শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Bangladesh: ভাৰত-বাংলাদেশৰ সম্পৰ্ক আগৰ দৰে থাকিব নে ? দুয়োখন দেশৰ বুজাবুজি চুক্তি পুনৰীক্ষণ কৰিব অন্তৱৰ্তীকালীন চৰকাৰে

শেহতীয়াকৈ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ বিদেশ উপদেষ্টাগৰাকীয়ে ভাৰতৰ সৈতে কৰা বুজাবুজি চুক্তি পুনৰীক্ষণ কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ এই মন্তব্য প্ৰকাশ কৰাৰ পাছতে এতিয়া দুয়োখন দেশৰ সম্পৰ্কক লৈ নেতিবাচক চিন্তা-চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে ।

Bangladesh: ভাৰত-বাংলাদেশৰ সম্পৰ্ক আগৰ দৰে থাকিব নে ? দুয়োখন দেশৰ বুজাবুজি চুক্তি পুনৰীক্ষণ কৰিব অন্তৱৰ্তীকালীন চৰকাৰে
ভাৰতৰ সৈতে স্বাক্ষৰিত বুজাবুজি চুক্তি পুনৰীক্ষণ কৰিব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে
manas-borah
Manas Borah | Updated On: 03 Sep 2024 14:19 PM

বাংলাদেশৰ অস্থিৰতাই পতন ঘটালে হাছিনা চৰকাৰৰ । ইয়াৰ পাছতে দেশখনত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ । মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতে ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈ বহু ধৰণে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে । চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ যি সম্পৰ্ক আছিল সেই সম্পৰ্ক আগৰ দৰে থাকিব নে ? এই ধৰণৰ প্ৰশ্নক লৈ এতিয়া কূটনৈতিক বিশ্লেষক সকলৰ মাজত চৰ্চা আৰম্ভ হৈছে । মনকৰিবলগীয়া ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে এটা কথা স্পষ্ট কৰিছিল যে, বাংলাদেশে ভাৰতৰ সৈতে ইতিবাচক সম্পৰ্ক বজাই ৰাখিব । কিন্তু আচৰিত কথাটো হ’ল, ইউনুছৰ চৰকাৰৰ শেহতীয়া কিছুমান সিদ্ধান্ত যেন দুয়োখন দেশৰ সম্পৰ্কৰ বিপৰীত ।

শেহতীয়াকৈ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ বিদেশ উপদেষ্টাগৰাকীয়ে ভাৰতৰ সৈতে কৰা বুজাবুজি চুক্তি পুনৰীক্ষণ কৰিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ এই মন্তব্য প্ৰকাশ কৰাৰ পাছতে এতিয়া দুয়োখন দেশৰ সম্পৰ্কক লৈ নেতিবাচক চিন্তা-চৰ্চা আৰম্ভ হ’বলৈ ধৰিছে । অন্তৱৰ্তীকালীন চৰকাৰৰ বিদেশ উপদেষ্টা তৌহিদ হুছেইনে কয় যে, যদি শ্বেখ হাছিনাৰ কাৰ্যকালত স্বাক্ষৰিত বুজাবুজি চুক্তি বাংলাদেশৰ বাবে লাভজনক নহয়, তেন্তে সেই চুক্তি পুনৰীক্ষণ কৰি বাতিল কৰিব কৰাৰ সম্ভাৱনা আছে ।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰা খবৰ অনুসৰি, বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে বিশ্বাস কৰে যে, শ্বেখ হাছিনা ভাৰতৰ একেবাৰে ঘনিষ্ঠ । তেওঁ ভাৰতৰ লাভৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে । চলিত বৰ্ষৰ জুন মাহত যেতিয়া শ্বেখ হাছিনা ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া দুয়োখন দেশৰ মাজত ১০ খন বুজাবুজি চুক্তিত স্বাক্ষৰিত হৈছিল। ইয়াৰে ৭ খন নতুন চুক্তি হোৱাৰ বিপৰীতে ৩ খন চুক্তি নৱীকৰণ কৰা হৈছিল।

এই চুক্তি সমূহৰ ভিতৰত ৰে’ল ট্ৰেনজিটৰ সৈতে জড়িত চুক্তিখনেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তি । এই চুক্তিৰ আধাৰত ভাৰতে বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰি এটা অংশৰ পৰা আন এটা অংশলৈ যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’ল প্ৰেৰণ কৰিব পাৰিব। এই চুক্তিয়ে দুয়োখন দেশৰ উপকাৰ কৰিব, ই বাংলাদেশক নেপাল আৰু ভূটানলৈ সামগ্ৰী প্ৰেৰণ কৰাত সহায় কৰিব আৰু ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সময় আৰু খৰচ ৰাহি হ’ব। বাংলাদেশত হাছিনা চৰকাৰৰ পতন আৰু অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পাছতে এতিয়া অনিশ্চয়তা মাজত সোমাই পৰিছে এই চুক্তিসমূহৰ ভৱিষ্যৎ।

উল্লেখ্য যে, একাংশ সংবাদ মাধ্যম প্ৰকাশিত খবৰত দাবী কৰা হৈছে যে, অন্তৱৰ্তীকালীন চৰকাৰখনে শ্বেখ হাছিনা আৰু তেওঁৰ চৰকাৰৰ নীতিৰ বিৰোধিতা কৰিছে । ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ মাজত স্বাক্ষৰিত চুক্তিক সমালোচনা কৰি আহিছে বৈদেশিক উপদেষ্টা তৌহীদ হুছেইনে।

Latest News