শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰৱৰ্তী AI সন্মিলন অনুষ্ঠিত হ’ব ভাৰতত, পেৰিছত দিয়া ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

পৰৱৰ্তী AI সন্মিলন ভাৰতত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পেৰিছত অনুষ্ঠিত হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলনত ভাষণ দি এআইৰ ভৱিষ্যত যাতে সকলোৰে বাবে ভাল হয় তাৰ বাবে ভাৰতে নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা ভাগ-বতৰা কৰিবলৈ সাজু বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

পৰৱৰ্তী AI সন্মিলন অনুষ্ঠিত হ’ব ভাৰতত, পেৰিছত দিয়া ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
প্ৰধানমন্ত্ৰী মোদী
manas-borah
Manas Borah | Updated On: 11 Feb 2025 22:20 PM

আজি মঙলবাৰে পেৰিছত অনুষ্ঠিত কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলনত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত পৰৱৰ্তী AI সন্মিলন ভাৰতত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। পেৰিছত অনুষ্ঠিত হোৱা কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলনত ভাষণ দি বহনক্ষম এআইৰ বাবে পৰিষদত এআই ফাউণ্ডেশ্যন স্থাপনৰ সিদ্ধান্তক আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে । লগতে এআইৰ ভৱিষ্যত যাতে সকলোৰে বাবে ভাল হয় তাৰ বাবে ভাৰতে নিজৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা ভাগ-বতৰা কৰিবলৈ সাজু বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

উল্লেখ্য যে, ব্ৰিটেইন, দক্ষিণ কোৰিয়া আৰু ফ্ৰান্সৰ পাছতে চতুৰ্থখন দেশ হিচাপে কৃত্ৰিম বুদ্ধিমত্তাৰ সন্মিলন অনুষ্ঠিত কৰিব ভাৰতে । ২০২৩ চনত ব্ৰিটেইনৰ ব্লেচলি পাৰ্কত অনুষ্ঠিত হৈছিল প্ৰথমখন AI নিৰাপত্তা সন্মিলন । ব্লেচলি ঘোষণাপত্ৰত ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়ৰ লগতে ২ ৪খন দেশে স্বীকাৰ কৰে যে, AI কিছুমান ক্ষেত্ৰত বিপদজনক হ’ব পাৰে। এই দেশসমূহে মানৱকেন্দ্ৰিক, বিশ্বাসযোগ্য আৰু সুৰক্ষিত AI নিশ্চিত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছত ২০২৪ চনৰ মে’ মাহত ছিউলত দ্বিতীয়খন AI শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়। এতিয়া ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হৈছে তৃতীয়খন AI সন্মিলন।

পেৰিছৰ AI শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে AI ক্ষেত্ৰত এছ অ’ পি প্ৰণয়নৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। তেওঁ কয় যে, মূল্যবোধ বজাই ৰাখিবলৈ আৰু বিপদৰ সৈতে মোকাবিলা কৰিবলৈ ই অতি প্ৰয়োজনীয়। এআই গ্ৰহণ আৰু তথ্যৰ গোপনীয়তাৰ বাবে টেকন’-লিগেল ভিত্তি সৃষ্টিৰ ক্ষেত্ৰতো ভাৰত আগবাঢ়ি আছে। ভাৰতে ১.৪ বিলিয়নৰো অধিক লোকৰ বাবে অতি কম খৰচত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সফলতাৰে নিৰ্মাণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) বিকাশ অতি দ্ৰুত গতিত হৈ আছে বুলি কয় মোদীয়ে ।

প্ৰধানমন্ত্ৰীয়ে কয়, “AI য়ে ইতিমধ্যে আমাৰ অৰ্থনীতি, নিৰাপত্তা আনকি আমাৰ সমাজখনকো নতুন ৰূপ দিছে। আমি এনে মুক্ত উৎস ব্যৱস্থা গঢ়ি তুলিব লাগিব যিয়ে বিশ্বাস আৰু স্বচ্ছতা বৃদ্ধি কৰে। আমি পক্ষপাতিত্ব নোহোৱাকৈ মানসম্পন্ন ডাটা চেণ্টাৰ সৃষ্টি কৰা উচিত। আমি প্ৰযুক্তিক গণতান্ত্ৰিক কৰিব লাগিব।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, AIৰ ইতিবাচক সম্ভাৱনা থকাৰ সমান্তৰালভাৱে বহুতো নেতিবাচক দিশ আছে যিবোৰৰ বিষয়ে আমি ভালদৰে চিন্তা কৰিব লাগিব। “এই সন্মিলনখন আয়োজন কৰি মোক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনক কৃতজ্ঞতা জ্ঞাপন কৰিছো।” এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।