শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৭ টা দিশত ভাৰতত ওচৰত পৰাস্ত পাকিস্তান, তথাপিও পাক নেতাৰ মুখত যুদ্ধৰ হুংকাৰ

যি সময়ত ভাৰতৰ জিডিপি, শ্বেয়াৰ বজাৰ আৰু বিশ্বত স্থান ক্ৰমাগতভাৱে উন্নত হৈ আহিছে, সেই একে সময়তে পাকিস্তান ঋণৰ বোজা আৰু দৰিদ্ৰতাত ডুব গৈ আছে । কিন্তু হয়তো পাকিস্তানৰ কু-অভিপ্ৰায়ী নেতাসকলে এই সংখ্যাবোৰে কি সূচাইছে বুজি পোৱা নাই ।

৭ টা দিশত ভাৰতত ওচৰত পৰাস্ত পাকিস্তান, তথাপিও পাক নেতাৰ মুখত যুদ্ধৰ হুংকাৰ
ভাৰত আৰু পাকিস্তানৰ এক সমীক্ষাImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 26 Apr 2025 23:42 PM

পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি সিন্ধু জল চুক্তি বাতিল কৰে । এই সিদ্ধান্তত হতাশ হৈ পাকিস্তানৰ নেতাসকলে অহৰহ যুদ্ধৰ ভাবুকি দি আহিছে । কিন্তু এনে বহু বিষয় আছে যাৰ ওপৰত ভাবুকি প্ৰদান কৰা পাকিস্তান ভাৰতৰ হাতত বেয়াকৈ পৰাস্ত হৈছে । অৰ্থনৈতিক শক্তি হওক বা বৈদেশিক মুদ্ৰাৰ মজুত হওক । এনে ৭টা ক্ষেত্ৰত পাকিস্তানৰ ওপৰত ভাৰতে বিপুল অগ্ৰগতি লাভ কৰিছে ।

যি সময়ত ভাৰতৰ জিডিপি, শ্বেয়াৰ বজাৰ আৰু বিশ্বত স্থান ক্ৰমাগতভাৱে উন্নত হৈ আহিছে, সেই একে সময়তে পাকিস্তান ঋণৰ বোজা আৰু দৰিদ্ৰতাত ডুব গৈ আছে । কিন্তু হয়তো পাকিস্তানৰ কু-অভিপ্ৰায়ী নেতাসকলে এই সংখ্যাবোৰে কি সূচাইছে বুজি পোৱা নাই । সেই নেতাসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধত জয়ী হোৱাৰ কথা কৈছে । জয়ী হোৱাতো বাদেই, পাকিস্তানে যুদ্ধৰ কথাও ভাবিলে ধ্বংসৰ পৰা কোনেও বচাব নোৱাৰে । বাৰু, আমি মূল বিষয়টোলৈ আহোঁ-

মুদ্ৰাস্ফীতিত ককবকাইছে পাকিস্তানে
ইতিমধ্যে অর্থনৈতিক ক্ষেত্রত ক্ষতিগ্রস্ত হৈছে পাকিস্তানৰ জনসাধাৰণ ৷ ২০২৪ চনত পাকিস্তানত গড় মুদ্ৰাস্ফীতিৰ হাৰ আছিল প্ৰায় ২৪%, যিটো বিশ্বৰ অন্যতম সৰ্বোচ্চ হাৰ । মানুহে খাদ্য-পানীয়ৰ বাবে সংগ্ৰাম কৰি আছে । বহু ঠাইত ৰেচনৰ দোকানত লুণ্ঠনৰ খবৰ আহিছে । তাৰ তুলনাত ভাৰতত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ৪%হে, ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে ভাৰতৰ অৰ্থনৈতিক নীতি বহুত বেছি সুস্থিৰ আৰু শক্তিশালী । এতিয়া নিজে ভাবি চাওক, মুদ্ৰাস্ফীতিত ককবকাই থকা দেশ এখনে যুদ্ধত নিজতকৈ ১০ গুণ শক্তিশালী দেশ এখনৰ লগত যুঁজ দিয়াৰ কথাও কেনেকৈ ভাবিব পাৰে ।

অৰ্থনৈতিক দিশত কোন আগবাঢ়ি আছে?
অৰ্থনৈতিক দিশত পাকিস্তানেৰে ভাৰতৰ তুলনা নহয় । আজি ভাৰতৰ জিডিপি প্ৰায় ৩.৭ ট্ৰিলিয়ন ডলাৰ আৰু ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে । আনহাতে পাকিস্তানৰ জিডিপি মাত্ৰ প্ৰায় ৩৪০ বিলিয়ন ডলাৰ । এই পাৰ্থক্যই দেখুৱাইছে পাকিস্তানে ভয়ংকৰ দৰিদ্ৰতা আৰু অৰ্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰিছে । যি সময়ত ভাৰত বিশ্ব বিনিয়োগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, সেই সময়ত পাকিস্তানে ঋণৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ দুৱাৰত টোকৰ মাৰিবলগীয়া হৈছে ।

