শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উত্তৰ-পূবক লৈ মন্তব্য কৰি বিপদত বাংলাদেশ! ভাৰতৰ মাজেৰে কৰিব নোৱাৰে ব্যৱসায়…

উত্তৰ-পূবক লৈ মন্তব্য কৰি বিপদত বাংলাদেশ। শেহতীয়াকৈ ভাৰতে লোৱা এক সিদ্ধান্তৰ প্ৰভাৱ পৰিব চুবুৰীয়া ৰাষ্ট্ৰখনত। ভাৰতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, এতিয়াৰ পৰা বাংলাদেশে ভাৰতৰ মাজেৰে ব্যৱসায় কৰিব নোৱাৰিব।

উত্তৰ-পূবক লৈ মন্তব্য কৰি বিপদত বাংলাদেশ! ভাৰতৰ মাজেৰে কৰিব নোৱাৰে ব্যৱসায়…
মোদী- ইউনুছImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Apr 2025 15:07 PM

উত্তৰ-পূব ভাৰতক “লেণ্ড লক” আখ্যা দি বিপদত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰতে প্ৰত্যাহাৰ কৰে বাংলাদেশক দি অহা ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা। ভাৰতৰ এই পদক্ষেপৰ ফলত বাংলাদেশৰ ভূটান, নেপাল আৰু ম্যানমাৰৰ সৈতে ব্যৱসায় কৰাত যথেষ্ঠ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। ৮ এপ্ৰিলত কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমা শুল্ক বৰ্ডে জাৰি কৰা এক জাননীত এই সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০ চনৰ পৰা চলি অহা এই ব্যৱস্থাৰ অধীনত বাংলাদেশৰ পৰা অহা সামগ্ৰী ভাৰতৰ জৰিয়তে অন্য দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা আছিল। এই সামগ্ৰী স্থলপথেৰে ভাৰতীয় বন্দৰ আৰু বিমান বন্দৰত অনা হৈছিল।

ইয়াৰ অধীনত বাংলাদেশে সহজে ভূটান, নেপাল আৰু ম্যানমাৰলৈ তেওঁলোকৰ সামগ্ৰী প্ৰেৰণ কৰিব পাৰিছিল। কিন্তু এই সুবিধা এতিয়া আৰু বাংলাদেশে লাভ নকৰে। জানিব পৰা মতে, ভাৰতীয় ব্যৱসায়ীসকলে বিশেষকৈ কাপোৰৰ খণ্ডৰ লগত জড়িত থকাসকলে বাংলাদেশক দিয়া এই সুবিধা প্ৰত্যাহাৰৰ বাবে চৰকাৰক আহ্বান জনাইছিল।

ভাৰতৰ মাজেৰে নোৱাৰে ব্যৱসায় কৰিব

এই সন্দৰ্ভত গ্ল’বেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ মুৰব্বী অজয় ​​শ্ৰীবাস্তৱে কয় যে, এই নিৰ্দেশনাৰ পাছতে বাংলাদেশক দি থকা সকলো সুবিধা বন্ধ কৰি দিয়া হ’ব। অৱশ্যে বৰ্তমান পৰ্যন্ত বাংলাদেশৰ পৰা ভাৰত আহি পোৱা সামগ্ৰীসমূহ পুৰণি নিয়ম অনুসৰি অন্য দেশলৈ প্ৰেৰণ কৰা হ’ব। তেওঁ কয় যে, ২০২০ চনৰ পৰা কোনো শুল্ক নোহোৱাকৈ ভাৰতে বাংলাদেশত বজাৰত প্ৰৱেশ কৰাৰ অনুমতি দিছিল। মদ আৰু চিগাৰেটক বাদ দি আন সামগ্ৰীত কৰ আৰোপ নহয়।

বাংলাদেশৰ অৰ্থনীতিত প্ৰভাৱ

এই সুবিধা বন্ধ হোৱাত বাংলাদেশৰ ৰপ্তানি আৰু আমদানিত প্ৰভাৱ পৰিব। বিশেষকৈ ভূটান, নেপাল আৰু ম্যানমাৰৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব চুবুৰীয়া ৰাষ্ট্ৰখনৰ। বাংলাদেশ এই দেশসমূহৰ সৈতে বাণিজ্য কৰাত ভাৰতৰ ওপৰত নিৰ্ভৰশীল। পূৰ্বতে এই সামগ্ৰী ভাৰতৰ মাজেৰে যোৱা সহজ আছিল। ইয়াৰ ফলত ধন আৰু সময় ৰাহি গৈছিল। কিন্তু এতিয়া এই দেশসমূহত ব্যৱসায় কৰিবলৈ বাংলাদেশে অধিক ধন আৰু সময় বৃদ্ধি কৰিব লাগিব। গতিকে ভাৰতৰ এই সিদ্ধান্তই বাংলাদেশৰ বাণিজ্যক যথেষ্ঠ প্ৰভাৱিত কৰিব।

ভাৰতৰ হ’ব লাভ

বাণিজ্য বিশেষজ্ঞৰ মতে, এই সিদ্ধান্তই ভাৰতক অধিক লাভৱান কৰিব। বিশেষকৈ কাপোৰ, জোতা, গহনা আদিৰ ব্যৱসায়ীসকলৰ ব্যৱসায় বৃদ্ধিৰ বাবে এয়া এক ডাঙৰ সুযোগ। কাপোৰৰ খণ্ডত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ভাৰতৰ ডাঙৰ প্ৰতিদ্বন্দ্বী। ভাৰতৰ কাপোৰ ব্যৱসায়ী সংস্থা এপাৰেল এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ অধ্যক্ষ সুধীৰ ছেখৰীয়ে কয় যে, প্ৰতিদিনে ২০-৩০ খন বাংলাদেশৰ ট্ৰাক ভাৰতত উপস্থিত হয়, যাৰ ফলত কাৰ্গো টাৰ্মিনেলত যানজঁটৰ সৃষ্টি হয়। ইয়াৰোপৰি ভাৰতীয় ব্যৱসায়ীয়ে এতিয়া অধিক বিমান সুবিধা লাভ কৰিব।

উত্তৰ-পূৱক লৈ মন্তব্য

উল্লেখ্য যে, যোৱা মাহত চীন ভ্ৰমণ কৰিছিল বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। সেই সময়ত তেওঁ উত্তৰ-পূৰ্বাঞ্চলক লৈ এক বিশেষ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, উত্তৰ-পূবৰ ৰাজ্যসমূহ স্থলপথত আবদ্ধ আৰু তেওঁলোকে একমাত্ৰ বাংলাদেশৰ জৰিয়তেহে সাগৰত প্ৰৱেশ কৰিব পাৰে।  ইউনুছৰ এই মন্তব্য নেতিবাচক আখ্যা দিছিল ভাৰতে আৰু কঠোৰ সমালোচনা কৰিছিল। তাৰ পাছতে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰে।