5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বাংলাদেশৰ হিংসাৰ আঁৰত কোন? চীনৰ চক্ৰবেহুত এখনৰ পাছত আনখন ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ

প্ৰথমে চীনে পাকিস্তানক ঋণ দিছিল আৰু যেতিয়া পাকিস্তানৰ অৰ্থনীতিৰ পতন ঘটিছিল তেতিয়া ঋণ ঘূৰাই দিয়াৰ দাবী জনাইছিল।  আনকি আমেৰিকাৰ মন্ত্ৰী মাইক পম্পেওৱেও মুকলিকৈ কৈছিল যে চীনৰ বাবে এনেকুৱা হৈছে।

বাংলাদেশৰ হিংসাৰ আঁৰত কোন?  চীনৰ চক্ৰবেহুত এখনৰ পাছত আনখন ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ
বাংলাদেশ
Follow Us
barasha-sarma
Barasha Sarma | Published: 06 Aug 2024 11:34 AM

পাকিস্তান, শ্ৰীলংকাৰ পাছত ভাৰতৰ আন এখন চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৰাজনৈতিক অস্থিৰতাই চৰম পৰ্যায় পাছেগৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰিছে ভাৰতলৈ। অস্থায়ীভাৱে ভাৰতত আশ্ৰয় লৈ থকা শ্বেখ হাছিনা পৰৱৰ্তী সময়ত লণ্ডনলৈ যোৱাৰ সম্ভাৱণা আছে। বাংলাদেশত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে দেশৰ এৰিবলৈ বাধ্য হয় হাছিনা। সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা এই প্ৰতিবাদ পাছলৈ হিংসাৰ ৰূপ লয় যত প্ৰায় ২০০ লোক নিহত হয়। কিন্তু বাংলাদেশৰ এই অস্থিৰতাৰ আঁৰত চীনৰ হাত থকা বুলি সন্দেহ কৰা হৈছে।

কিছুদিন পূৰ্বে শ্বেখ হাছিনা চীনলৈ গৈছিল যদিও নিৰ্ধাৰিত সময়ৰ পূৰ্বে দেশলৈ ঘূৰি আহিছিল।  হাছিনাই সেই সময়ত কন্যাৰ অসুখ বুলি কৈ চীনৰ পৰা উভতিছিল যদিও ইয়াৰ কাৰণ অন্য থকাৰ সন্দেহ কৰা হৈছিল। চীনৰ পৰা উভতি আহি শ্বেখ হাছিনাই কৈছিল যে ভাৰত আৰু চীন দুয়োখন ৰাষ্ট্ৰই তীস্তা প্ৰকল্পৰ প্ৰতি আগ্ৰহী, কিন্তু তেওঁ বিচাৰে ভাৰতে এই প্ৰকল্পটো সম্পূৰ্ণ কৰক। হাছিনাৰ এই মন্তব্যৰ পাছত চীন মৌন হৈ থকাৰ প্ৰশ্নয়ে নাছিল। শ্বেখ হাছিনাৰ বক্তব্যই চীনক উচটনি দিছিল আৰু ইয়াৰ বাবে চীনৰ বলি হোৱা তৃতীয়খন দেশত পৰিণত হয় বাংলাদেশ।

চীন ভ্ৰমণৰ সময়ত কি হৈছিল

শ্বেখ হাছিনা ১০ জুলাইত ৪ দিনীয়া চীন ভ্ৰমণসূচীৰে চীনলৈ গৈছিল। তাত তেওঁ প্ৰায় ২১ খন চুক্তি স্বাক্ষৰ কৰিছিল যদিও অভিযোগ উঠিছিল যে তেওঁৰ ভ্ৰমণ চীনে গুৰুত্ব সহকাৰে লোৱা নাই। চীনৰ ৰাষ্ট্ৰপতিয়েও কম সময়ৰ বাবে হাছিনাক লগ কৰিছিল। ইয়াৰোপৰি বাংলাদেশে যিমান পৰিমাণৰ ঋণ লাভ কৰাৰ কথা চীনৰ পৰা আশা কৰিছিল সেয়া পোৱা নাছিল। তাৰ পাছতে ১৩ জুলাইত ঢাকালৈ গুচি আহে হাছিনা। এই খবৰে সমগ্ৰ বিশ্বত শিৰোনাম দখল কৰিছিল।  জানিব পৰা মতে চীনে বাংলাদেশক ৫ বিলিয়ন ডলাৰৰ সাহায্যৰ আশ্বাস দিছিল যদিও মাত্ৰ ১ বিলিয়ন ডলাৰৰ সাহায্যহে দিয়াৰ কথা কৈছিল।