শিক্ষাৰ ক্ষেত্ৰতো ভাৰততকৈ পিছ পৰি আছে পাকিস্তান
শিক্ষাৰ ক্ষেত্ৰতো পাকিস্তান ভাৰততকৈ বহু পিছ পৰি আছে । ইউনেস্ক’ৰ ২০২৫ চনৰ তথ্য অনুসৰি ভাৰতত প্ৰাপ্তবয়স্কৰ সাক্ষৰতাৰ হাৰ প্ৰায় ৭৬.৩২%, আনহাতে পাকিস্তানত এই হাৰ মাত্ৰ ৫৯.১৩%। যি সময়ত ভাৰতে নিজৰ জিডিপিৰ ৪.৫-৪.৮% শিক্ষাৰ বাবে ব্যয় কৰিছে, পাকিস্তানে মাত্ৰ ২.৯% ব্যয় কৰিবলৈ সক্ষম হৈছে । উন্নত শিক্ষা ব্যৱস্থাই ভৱিষ্যতে ভাৰতক অধিক শক্তিশালী কৰি তুলিব, আনহাতে পাকিস্তানে পৰৱৰ্তী প্ৰজন্মক পৰ্যাপ্ত সম্পদ আৰু সুযোগ প্ৰদান কৰাত ব্যৰ্থ হৈছে ।

সামৰিক শক্তিৰ ক্ষেত্ৰত কোন বেছি শক্তিশালী?
সামৰিক বাজেটৰ কথা ক’লে ভাৰতৰ প্ৰতিৰক্ষা বাজেট বৰ্তমান ৭৮.৭ বিলিয়ন ডলাৰ, আনহাতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট মাত্ৰ ৭.৬ বিলিয়ন ডলাৰ । অৰ্থাৎ ভাৰতৰ সামৰিক বাজেট পাকিস্তানৰ তুলনাত প্ৰায় দহগুণ বেছি । ইয়াৰ অৰ্থ এইটোৱেই যে ভাৰতত অধিক আধুনিক অস্ত্ৰ-শস্ত্ৰ, উন্নত প্ৰশিক্ষণৰ সুবিধা আৰু শক্তিশালী সামৰিক যন্ত্ৰ আছে । ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ পাকিস্তানৰ সম্পদৰ ভয়াৱহ অভাৱ ।

পাকৰ স্বাস্থ্য ব্যৱস্থাও অনুন্নত
স্বাস্থ্যৰ ক্ষেত্ৰতো পাকিস্তানৰ অৱস্থা অতি কৰুণ । ভাৰতে নিজৰ জিডিপিৰ প্ৰায় ৪% নিজৰ স্বাস্থ্য খণ্ডত ব্যয় কৰিছে, আনহাতে পাকিস্তানৰ মুঠ স্বাস্থ্য ব্যয় ২.৯% আৰু ইয়াৰ বাবে চৰকাৰী ব্যয় মাত্ৰ ১.২-১.৫% । অৰ্থাৎ পাকিস্তানত স্বাস্থ্যসেৱাৰ অৱস্থা অতি দুৰ্বল । ক’ভিডৰ পাছত ভাৰতে স্বাস্থ্য আন্তঃগাঁথনিত যি দ্রুত উন্নতি সাধন কৰিছে, তাৰ বিশ্বজুৰি শলাগ লোৱা হৈছে ৷

বৈদেশিক মুদ্ৰাৰ মজুতৰ তথ্য
ফৰেক্স ৰিজাৰ্ভৰ কথা আহিলে পাকিস্তানৰ অৱস্থা অতি বেয়া । বৰ্তমান ভাৰতত প্ৰায় ৬৭৮ বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে, যাৰ ফলত ভাৰতে বিশ্বব্যাপী অৰ্থনৈতিক জোকাৰণিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে । ইয়াৰ তুলনাত পাকিস্তানৰ হাতত মাত্ৰ ৮ বিলিয়ন ডলাৰৰ মজুত আছে, যাৰ বাবে ইয়াৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো কিনিবলৈও অসুবিধা হৈছে । কোষাগাৰ খালী হ’লে যুঁজ দিয়াৰ কথা কেৱল দিবাস্বপ্ন হৈয়েই থাকিব ।

শ্বেয়াৰ বজাৰৰ সিংহ কোন?
আনকি শ্বেয়াৰ বজাৰৰ ক্ষেত্ৰতো পাকিস্তান ভাৰতৰ বহু পিছ পৰি আছে । বৰ্তমান ভাৰতীয় শ্বেয়াৰ বজাৰখন এছিয়াৰ ভিতৰতে অন্যতম শক্তিশালী আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৪ ট্ৰিলিয়ন ডলাৰ । ইয়াৰ বিপৰীতে পাকিস্তানৰ শ্বেয়াৰ বজাৰ ১০০ বিলিয়ন ডলাৰৰ কম বজাৰ মূলধনত সীমাবদ্ধ হৈ আছে । এই পাৰ্থক্য বিনিয়োগকাৰীৰ আত্মবিশ্বাস আৰু আৰ্থিক শক্তিৰ এক ডাঙৰ প্ৰমাণ ।

এই সকলোবোৰ পৰিসংখ্যা আৰু তথ্যৰ পৰা স্পষ্ট যে পাকিস্তান কেৱল সামৰিকভাৱে নহয়, অৰ্থনৈতিক, শৈক্ষিক, স্বাস্থ্যৰ দৰে প্ৰতিটো দিশতে ভাৰতৰ পৰা বহু পিছ পৰি আছে । এনে পৰিস্থিতিত যুদ্ধৰ ভাবুকি দিয়া বা ভাৰতক প্ৰত্যাহ্বান জনোৱাটো পাকিস্তানৰ বাবে আত্মঘাতী বুলি প্ৰমাণিত হ’ব পাৰে । বাস্তৱ কথাটো হ’ল, যুদ্ধক্ষেত্ৰতেই হওক বা উন্নয়নৰ পথতেই হওক, ভাৰতৰ হাতত প্ৰতিদিনে পৰাজিত হৈ আছে পাকিস্তান ।