“মনে মনে থাকিলে পাব ১ বিলিয়ন ডলাৰ”… সত্য লুকুৱাবলৈ ইলন মাস্কে মহিলাক দিছিল কোটি কোটি টকাৰ প্ৰস্তাৱ!
টেছলাৰ মালিক ইলন মাস্কৰ ব্যক্তিগত সম্পৰ্কই দখল কৰিছে শিৰোনাম। এইবাৰ এই বিতৰ্ক ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ এছলী ছেইণ্ট ক্লেয়াৰৰ সৈতে জড়িত। যিয়ে মাস্কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত এছলীয়ে দাবী কৰিছে যে মাস্কে তেওঁক আৰু তেওঁলোকৰ সন্তানৰ সত্য লুকুৱাই ৰখাৰ বিনিময়ত তেওঁক কোটি কোটি টকাৰ প্ৰস্তাৱ দিছিল।

বৰ্তমান ব্যক্তিগত সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰযুক্তিৰ জগতৰ অন্যতম জনপ্ৰিয় নাম আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি ইলন মাস্ক। এইবাৰ এই বিতৰ্ক ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ এছলী ছেইণ্ট ক্লেয়াৰৰ সৈতে জড়িত, যিয়ে মাস্কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
মাস্কৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৭০ বিলিয়ন ডলাৰ আৰু তেওঁ কমেও ১৪টা সন্তানৰ পিতৃ। কিন্তু ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সেই সংখ্যা আৰু বেছি হ’ব পাৰে। ৱাল ষ্ট্ৰীট জাৰ্নেলক দিয়া এক সাক্ষাৎকাৰত এছলীয়ে দাবী কৰিছে যে মাস্কে তেওঁৰ আৰু তেওঁলোকৰ সন্তানৰ সত্য লুকুৱাই ৰখাৰ বিনিময়ত তেওঁক ১৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১.২৫ বিলিয়ন টকাৰ প্ৰস্তাৱ দিছিল।
তথ্য অনুসৰি ২৬ বছৰীয়া এছলী চেণ্ট ক্লেয়াৰে কয় যে, তেওঁ ইলন মাস্কৰ সন্তান জন্ম দিছে। কিন্তু মাস্কে এই সন্তানক নিজৰ বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে। এছলীয়ে অভিযোগ উত্থাপন কৰে যে মাস্কৰ ঘনিষ্ঠ সহায়ক জেৰেড বাৰ্চেলে তেওঁক ফোন কৰি কয় যে যদি তেওঁ শিশুটিৰ পিতৃৰ নাম আৰু মাস্কৰ সৈতে থকা সম্পৰ্কৰ সত্যতা লুকুৱাই ৰাখে তেন্তে তেওঁক এককালীনভাৱে ১৫ মিলিয়ন ডলাৰ দিয়া হ’ব।
কেৱল এয়াই নহয়, ইয়াৰ উপৰিও শিশুটিৰ ২১ বছৰ বয়স নোহোৱালৈকে প্ৰতিমাহে ১ লাখ ডলাৰ (প্ৰায় ৮৩ লাখ টকা) পাব। কিন্তু এছলীয়ে এই প্ৰস্তাৱ নাকচ কৰিলে। তেওঁ বাৰ্চালক কয়, “মই নিবিচাৰো মোৰ ল’ৰাটোৱে নিজকে গোপন বুলি ভাৱক”।
এছলীয়ে দাবী কৰে যে, সেই চুক্তিত স্পষ্টকৈ লিখা আছিল যে তেওঁ ইলন মাস্কৰ বিষয়ে কোনো নেতিবাচক কথা ক’ব নোৱাৰে। সন্তানটি মাস্কৰ বুলিও প্ৰকাশ কৰিব নোৱাৰে। এই চৰ্ত ভংগ কৰিলে তেওঁ সকলো টকা ঘূৰাই দিব লাগিব। আমোদজনক কথাটো হ’ল মাস্কৰ ওপৰত এনে কোনো নিষেধাজ্ঞা নাছিল, এছলীৰ বিৰুদ্ধে তেওঁ যিকোনো কথা ক’ব পাৰিছিল।
আনকি মাস্কৰ অনুৰাগীয়ে এছলীক ‘গল্ড ডিগাৰ’ বুলিও অভিহিত কৰিছিল। মাস্কে ছ’চিয়েল মিডিয়াতো লিখিছে যে, তেওঁ এতিয়ালৈকে এছলীক ২৫ লাখ ডলাৰ দিছে, আনহাতে তেওঁ শিশুটি তেওঁৰ নে নহয় তাকো নাজানে। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদনত কোৱা হৈছে যে এছলীৰ গৰ্ভাৱস্থাত মাস্কে ২০ লাখ ডলাৰ দিছিল, যাৰ আধা ডলাৰ ঋণ হিচাপে দিয়া হৈছিল। ইয়াৰ এটা অংশ এছলীয়ে নিজৰ নিৰাপত্তাৰ বাবে খৰচ কৰিছিল, যাৰ বাবে প্ৰতিমাহে প্ৰায় এক লাখ ডলাৰ খৰচ হৈছিল।