5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

News9 Global Summitত ভাৰতৰ সাফল্যৰ ভৱিষ্যদ্বাণীঃ ২০৪০ৰ ভিতৰত পিছ পেলাব আমেৰিকা-চীনক!

২০৪০ চনৰ পূৰ্বে ভাৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এইক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিব চীন আৰু আমেৰিকাক। ভাৰতবৰ্ষত যুৱ প্ৰজন্মৰ বৃ্হৎ জনসংখ্যাৰ বাবেই বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় দেশ হিচাপে পৰিগণিত হোৱাৰ দিশত।– এই ভৱিষ্যদ্বাণী কৰা হৈছে জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত হৈ থকা নিউজ৯ গ্ল’বেল ছামিটত।

News9 Global Summitত ভাৰতৰ সাফল্যৰ ভৱিষ্যদ্বাণীঃ ২০৪০ৰ ভিতৰত পিছ পেলাব আমেৰিকা-চীনক!
নিউজ৯ গ্ল’বেল ছামিটত গুন্থাৰ এইচ অটিংগাৰ
monjit-dutta
Monjit Dutta | Updated On: 22 Nov 2024 18:31 PM

আগন্তুক ১০টা বছৰ হ’ব ভাৰতৰ বাবে। এই সময়ছোৱাত দ্ৰুত উন্নতিৰে ২০৪০ চনৰ পূৰ্বে ভাৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এইক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰিব চীন আৰু আমেৰিকাক। ভাৰতবৰ্ষত যুৱ প্ৰজন্মৰ বৃ্হৎ জনসংখ্যাৰ বাবেই বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় দেশ হিচাপে পৰিগণিত হোৱাৰ দিশত।– এই ভৱিষ্যদ্বাণী কৰা হৈছে জাৰ্মানীৰ ষ্টুটগাৰ্টত অনুষ্ঠিত হৈ থকা নিউজ৯ গ্ল’বেল ছামিটত। শক্তি, ডিজিটেল অৰ্থনীতি আৰু এইচ আৰৰ প্ৰাক্তন ইউৰোপীয় আয়ুক্ত গুন্থাৰ এইচ অটিংগাৰে কৰিছে এই ভৱিষ্যদ্বাণী।

‘ডিজিটেল অৰ্থনীতিঃ পৰৱৰ্তী দশকৰ বাবে দৃষ্টিভংগী’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত বক্তব্য প্ৰদানৰ বাবে গুন্থাৰ এই সন্মিলনত উপস্থিত আছিল। নিজ ভাষণত তেওঁ এই বিষয়ত বিস্তৃত বাখ্যা প্ৰদান কৰি ভাৰত সন্দৰ্ভত এনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গুন্থাৰৰ মতে, ভাৰতৰ বিশাল যুৱ জনসংখ্যা শিক্ষিত হোৱাৰ লগতে দক্ষ আৰু আই টি বিশেষজ্ঞ হোৱাৰ বাবে ভাৰত অনাগত সময়ত বিশ্ব অৰ্থনীতিৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় দেশ হিচাপে পৰিগণিত হ’ব।

তেওঁ লগতে কয় যে যদি ভাৰত, জাৰ্মানী আৰু ইউৰোপে একত্ৰিত হৈ আগবাঢ়ে, যথেষ্ট লাভৱান হ’ব। ভাৰতৰ মানৱ সম্পদ আৰু জাৰ্মানী-ইউৰোপৰ পৰম্পৰা একেলগ হ’লে উভয়পক্ষ প্ৰগতিৰ পথত বহু আগুৱাই যাব পাৰে বুলিও তেওঁ সম্ভাৱনা ব্যক্ত কৰে। ভাৰত আৰু ইউৰোপৰ মাজত যাতে সৰ্বোচ্চ বাণিজ্য সম্পৰ্ক গঢ় ল’ব পাৰে, তাৰ বাবে দুয়োটা অঞ্চলৰ মাজত সাধাৰণ বাণিজ্যিক চুক্তি হ’ব লাগে বুলিও গুন্থাৰে মত প্ৰকাশ কৰে।

নিজ ভাষণত তেওঁ কয়, “আমি অতি উদাৰ আৰু নমনীয়। এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত বা সঠিককৈ ক’বলৈ গ’লে ভাৰত আৰু সমগ্ৰ ইউৰোপৰ মাজত ৰপ্তানি, আমদানি আৰু বাণিজ্য বৃদ্ধি হোৱা উচিত।” ইফালে অহা ১০ বছৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ জিডিপি অংশীদাৰ হ’ব বুলিও দৃঢ়তাৰে কয় গুন্থাৰ এইচ অটিংগাৰে। জনসংখ্যা আৰু শিক্ষা ব্যৱস্থাৰ বাবেই ২০৪০ চনৰ ভিতৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হ’ব বুলিও তেওঁ লগতে কয়।

গুন্থাৰে কয় যে ভাৰত এখন যুৱ দেশ আৰু জাৰ্মানী এখন পুৰণি দেশ। এনে পৰিস্থিতিত ভাৰতৰ সম্ভাৱনা নৱপ্ৰজন্মৰ মাজত নিহিত হৈ আছে। গুণ্টাৰে লগতে ভাৰতৰ জনসাধাৰণক নিজ সন্তানক জাৰ্মানীলৈ পঠিয়াবলৈয়ো আহ্বান জনায়। ভাৰতৰ যুৱক-যুৱতীসকলক জাৰ্মানীৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেওঁ লগতে ভাৰতীয় যুৱক-যুৱতীসকলক জাৰ্মানীৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ তথা আই টি কোম্পানীত কাম কৰাৰ বাবেও আহ্বান জনায়।

উল্লেখ্য যে গুন্থাৰ হাৰ্মান অটিংগাৰ হৈছে ইউনাইটেড ইউৰোপৰ প্ৰাক্তন সভাপতি। ২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ বাজেট আৰু মানৱ সম্পদৰ ইউৰোপীয় আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পূৰ্বে ২০১০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৪ চনৰ অক্টোবৰলৈকে তেওঁ শক্তি বিভাগৰ ইউৰোপীয় আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে ২০১৪ চনৰ নৱেম্বৰৰ পৰা ২০১৬ চনৰ ডিচেম্বৰ মাহলৈকে তেওঁ ডিজিটেল অৰ্থনীতিৰ ইউৰোপীয় আয়ুক্তৰ পদত অধিষ্ঠিত হৈছিল।

২০১৪ চনত তেওঁ ইউৰোপীয় আয়োগৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৫ চনৰ পৰা ২০১০ চনলৈকে তেওঁ বাডেন-ৱুৰ্টেমবাৰ্গ (জাৰ্মানী)ৰ প্ৰধানমন্ত্ৰী আছিল আৰু ১৯৮৪ চনৰ পৰা আঞ্চলিক সংসদৰ (‘লেণ্ডটেগ’) সদস্য আছিল। ১৯৯১ চনৰ জানুৱাৰীৰ পৰা ২০০৫ চনৰ এপ্ৰিল মাহলৈকে তেওঁ চিডিইউ লেণ্ডটেগ গোটৰ নেতা আছিল। গুন্থাৰ এইচ অটিংগাৰ পেছাত এগৰাকী অধিবক্তাও।

Latest News