কৃষি, বিদ্যুৎ আৰু খোৱা পানী…সিন্ধু জল চুক্তি স্থগিতৰ ফলত পাকিস্তানত কি কি প্ৰভাৱ পৰিব…
পহলগাম কাণ্ডৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা তীব্ৰগতিত বৃদ্ধি পাইছে। ভাৰতে কঠোৰ কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰি সিন্ধু জল চুক্তিৰ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ যুদ্ধৰ পাছতো এই চুক্তি বাহাল আছিল।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ ভিতৰত এটা হ’ল সিন্ধু জল চুক্তি (Indus Water Treaty অনিৰ্দিষ্টকাললৈ স্থগিত। ই এনে এখন চুক্তি যাক ভাৰত-পাকিস্তানৰ মাজত সংঘটিত ৩ খন যুদ্ধৰ পাছতো বাহাল ৰখা হৈছিল। কিন্তু শেহতীয়াকৈ ভাৰতে লোৱা এই সিদ্ধান্তৰ পাছতে এতিয়া শলঠেকত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰখন। কিয়নো ভাৰতৰ এই সিদ্ধান্তৰ ফলত পাকিস্তানৰ খেতি-পথাৰ, খোৱা পানী, বিদ্যুৎ উৎপাদন আদি সকলো প্ৰভাৱিত হ’ব। পাকিস্তান যথেষ্ঠ পৰিমাণে সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল।
পাকিস্তানে প্ৰতি বছৰে সিন্ধু ব্যৱস্থাৰ পৰা প্ৰায় ১৩.৩ কোটি একৰ ফুট (MAF) পানী লাভ কৰে, যিয়ে দেশখনৰ ৯০% জলসিঞ্চন, ৩০–৫০% বিদ্যুৎ উৎপাদন, আৰু খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। গতিকে ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ পাছত পাকিস্তানৰ মেৰুদণ্ড হিচাপে বিবেচিত কৃষি, বিদ্যুৎ আৰু উদ্যোগ ক্ষেত্ৰখনে ভয়ংকৰ সংকটৰ সন্মুখীন হ’ব।
কি প্ৰভাৱ পৰিব
এই সিদ্ধান্তৰ ফলত পাকিস্তানৰ কৃষি ক্ষেত্ৰখনত ডাঙৰ প্ৰভাৱ পৰিব। পাকিস্তানৰ ৪.৭ কোটি একৰ মাটি সিন্ধুৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰোপৰি দেশখনৰ জিডিপিত কৃষিৰ অংশ ২৩ শতাংশ আৰু ই ৬৮ শতাংশ গ্ৰাম্যাঞ্চলৰ জীৱিকাৰ উৎস। গতিকে সিন্ধু জল চুক্তি স্থগিত কৰাৰ ফলত দেশখনত খাদ্যৰ অভাৱ, নিবনুৱা সমস্যা, গ্ৰাম্য অস্থিৰতা তীব্ৰগতিত বৃদ্ধি পাব পাৰে।
বিদ্যুতৰ ক্ষেত্ৰখনতো ইয়াৰ প্ৰভাৱ পৰিব। মঙলা আৰু তৰবেলাৰ দৰে ডাঙৰ নদীবান্ধ সিন্ধু নদীৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰাই দেশখনে ৫০ শতাংশ বিদ্যুৎ লাভ কৰে। গতিকে ভাৰতে পানী বন্ধ কৰি দিয়াৰ ফলত দেশখনত বিদ্যুতৰ বৃহৎ নাটনি হ’ব পাৰে। লগতে বিদ্যুতৰ নাটনিৰ প্ৰভাৱ উদ্যোগিক ক্ষেত্ৰ বা অন্য দিশত পৰিব পাৰে। ইয়াৰ ফলত দেশখনত মূল্যবৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
পাকিস্তানপ পানীৰ উৎস কি
পাকিস্তানৰ জলসিঞ্চন ব্যৱস্থাক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ সংহত ব্যৱস্থা বুলি গণ্য কৰা হয়। ইয়াত ৩টা ডাঙৰ জলাশয়, ১৯টা বেৰেজ, ১২টা আন্তঃনদী সংযোগ হ্ৰদ, , ৪৫টা স্বতন্ত্ৰ হ্ৰদ, ১.২২ লাখতকৈ অধিক জলধাৰা অন্তৰ্ভুক্ত আছে। হিমালয়, হিন্দুকুছ আৰু কাৰাকোৰামৰ পৰা উৎপত্তি হোৱা নদীসমূহে বছৰি প্ৰায় ১৯১.১৯ বিলিয়ন ঘনমিটাৰ পানী আনে, ইয়াৰে ১২৯.৫২ বিচিএম জলসিঞ্চনৰ বাবে আৰু ৫৯.২৩ বিচিএম ভূগৰ্ভস্থ পানীৰ পৰা আহে। উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানৰ পানী সংৰক্ষণৰ ক্ষমতা মাত্ৰ ৩০ দিনৰ আনহাতে বিশ্বৰ গড় ১২০ দিন।
পাকিস্তানত জলসিঞ্চনৰ সৰ্বাধিক ব্যৱহৃত উৎস হৈছে ভূগৰ্ভস্থ পানী। দেশখনত পানীৰ অধিক উৎস আছে যদিও বহু ক্ষেত্ৰত পানীত নিমখৰ পৰিমাণ বেছি দেখা যায়। লগতে বৰ্তমান পানীৰ স্তৰো কমি গৈ আছে। পাকিস্তানে বৰষুণৰ পৰাও পানী লাভ কৰে। কিন্তু প্ৰতিটো ঋতুতে বৰষুণ নহয়। জুলাই আৰু ছেপ্টেম্বৰৰ সময়চোৱাত বিশেষকৈ উত্তৰ-পূৱ অংশই পানী লাভ কৰে।
পাকিস্তানৰ প্ৰতি ব্যক্তিৰ পানীৰ উপলব্ধতা ১৯৫০ চনত ৫,০০০ ঘনমিটাৰৰ পৰা মাত্ৰ ১,০১৭ ঘনমিটাৰলৈ হ্ৰাস পাইছে। ই বৈশ্বিক জল সংকটৰ ১,০০০ ঘন মিটাৰৰ কাষত। অনুমান কৰা হৈছে যে ২০২৫ চনৰ ভিতৰত পাকিস্তানক ৩৩৮ বিচিএম পানীৰ প্ৰয়োজন হ’ব, আনহাতে উপলব্ধতা প্ৰায় ২৩৮ বিচিএমলৈ হ্ৰাস পাব পাৰে। গতিকে দেশখনত পানীৰ সমস্যাই দেখা দিব পাৰে।
অন্য খবৰ পঢ়কঃ ৱাঘা সীমান্ত বন্ধ, সন্ত্ৰাসবাদীক সমৰ্থনৰ অভিযোগ…পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কি কি সিদ্ধান্ত ল’লে…