বাংলাদেশত হিন্দু নেতাক মৰিয়াই মৰিয়াই হত্যা! ভাৰতে ক’লে- ইউনুছ চৰকাৰৰ অধীনত চলিছে এই কাণ্ড…

বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ হোৱাৰ নাম লোৱা নাই। শেহেতীয়াকৈ পুনৰ এগৰাকী হিন্দু নেতাক হত্যা কৰে দুৰ্বৃত্তই। এই ঘটনাৰ পাছতে ভাৰতে বাংলাদেশত প্ৰদান কৰিছে স্পষ্ট বাৰ্তা।

বাংলাদেশত হিন্দু নেতাক মৰিয়াই মৰিয়াই হত্যা! ভাৰতে কলে- ইউনুছ চৰকাৰৰ অধীনত চলিছে এই কাণ্ড...

বাংলাদেশ

Updated On: 

20 Apr 2025 14:33 PM

বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ হোৱাৰ নাম লোৱা নাই। শেহতীয়াকৈ পুনৰ অশান্তজৰ্জৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা হিন্দুক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, এজন হিন্দু নেতাক ঘৰৰ পৰা অপহৰন কৰি নি হত্যা কৰি দুৰ্বত্তই। বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ মাজত চলি থকা অত্যাচাৰৰ মাজতেই এই ঘটনাই দেশখনৰ সংখ্যালঘুসকলৰ মাজত পুনৰ শংকা বৃদ্ধি কৰিছে। শেহতীয়াকৈ সংঘটিত হোৱা এই ঘটনাক তীব্ৰ গৰিহনা দিছে ভাৰতে লগতে মহম্মদ ইউনুছ চৰকাৰত দিছে এক স্পষ্ট বাৰ্তা।

পোহৰলৈ অহা তথ্য অনুসৰি, বাংলাদেশৰ দিনাজপুৰৰ বাসুদেৱপুৰ গাঁৱৰ নিবাসী ভৱেশ চন্দ্ৰ ৰায় (৫৮) নামৰ এজন লোকক বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই ঘৰৰ পৰা অপহৰন কৰি লৈ যায়। পৰৱৰ্তী সময়ত তেওঁক মাৰপিট কৰি ঘৰৰ সন্মুখত পেলাই থৈ যায়। লগে লগে ৰায়ক হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এই ঘটনাক তীব্ৰ গৰিহণা দিছে ভাৰতে। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “বাংলাদেশত হিন্দু সংখ্যালঘু নেতা ভৱেশ চন্দ্ৰ ৰায়ৰ অপহৰণ আৰু হত্যাক লৈ আমি চিন্তিত। এই হত্যাকাণ্ডই এক নিৰ্দিষ্ট আৰ্হি অনুসৰণ কৰিছে য’ত অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত হিন্দু সংখ্যালঘু লোকক হত্যা কৰা হৈছে। ইয়াৰ বিপৰীতে পূৰ্বৰ কাণ্ডৰ দোষীসকলে মুক্তভাৱে ঘূৰি ফুৰিছে।”

 

বাংলাদেশৰ সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবীত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয়, “আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু পুনৰবাৰ অন্তৱৰ্তীকালীন চৰকাৰক সোঁৱৰাই দিছো যে হিন্দুকে ধৰি সকলো সংখ্যালঘুকে  সুৰক্ষা প্ৰদান কৰক।”

উল্লেখ্য যে,  এয়া প্ৰথম নহয। যোৱা বছৰৰ পৰাই ৰাষ্ট্ৰখনত হিন্দুত তথা সংখ্যালঘু আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। যোৱা বছৰৰ আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুসকলক আক্ৰমণৰ বাবে লক্ষ্য কৰি আহিছে। বিগত সময়চোৱাত বহু হিন্দুৰ ঘৰ-দুৱাৰ জ্বলাই দিয়াৰ লগতে বহু হিন্দুক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। ভাৰতে বাৰে বাৰে এই কাণ্ডত গৰিহনা দি আহিছে যদিও এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই।

 

অন্য খবৰ পঢ়কঃ বিশ্বৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মহম্মদ ইউনুছ, স্থান নাপালে কোনো ভাৰতীয়ই…

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...