ইয়াৰ পাছতে বাংলাদেশত শান্তিপূৰ্ণভাৱে হৈ থকা আন্দোলন হিংসাৰ ৰূপ লয়। ১৬ জুলাইত এই আন্দোলনে হিংসাত্মক ৰূপ লয় আৰু ছাত্ৰ-ছাত্ৰী, আৰক্ষীৰ মাজত হতাহতি হয়। এই সংঘৰ্ষত ৬ জন ছাত্ৰৰ মৃত্যু হয়। শ্বেখ হাছিনাই বাৰে বাৰে শান্তিৰ আহ্বান জনাইছিল যদিও হিংসা ৰোধ হোৱা নাছিল। উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত প্ৰতিবাদকাৰীসকলৰ দাবী চৰকাৰে মানি লৈছিল, কিন্তু এই হিংসা বৃদ্ধি হৈয়ে আছিল। কোৱা হৈছে চীনে বাংলাদেশৰ নিষিদ্ধ সংগঠন জামাত- ই- ইছলামীৰ সহায়ত এই ষড়যন্ত্ৰ ৰচিছে।

জামাত-ই-ইছলামী বাংলাদেশৰ এটা ৰাজনৈতিক দল, যাক মৌলবাদী বুলি গণ্য কৰা হয়। নিষেধাজ্ঞা জাৰি কৰাৰ বাবে এইবাৰ নিৰ্বাচনত এই দলে অংশগ্ৰহণ কৰিব নোৱাৰিলে। এই ৰাজনৈতিক দলটোৱে আই এছ আইৰ পৰা সহায় লাভ কৰি আহিছে।

পাকিস্তান আৰু শ্ৰীলংকা

চীনৰ ষড়যন্ত্ৰৰ পৰা সাৰি যোৱা নাই পাকিস্তান আৰু শ্ৰীলংকাও। কিছুদিন পূৰ্বে পাকিস্তানত মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ সাব্যস্ত হৈছিল। ইয়াৰ অন্তৰালতো চীন থকা বুলি ধৰা হয়। প্ৰথমে চীনে পাকিস্তানক ঋণ দিছিল আৰু যেতিয়া পাকিস্তানৰ অৰ্থনীতিৰ পতন ঘটিছিল তেতিয়া ঋণ ঘূৰাই দিয়াৰ দাবী জনাইছিল।  আনকি আমেৰিকাৰ মন্ত্ৰী মাইক পম্পেওৱেও মুকলিকৈ কৈছিল যে চীনৰ বাবে এনেকুৱা হৈছে।

চীনে শ্ৰীলংকাৰ ক্ষেত্ৰতো একেধৰণৰ কাম কৰিছিল। শ্ৰীলংকাত মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকল ইমানেই অনিয়ন্ত্ৰিত হৈ পৰিছিল যে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিছিল। শ্ৰীলংকাৰ বৈদেশিক মুদ্ৰাৰ মজুত খালী হৈ পৰিছিল। শ্ৰীলংকাইও চীনৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈছিল আৰু ইয়াৰ বিনিময়ত চীনে জাফনাত নিজৰ প্ৰকল্প সম্প্ৰসাৰণ কৰি আছিল। ইয়াৰ উপৰিও চীনে মেৰিটাইম চিল্ক ৰোডতো অংশ বিচাৰিছিল। সকলো সমস্যাই শ্ৰীলংকাক ঘেৰি ধৰিছিল আৰু চীনে কোনো সহায় আগবঢ়োৱা নাছিল। পাকিস্তান, শ্ৰীলংকাৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ পাছত এইবাৰ চীনৰ চকু বাংলাদেশত। যদি ইয়াৰ অন্তৰালত চীনৰ হাত আছে তেন্তে চীন বহু পৰিমাণে সফল হোৱা বুলি ক’ব পাৰি।

Latest News