিল খালিস্তান সমৰ্থক উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰ। নিজ্জাৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্ট হোৱা বিতৰ্কৰ মাজতে সেই বৰ্ষৰে ছেপ্টেম্বৰ মাহত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে দেশখনৰ সংসদত থিয় হৈ এই হত্যাকাণ্ডত ভাৰতীয় এজেণ্ট জড়িত বুলি দাবী কৰিছিল। প্ৰধানমন্ত্ৰী ট্ৰুডোৰ এই দাবীৰ পিছতে ভাৰতে লগে লগে ভাৰতে প্ৰতিবাদ সাব্যস্ত কৰে আৰু ট্ৰুডোৰ এই দাবীক অবাস্তৱ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে।

ট্ৰুডোৰ এই মন্তব্যই দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কতো যথেষ্ট প্ৰভাৱ পেলায়। এতিয়া কানাডাৰ এই নতুন অভিযোগে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক অৱনতি ঘটোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।