প্ৰথমে ফেচবুকত চিনাকী পাছত প্ৰেম! এতিয়া পাকিস্তানৰ জেলত ভাৰতৰ বাদল, কাৰণ কি…

পাকিস্তানী মহিলাৰ প্ৰেমিত পৰি বিপদত যুৱক। প্ৰথমে ফেচবুকত চিনাকী, পাছত বন্ধুত্ব আৰু প্ৰেম। কিন্তু এই যুৱকজন এতিয়া পাকিস্তানী জেলৰ আলহী।

প্ৰথমে ফেচবুকত চিনাকী পাছত প্ৰেম! এতিয়া পাকিস্তানৰ জেলত ভাৰতৰ বাদল, কাৰণ কি...

যুৱকজন

Published: 

31 Dec 2024 14:30 PM

প্ৰেমৰ কাৰণে মানুহে কি কি কৰিব নোৱাৰে! কোনোবাই যদি পৰিয়ালৰ সৈতে সংঘাত কৰে আন কিছুমান অন্য চহৰলৈ গতি কৰে। আন একাংশই আকৌ সীমান্ত পাৰ হৈ অন্য দেশত সংগীক লগ কৰিবলৈ যায়। এনে ঘটনা পুনৰ এক পোহৰলৈ আহিছে য’ত এজন ভাৰতীয় যুৱকে প্ৰেমিকাক লগ কৰবিলৈ পাকিস্তানলৈ যায়। এই ঘটনা পাকিস্তানৰ পঞ্জাৱৰ পৰা পোহৰলৈ আহিছে। জানিব পৰা মতে, পঞ্জাৱ আৰক্ষীয়ে বাহাদুন জিলাৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে যি মহিলাৰ প্ৰেমত পৰি পাকিস্তানলৈ গৈছিল।

আৰক্ষীৰ মতে এই এই যুৱকজনৰ নাম বাদল বাবু আৰু তেওঁ উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাসিন্দা। অঞ্চলটোত তেওঁৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ লগে লগে পাকিস্তানৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উপ-পৰিদৰ্শক গুলাম ৰাজাৰ অভিযোগৰ ভিত্তিত বিদেশী আইন ১৯৪৬ৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ঘটনা সন্দৰ্ভত পাকিস্তান আৰক্ষীয়ে কৈছে যে, দুদিনমান পূৰ্বে সন্ধিয়া প্ৰায় ৭ মান বজাত এটা কাৰখানাৰ সমীপত যুৱকজনক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ জেৰাত তেওঁ নিজকে কৃপাল সিঙৰ পুত্ৰ বাদল বাবু বুলি পৰিচয় দিয়ে, লগতে স্বীকাৰ কৰে যে তেওঁ ভাৰতৰ আলিগড়ৰ বাসিন্দা। আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ পাছত পাকিস্তানত থাকিবলৈ ভিছা বা কোনো আইনী নথি দেখুৱাবলৈ কয়, কিন্তু ভিছা বা কোনো নথি যুৱকজনে আৰক্ষীক দেখিবলৈ সক্ষম নহয়। পৰৱৰ্তী সময়ত বাদলে স্বীকাৰ কৰে যে তেওঁ অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰিছে। এই ঘটনাৰ পাছতেই পাকিস্তান আৰক্ষীয়ে বাদলক বিদেশী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

আৰক্ষী প্ৰৱক্তা আজমল ৱাহিদে কয় যে, সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বাদলক পুনৰ ১০ জানুৱাৰীত আদালতত হাজিৰ কৰোবা হ’ব।

আৰক্ষীয়ে কয় যে, যুৱকজনে প্ৰথম অৱস্থাত স্বীকাৰ কৰিছিল যে এগৰাকী পাকিস্তানী যুৱতীৰ প্ৰেমত পৰি তেওঁ অবৈধভাৱে পাকিস্তানলৈ আহিছে। বাদালে প্ৰথমে যুৱতীগৰাকীৰ সৈতে ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল আৰু বন্ধুত্ব কৰিছিল। পৰৱৰ্তী সময়ত এই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হয় আৰু অৱশেষত বাদাল সীমান্ত পাৰ হৈ প্ৰেমিকাক লগ কৰিবলৈ যায়।

আৰক্ষীয়ে জনাই যে, বাদল বাবুয়ে ইয়াৰ পূৰ্বেও দুবাৰ সীমান্ত পাৰ কৰিবৰ চেষ্টা কৰিছিল। কিন্তু তেওঁ বাৰে বাৰে বিফল হৈছিল। তৃতীয় প্ৰচেষ্টাত সফল হৈ পাকিস্তানত প্ৰৱেশ কৰে। আনকি মন্দি বাহাউদ্দিনত তেওঁ যুৱতীগৰাকীক লগো কৰে। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব বাদল বাবুৰ পাকিস্তানত প্ৰৱেশ কৰাৰ মূল উদ্দ্যেশ্য কি আছিল।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?