হয় পানী, নহ’লে তেজ! সিন্ধুৰ পানী নেৰিলে ভাৰতীয়ৰ তেজৰ নৈ বোওৱাৰ ভাবুকি পাকিস্তানী নেতাৰ
বিলোৱালে দাবী কৰে যে ভাৰতে একপক্ষীয়ভাৱে সিন্ধু জল চুক্তি স্থগিত ৰাখিছে, যাৰ ফলত তেওঁলোকে (ভাৰতে) সিন্ধু পাকিস্তানৰ বুলি মানি লৈছে । মই ইয়াত সিন্ধুৰ ওচৰৰ চুক্কুৰত থিয় হৈ ভাৰতক ক’ব বিচাৰো যে সিন্ধু আমাৰ আৰু আমাৰেই হৈয়েই থাকিব, এই সিন্ধুৰে পানী ব'ব অথবা তেওঁলোকৰ তেজ বৈ যাব ।

বিলাৱাল ভুট্টো
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ ক্ষীপ্ৰ পদক্ষেপে পাকিস্তানক জোকাৰি গৈছে । ইয়াৰ পিছতেই দেশখনৰ নেতাসকলে ভাৰতক ভাবুকি দিবলৈ আৰম্ভ কৰিছে । এতিয়া এই তালিকাত যি নতুন নাম সংযোগ হৈছে সেয়া হ’ল বিলোৱাল ভুট্টো । ভাৰতবাসীৰ তেজেৰে সিন্ধু নদীত ধল বোৱাই দিয়াৰ কথা কৈছে বিলোৱালে । পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টোৱে টুইটাৰযোগে লিখিছে যে পহলগামৰ ট্ৰেজেডীৰ বাবে ভাৰতে পাকিস্তানক জগৰীয়া কৰিছে । নিজৰ দুৰ্বলতা লুকুৱাবলৈ আৰু নিজৰ জনসাধাৰণক মুৰ্খ সজাবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে মিছা অভিযোগ উত্থাপন কৰিছে ।
‘সিন্ধু আমাৰ আৰু আমাৰেই হৈ থাকিব’- বিলোৱালৰ দাবী
বিলোৱালে কয় যে ভাৰতে একপক্ষীয়ভাৱে সিন্ধু জল চুক্তি স্থগিত ৰাখিছে, যাৰ ফলত তেওঁলোকে (ভাৰতে) সিন্ধু পাকিস্তানৰ বুলি মানি লৈছে । মই ইয়াত সিন্ধুৰ ওচৰৰ চুক্কুৰত থিয় হৈ ভাৰতক ক’ব বিচাৰো যে সিন্ধু আমাৰ আৰু আমাৰেই হৈয়েই থাকিব, এই সিন্ধুৰে পানী ব’ব অথবা তেওঁলোকৰ তেজ বৈ যাব ।
“میں آپ سب کو مبارک باد پیش کرتا ہوں کہ جس مقصد کیلئے پاکستان پیپلز پارٹی کے کارکن احتجاج کررہے تھے، شاہراہوں سے لے کر ایوان تک کہ ہمیں سندھو پر نئی نہریں منظور نہیں ہیں۔ کل وزیر اعظم سے ملاقات میں یہ بات طے ہوچکی کہ آپ کی مرضی کے بغیر کوئی نئی نہر نہیں بنے گی۔ یہ پرامن جمہوری… pic.twitter.com/I8sF0IFLXh
— PPP (@MediaCellPPP) April 25, 2025
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টো উত্থাপন কৰিব
বিশেষকৈ আই ডব্লিউ টিৰ সন্দৰ্ভত ভাৰতৰ ঘোষণাক তীব্ৰ গৰিহণা দি বিলোৱালে কয় যে এই ঘোষণা কেৱল অবৈধেই নহয়, মানৱতা বিৰোধীও । প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়, “আমি আপোনালোকৰ সৈতে থিয় দি কেৱল ৰাজপথতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পাকিস্তানৰ গোচৰ উত্থাপন কৰি ভাৰতৰ সিদ্ধান্তৰ উপযুক্ত উত্তৰ দিম ।”
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু
উল্লেখ্য যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল । সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু তাৰ পিছত গুলীচালনা কৰিছিল । এই ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু নদী চুক্তি বন্ধ কৰাকে ধৰি বহু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ভাৰতৰ এই কাৰ্যত পাকিস্তান শংকিত হৈ পৰিছে আৰু দেশখনৰ নেতাসকলে অহৰহ অৰ্থহীন বক্তব্য আগবঢ়াইছে ।
নেহৰুৱে কৰিছিল সিন্ধু জল চুক্তি
১৯৬০ চনত বিশ্ব বেংকৰ মধ্যস্থতাত এই চুক্তিখন স্বাক্ষৰিত হৈছিল । পাকিস্তানৰ তেতিয়াৰ ফিল্ড মাৰ্শ্বাল আয়ুব খান আৰু ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এই চুক্তিৰ স্বাক্ষৰৰ বাবে একমত হৈছিল । এই চুক্তিত উল্লেখ আছিল যে ভাৰতে পূবৰ ব্যাস, ৰবি আৰু ছুটলেজ নদীৰ পানী ব্যৱহাৰ কৰিব । তাৰ বিপৰীতে পশ্চিমৰ চেনাব, সিন্ধু আৰু ঝিলাম নদীৰ পানী পাকিস্তানক ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব । কিন্তু সামগ্ৰিক ছবিখন চালে দেখা যায় যে এই চুক্তিৰ অধীনত ভাৰতে ছযখন নদীৰ মাত্ৰ ২০ শতাংশ পানীহে পায়, আনহাতে পাকিস্তানে ৮০ শতাংশ পানী ব্যৱহাৰ কৰে ।