সুৰক্ষিত নহয় কানাডা! পুনৰ ভাৰতীয় যুৱকক নৃশংসভাৱে হত্যা…
পুনৰ বিদেশত মৃত্যু ভাৰতীয়ৰ। জানিব পৰা মতে, ছাত্ৰ হিচাপে কানাডালৈ যোৱা যুৱকজনে পৰৱৰ্তী সময়ত তাতে বাস কৰি কাম কৰি আছিল। কিন্তু শেহতীয়াকৈ যুৱকজনক হত্যা কৰে দুৰ্বৃত্তই।

কানাডাত দিনক দিনে বৃদ্ধি পাইছে ভাৰতীয়ৰ ওপৰত হিংসাত্মক ঘটনা। আকৌ এবাৰ বৰ্ণবাদে কানাডাত এজন ভাৰতীয়ৰ প্ৰাণ কাঢ়ি লোৱাৰ খবৰ পোহৰলৈ আহিছে। শুকুৰবাৰে কানাডাৰ ৰাজধানী অট’ৱাৰ সমীপৰ এখন চহৰত এজন ভাৰতীয় যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এতিয়ালৈকে হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ইয়াৰ আঁৰত বৰ্ণবাদী উদ্দেশ্য থাকিব পাৰে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে।
এতিয়ালৈকে কানাডা কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে হত্যাকাৰীক চিনাক্ত কৰিব পৰা নাই। কিন্তু অন্টাৰিঅ’ৰ ৰকলেণ্ডত থকা ভুক্তভোগীৰ পত্নীয়ে কয় যে মৃতদেহটো ধৰ্মেশ কাথিৰিয়াৰ আছিল। খবৰ অনুসৰি শুকুৰবাৰে বিয়লি যুৱকজনে বাস কৰা অট্টালিকাৰ বাথৰুম (শ্বেয়াৰিং)ৰ পৰা ওলাই অহাৰ সময়ত ওচৰৰ ৰুমত থকা এজনে দাৰে আক্ৰমণ কৰে। অভিযুক্ত লোকজন ৬০ বছৰীয়া এজন বৃদ্ধ বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও অভিযুক্তই ভুক্তভোগী আৰু তেওঁৰ পত্নীৰ ওপৰত বৰ্ণবাদী আৰু ভাৰত বিৰোধী মন্তব্য কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, গুজৰাটৰ ভৱনগৰ জিলাৰ বাসিন্দা কাথিৰিয়াই ২০১৯ চনত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ হিচাপে কানাডালৈ গৈছিল। পৰৱৰ্তী সময়ত ৱাৰ্ক পাৰ্মিটত তেওঁ তাতেই বাস কৰিছিল। হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি এই হত্যাকাণ্ডৰ সন্দেহত এজনলোকক আটক কৰা হৈছে। ব্যক্তিজনক আটক কৰাৰ সময়ৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত ভুক্তভোগীৰ পত্নীক চিঞৰ-বাখৰ কৰি থকা দেখা যায়।
পত্নীয়ে কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক জিম্মাত লৈছে যদিও তেওঁৰ নাম এতিয়াও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই। ভুক্তভোগীৰ পৰিয়ালৰ বাবে অনলাইনত ধন সংগ্ৰহৰ অনুষ্ঠানত কয় যে, ২০২৫ চনৰ ৪ এপ্ৰিলত এজন লোকে আমাৰ প্ৰিয় বন্ধু ধৰ্মেশৰ প্ৰাণ কাঢ়ি লয়। তেওঁৰ কৰুণ মৃত্যুৰ খবৰ পাই আমি দুখী। এই কাণ্ডই তেওঁৰ পৰিয়াল তথা আত্মীয়ৰ মাজত শোকৰ ছা পেলাইছে।