‘ট্ৰাম্প টীম’ত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে ভাৰতীয় মূলৰ কাশ পেটেলে! কোন এই কাশ পেটেল..

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পে পুনৰ এবাৰ জয়লাভ কৰাৰ পিছতে ভাৰতীয় মূলৰ এগৰাকী ব্যক্তিয়ে এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা গা কৰি উঠিছে। ভাৰতীয় মূলৰ কাশ পেটেলে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএৰ দায়িত্ব লাভ কৰিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে।

‘ট্ৰাম্প টীম’ত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে ভাৰতীয় মূলৰ কাশ পেটেলে! কোন এই কাশ পেটেল..

ট্ৰাম্প প্ৰশাসনত গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে কাশ পেটেলে

Updated On: 

07 Nov 2024 20:56 PM

পুনৰ এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ট্ৰাম্পে পৰাস্ত কৰিছে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছক। অহা বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ভাৰতীয় মূলৰ এগৰাকী ব্যক্তিয়ে এক গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় মূলৰ কাশ পেটেলে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএৰ দায়িত্ব লাভ কৰিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে।

এই কাশ পেটেলৰ সম্পূৰ্ণ নাম কাশ্যপ প্ৰমোদ পেটেল। দীৰ্ঘদিনে তেওঁ নিৰাপত্তা আৰু চোৰাংচোৱা বিভাগত কাম কৰি আহিছে। কাশ পেটেলৰ পৰিয়াল মূলতঃ গুজৰাটৰ বদোদৰাৰ বাসিন্দা আছিল। অৱশ্যে তেওঁৰ পিতৃ-মাতৃ উগাণ্ডাত বাস কৰিছিল আৰু ১৯৭০ চনত আমেৰিকালৈ আহিছিল। পেটেলৰ জন্ম হৈছিল নিউয়ৰ্কৰ গাৰ্ডেন চিটিত। পেচ ইউনিভাৰ্চিটিৰ পৰা তেওঁ আইনৰ ডিগ্ৰী লাভ কৰিছে।

প্ৰায় ৯টা বছৰ অধিবক্তা হিচাপে কাম কৰাৰ পিছত তেওঁ আমেৰিকাৰ ন্যায় বিভাগত যোগদান কৰে। ২০১৭ চনত তেওঁ হাউছ পাৰ্লিয়ামেণ্টেৰী চিলেক্ট কমিটি অন ইনটেলিজেন্সৰ সদস্য হয়। কাশ পেটেল ৰিপাব্লিকান পাৰ্টিৰ সৈতে জড়িত হৈ আছে আৰু তেওঁক ট্ৰাম্পৰ অতি ঘনিষ্ঠ হিচাপে গণ্য কৰা হয়। তথ্য অনুসৰি কাছ পেটেলে ৰিচমণ্ড বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পিছত নিউয়ৰ্কলৈ উভতি আহি আইনৰ ডিগ্ৰী লাভ কৰাৰ লগতে ইউ.কে. ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ফেকাল্টি অৱ ল’ৰ পৰা আন্তঃৰাষ্ট্ৰীয় আইন বিষয়ত প্ৰমাণপত্ৰও লাভ কৰে। ৪৪ বছৰীয়া পেটেলে ভাৰপ্ৰাপ্ত প্ৰতিৰক্ষা সচিব ক্রিষ্টোফাৰ মিলাৰৰ প্ৰাক্তন মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ উপ-সহায়ক আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী জ্যেষ্ঠ সঞ্চালক হিচাপেও ট্ৰাম্পৰ সৈতে কাম কৰিছিল।

সেই সময়ত তেওঁ তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বহু গুৰুত্বপূৰ্ণ কামত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। এগৰাকী অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি কাশ পেটেলে ২০১৯ চনত তেতিয়াৰ ট্ৰাম্প প্ৰশাসনত অধিবক্তা হিচাপে যোগদান কৰিছিল। ইয়াৰ পিছতে তেওঁৰ দ্ৰুতগতিত পদোন্নতি হৈছিল।

উক্ত কাৰ্যকালৰ শেষৰ সময়ছোৱাৰ ফালে ট্ৰাম্পে পেটেলক চিআইএৰ উপ-সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছিল যদিও এই ক্ষেত্ৰত যথেষ্ট বিৰোধিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বিগত বৰ্ষত ইয়ং ৰিপাব্লিকান দলৰ এক অনুষ্ঠানত ট্ৰাম্পে কাশ পেটেলক উদ্দেশ্যি ‘সাজু হওক, কাশ; সাজু হওক’ বুলি এক বিশেষ বাৰ্তা দিছিল। এনে বাৰ্তালৈ চালে কাশ পেটেলে এইবাৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভৰ পূৰ্ণ সম্ভাৱনা আছে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...