হিংসাত্মক পৰিস্থিতিৰ মাজতেই আজি বাংলাদেশত উপস্থিত হ’ব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী

বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱাৰ মাজতে আজি ঢাকাত উপস্থিত হ'ব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে।এই সময়চোৱাত তেওঁ বাংলাদেশ চৰকাৰৰ সৈতে হিন্দু সুৰক্ষাৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

হিংসাত্মক পৰিস্থিতিৰ মাজতেই আজি বাংলাদেশত উপস্থিত হব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী

বাংলাদেশ ভ্ৰমণ

Published: 

09 Dec 2024 09:55 AM

হিন্দুসকলৰ মাজত চলি থকা অত্যাচাৰৰ মাজতেই সোমবাৰে বাংলাদেশ ভ্ৰমণ কৰিব ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। শ্বেখ হাছিনা চৰকাৰৰ অভ্যুত্থানৰ পাছত এয়া প্ৰথবাৰৰ বাবে কোনো ভাৰতীয় বিদেশ সচিবে বাংলাদেশ ভ্ৰমণ কৰিব। এই সন্দৰ্ভত দেওবাৰে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয় যে, বাংলাদেশ আৰু ভাৰতৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনা সমাধান কৰিব পৰা যাব।

এই ভ্ৰমণ অতি বিশেষ, কিয়নো বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ অত্যাচাৰ সংখ্যালঘুসকলৰ ওপৰত বৃদ্ধি পোৱাৰ সময়তে সচিবগৰাকীয়ে ঢাকাত উপস্থিত হ’ব। আৰম্ভণিৰ পৰাই বাংলাদেশত বাস কৰা হিন্দুসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে উদ্বেগ প্ৰকাশ কৰি আহিছে। আশা কৰা হৈছে এই ভ্ৰমণৰ সময়চোৱাত সচিবগৰাকীয়ে বাংলাদেশ চৰকাৰৰ সৈতে হিন্দুৰ লগত চলি থকা অত্যাচাৰৰ ওপৰত আলোচনা কৰিব।

‘SAARC – People of South Asia want’ নামৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে কয় যে, আমি আশা কৰিছো এই উত্তেজনা দূৰ কৰাত সফল হ’ম। এনে অচলাৱস্থা দূৰ কৰিবলৈ দুখন দেশৰ মাজত যোগাযোগ আৰু সাক্ষাৎ অতিকে গুৰুত্বপূৰ্ণ। আশা কৰিছো ভাৰতৰ বৈদেশিক সচিবৰ লগত এক সময়োপযোগী আলোচনা হ’ব। যদি তেওঁ কোনো সমাধান কৰিব বিচাৰে তেন্তে প্ৰথমে সমস্যা আছে বুলি স্বীকাৰ কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে, ৫ আগষ্টৰ পাছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ পৰিবৰ্তন হৈছে। গতিকে এই পৰিবৰ্তনৰ বাস্তৱ মানি লৈ দুয়োখন দেশে সম্পৰ্ক আগুৱাই নিয়াতো  প্ৰয়োজনীয়।

শেহতীয়াকৈ বাংলাদেশৰ সংখ্যালঘুৰ ওপৰত কেইবাটাও হিংসাত্মক ঘটনাৰ কথা পোহৰলৈ আহিছে। ইয়াৰোপৰি যোৱা কেইটামান দিনত ইউনুছ চৰকাৰে ইস্কন আৰু হিন্দু সম্প্ৰদায়ৰ লগত জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰিছে। এই সমগ্ৰ ঘটনাৰ ভাৰতে তীব্ৰ বিৰোধিতা কৰি অহাৰ লগতে হিন্দুৰ সুৰক্ষাৰ প্ৰতি চিন্তা প্ৰকাশো কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে যোৱা ২৯ নৱেম্বৰত কৈছিল যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ সকলো সংখ্যালঘু লোকক সুৰক্ষা দিয়াৰ দায়িত্ব ল’ব লাগে। গতিকে ভাৰতীয় বৈদেশিত সচিবগৰাকীয়ে ভ্ৰমণৰ সময়ত কি আলোচনা হয় সেয়া হ’ব লক্ষণীয়।

উল্লেখ্য যে, শ্বেখ হাছিনা চৰকাৰ পতনৰ পাছতেই বাংলাদেশত সংখ্যালঘু , বিশেষকৈ হিন্দুসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছিল। মহম্মদ ইউনুছে বাংলাদেশৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই এক প্ৰকাৰ ভাৰতৰ বিৰোধী মন্তব্য কৰিছিল। যোৱা কেইটামান মাহত বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বহু বৃদ্ধি পাইছে যাৰ বিৰোধিতা কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱাও দেখা গৈছে। হিন্দুলোকৰ ঘৰ জ্বলাই দিয়া, মন্দিৰ ভাঙি দিয়া, ধৰ্মগুৰু গ্ৰেপ্তাৰ আদি বহু ঘটনা পোহৰলৈ আহিছে। আনকি বাংলাদেশৰ ইস্কন মন্দিৰ ধ্বংস কৰাৰো চেষ্টা চলাইছিল ইউনুছ চৰকাৰে। শেহতীয়াকৈ হিন্দু ধৰ্মগুৰু চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল সমগ্ৰ বাংলাদেশৰ পৰিস্থিতি।

চিন্ময় প্ৰভুৰ মুকলিৰ দাবী কৰি হাজাৰ হাজাৰ হিন্দু ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনকি এই সংঘৰ্ষত ১-২ জনৰ প্ৰাণ যোৱাৰ লগতে বহু আহতও হৈছিল। প্ৰতিদিনেই বাংলাদেশৰ হিন্দুই সুৰক্ষাৰ দাবী কৰি আহিছে যদিও সেয়া হৈ উঠা নাই। এই সকলোবোৰ পৰিস্থিতিৰ মাজতে ভাৰতীয় বৈদেশিক সচিবৰ বাংলাদেশ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে এই ভ্ৰমণৰ পাছত বাংলাদেশ চৰকাৰে হিন্দু সুৰক্ষাৰ বাবে কিবা ব্যৱস্থা হাতত লয় নে নাই সেয়া হ’ব লক্ষণীয়।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?