বাংলাদেশত হিংসা! ভাৰতীয়ৰ বাবে নিৰ্দেশনা জাৰি ভাৰত চৰকাৰৰ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বাংলাদেশত হিংসা! ভাৰতীয়ৰ বাবে নিৰ্দেশনা জাৰি ভাৰত চৰকাৰৰ

Published: 

18 Jul 2024 14:57 PM

কিন্তু এমাহ পূৰ্বে ৫ জুনত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ৩০ শতাংশ সংৰক্ষণ পুনৰুদ্ধাৰ কৰিছিল। ইয়াকে লৈ দেশখনত প্ৰতিবাদ আৰম্ভ হৈছিল। যোৱা সপ্তাহত এই সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছিল।

বাংলাদেশত হিংসা! ভাৰতীয়ৰ বাবে নিৰ্দেশনা জাৰি ভাৰত চৰকাৰৰ

বাংলাদেশ

Follow Us On

প্ৰতিবাদত উত্তাল হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ।  সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা এই প্ৰতিবাদে হিংসাৰ ৰূপ লৈছে। এতিয়ালৈকে এই সংঘৰ্ষত ৩জন ছাত্ৰসহ ৬ জনলোকৰ মৃত্যু হৈছে, লগতে আহত হৈ শ শ লোক। বাংলাদেশৰ চৰকাৰী চাকৰিৰ সংৰক্ষণ বিলুপ্ত কৰাৰ দাবীত বিগত ৪ দিন ধৰি বাংলাদেশত হিংসাত্মক প্ৰতিবাদ হৈ আছে। ইয়াকে লৈ বৃহস্পতিবাৰে সমগ্ৰ বাংলাদেশত প্ৰতিবাদকাৰীয়ে বন্ধ ঘোষণা কৰে।

বাংলাদেশৰ ৰাজপথত এফালে শাসকীয় দল আৱাগী লীগৰ লগত জড়িত ছাত্ৰ সংগঠন আৰু আৰক্ষী, আনফালে সংৰক্ষণৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰী। বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থা সংস্কাৰৰ দাবীত প্ৰতিবাদকাৰীসকলে সোমবাৰে ঢাকা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলতসমূহত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।  তাৰ পাছতেই আৱামী লীগৰ একাংশ ছাত্ৰ নেতাই আহি প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ চলায়। লগে লগে এই আক্ৰমণে হিংসাৰ ৰূপ লয়।

 

ভাৰতীয়ৰ বাবে নিৰ্দেশনা

বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত বাস কৰা ভাৰতীয় লোকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে। বিশেষকৈ তাত অধ্যয়ন কৰি থকা ছাত্ৰ- ছাত্ৰীসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই চৰকাৰে। ভাৰত চৰকাৰে বাংলাদেশত বসবাস কৰা ভাৰতীয়সকলক ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত চৰকাৰে ভাৰতীয় উচ্চায়ুক্তৰ সৈতেও যোগাযোগ ৰখা জানিব পৰা গৈছে। লগতে জৰুৰীকালীন নম্বৰো মুকলি কৰিছে।

বাংলাদেশৰ এই হিংসাৰ ক্ষেত্ৰত পাকিস্তানৰ হাত থকাৰ সন্দেহ হৈছে। ১৯৭১ চনত হোৱা যুদ্ধৰ পাছতেই গঠন হৈছিল বাংলাদেশ। তেতিয়া পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰাসকলক মুক্তিযোদ্ধা বুলি কোৱা হৈছিল। এই স্বাধীনতা সংগ্ৰামীসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সকলক ধন আগবঢ়াই পাকিস্তানে।  বাংলাদেশৰ বৰ্তমান সংৰক্ষণ ব্যৱস্থাৰ মতে দেশখনৰ চৰকাৰী চাকৰিৰ বাবে ১৯৭১ চনৰ বাংলাদেশ মুক্তি সংগ্ৰাম (liberation war) ৰ মুক্তি যোদ্ধাৰ সন্তান আৰু তেওঁলোকৰ নাতি- নাতিনীৰ বাবে ৩০ শতাংশ, প্ৰশাসনিক জিলাৰ বাবে ১০ শতাংশ, মহিলাৰ বাবে ১০ শতাংশ, সংখ্যালঘুৰ বাবে ৫ শতাংশ আৰু দিব্যাংগসকলৰ বাবে ১ শতাংশ আসনৰ সংৰক্ষণ আছে।

২০১৮ চনৰ ৪ অক্টোবৰত বাংলাদেশৰ এই সংৰক্ষণ ব্যৱস্থা স্থগিত ৰখা হৈছিল। কিন্তু এমাহ পূৰ্বে ৫ জুনত বাংলাদেশৰ উচ্চ ন্যায়ালয়ে ৩০ শতাংশ সংৰক্ষণ পুনৰুদ্ধাৰ কৰিছিল। ইয়াকে লৈ দেশখনত প্ৰতিবাদ আৰম্ভ হৈছিল। যোৱা সপ্তাহত এই সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছিল।

পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
Exit mobile version