শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক উভতাই ল’বলৈ সাজু দিল্লী…

আমেৰিকাত অবৈধভাৱে বাস কৰি থকা সকলো ভাৰতীয়ক উভতাই ল'বলৈ সাজু দিল্লী। আমেৰিকাত এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়ক উভতাই ল’বলৈ সাজু দিল্লী…
এছ জয়শংকৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Jan 2025 08:04 AM

বৰ্তমান আমেৰিকা ভ্ৰমণত ব্যস্ত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ মাজতে বুধবাৰে জয়শংকৰে কয় যে, আমেৰিকাত অবৈধভাৱে বাস কৰি থকা ভাৰতীয়সকলক উভতাই ল’বলৈ সাজু দিল্লী । এই বিষয়ত ভাৰতৰ স্থিতি নীতিগত বুলি উল্লেখ কৰা তেওঁ কয় যে ইয়াৰ বিষয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক স্পষ্টভাৱে অৱগত কৰা হৈছে।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ সময়ত ড’নাল্ড ট্ৰাম্পে আমেৰিকাত অবৈধভাৱে বাস কৰি থকা বহিঃদেশৰ লোকসকলক ঘূৰাই পঠিওৱাৰ কথা কৈছিল। সমান্তৰালকৈ এছ জয়শংকৰে ৱাশ্বিংটন ডি চিত সংবাদমেল সম্বোধন কৰি কয় যে, ভাৰতে অবৈধ প্ৰব্ৰজনৰ তীব্ৰ বিৰোধিতা কৰে। এয়া ভাল কথা নহয় আৰু ই অবৈধ কাম-কাজৰ সৃষ্টি কৰে। ইয়াৰোপৰি বিদেশ মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ ভিছা লাভ কৰাত পলম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।

ৱাশ্বিংটন ডিচিত সংবাদমেল সম্বোধন কৰি এছ জয়শংকৰে কয় যে, আমি দেখিছো যে আমাৰ বহু নাগৰিক ইয়াক আইনী প্ৰক্ৰিয়াৰ মাজেৰে বাস কৰি থকা নাই। তেওঁলোক আমাৰ দেশৰ নাগৰিক বুলি যদি আমি নিশ্চিত হও তেতিয়া তেওঁলোকক উভতাই ল’বলৈ আমি সাজু। সেইবাবে এয়া আমেৰিকাৰ বাবে অদ্বিতীয় স্থিতি নহয়, ইয়াৰ বিষয়ে আমাৰ স্থিতি নীতিগত আৰু আমাৰ স্পষ্ট।

তেওঁ লগতে কয় যে, এই বিষয়ে ইতিমধ্যে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক স্পষ্টভাৱে অৱগত কৰা হৈছে। আমি অবৈধ প্ৰব্ৰজনৰ তীব্ৰ বিৰোধিতা কৰো। সকলোৱে জানে যে যেতিয়া অবৈধ প্ৰব্ৰজন হয় তেতিয়া বহু অবৈধ কাম-কাজো হয়। গতিকে এয়া দেশ এখনৰ বাবে ভাল নহয়। আমি প্ৰতিখন দেশৰ সৈতে এয়া কৰো আৰু আমেৰিকাও ইয়াৰ ব্যতিক্ৰম নহয়

ইয়াৰোপৰি এতিয়াৰ পৰা আমেৰিকাৰ ভিছা লাভ কৰা প্ৰক্ৰিয়া দীঘলীয়া হ’ব। এই বিষয়টো এছ জয়শংকৰে আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত উত্থাপন কৰে। তেওঁ কয়, ‘মই ৰুবিঅ’ক এয়াও কৈছিলো যদি ভিছা পাবলৈ ৪০০ দিনৰ অপেক্ষাৰ সময় থাকে তেন্তে ইয়াৰ দ্বাৰা সম্পৰ্কটোৰ কোনো লাভ হ’ব বুলি মই নাভাবো। মই ভাবো তেওঁ মোৰ এই কথা গুৰুত্ব সহকাৰে লৈছে।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও স্থিতি স্পষ্ট ৰাখিছিল ট্ৰাম্পে। মন কৰিবলগীয়া যে, আমেৰিকাই ভাৰতীয়সকলক বেছিভাগ দক্ষ শ্ৰমিকৰ চাকৰিৰ বাবে H-1B ভিছা প্ৰদান কৰে । ইয়াৰোপৰি প্ৰায় ৩ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আমেৰিকাত বৰ্তমান বাস কৰি আছে। তেনে স্থলত আমেৰিকাত বাস কৰা বিদেশীলোকৰ ভিতৰত ভাৰতৰ সংখ্যা সৰ্বাধিক । গতিকে আমেৰিকাই অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে লোৱা স্থিতিৰ ফলত ভাৰতীয় নাগৰিক দেশলৈ উভতি আহিবলগীয়াত পৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ প্ৰথম পচন্দ! শীঘ্ৰেই ভাৰত আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প…