কিহৰ প্ৰতিশোধ ল'লে ইৰাণে? ইজৰাইলৰ ওপৰত চলালে ২০০ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ | iran attack on Israel what is the reason is this related to hamas and hijabullah Assam news - Assam Tv9

কিহৰ প্ৰতিশোধ ল’লে ইৰাণে? ইজৰাইলৰ ওপৰত চলালে ২০০ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ

Iran attack israel: ইৰাণে প্ৰায় ১৮০ টা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে। আইডিএফৰ মুখপাত্ৰই কয় যে ইৰাণৰ অধিকাংশ ক্ষেপণাস্ত্ৰ ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা আৰু আমেৰিকাৰ মিত্ৰশক্তিৰ প্ৰতিৰক্ষাই ধ্বংস কৰিছে।

কিহৰ প্ৰতিশোধ ললে ইৰাণে? ইজৰাইলৰ ওপৰত চলালে ২০০ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ

ইৰাণ- ইজৰাইল

Published: 

02 Oct 2024 17:37 PM

চলি থকা যুদ্ধৰ মাজতে মঙলবাৰে নিশা ইৰাণে ইজৰাইলৰ ওপৰত প্ৰায় ২০০ টা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলায়। দাবী অনুসৰি এই আক্ৰমণৰ সময়ত ইৰাণৰ ৯০ শতাংশ লক্ষ্যই সফল হয়। ইজৰাইলৰ ওপৰত ইৰাণৰ এয়া প্ৰথম আক্ৰমণ নহয়, ইয়াৰ পূৰ্বে এপ্ৰিল মাহতো শ শ ড্ৰ’ণ আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল। কিন্তু মঙলবাৰে কৰা আক্ৰমণৰ পাছতেই সমগ্ৰ বিশ্বত ইয়াক লৈ চৰ্চা চলিছে। এই আক্ৰমণৰ ফলত ইজৰাইলৰ বিশেষ ক্ষতি নহ’লেও এজনৰ মৃত্যু আৰু ২ জনলোকৰ আহত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে ইজৰাইলে কৈছে যে, ইৰাণে প্ৰায় ১৮০ টা বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে। আইডিএফৰ মুখপাত্ৰই কয় যে ইৰাণৰ অধিকাংশ ক্ষেপণাস্ত্ৰ ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা আৰু আমেৰিকাৰ মিত্ৰশক্তিৰ প্ৰতিৰক্ষাই ধ্বংস কৰিছে।  উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইলে যোৱা কেইটামান দিন ধৰি লেবাননত অহৰহ আক্ৰমণ চলাই আছে। গাজাত হামাছ, লেবাননত হিজাবুল্লাহক প্ৰায় ধ্বংস কৰাৰ পাছত ইৰাণক সকীয়নি প্ৰদান কৰিছিল ইজৰাইলে।

ইয়াৰ মাজতে আকস্মিকভাৱে কালি ইৰাণে ইজৰাইলৰ ওপৰত এই আক্ৰমণ চলায়। ইৰানে কয় যে হামাছৰ মুৰব্বী ইছমাইল হানিয়া, হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহ আৰু আই আৰ জি চিৰ জেনেৰেল আব্বাছ নীলফৰুছানৰ হত্যাৰ প্ৰতিক্ৰিয়া ৰূপে এই আক্ৰমণ চলাইছে। এই আটাইকেইজনৰ মৃত্যু হৈছিল ইজৰাইলৰ আক্ৰমণত। তেহৰাণত হামাছৰ মুৰব্বী ইছমাইল হানিয়া নিহত হোৱাৰ লগতে বেৰুটত হাছান নাছৰল্লাহ আৰু আব্বাছ নিলফৌছান নিহত হৈছিল। এই আক্ৰমণৰ সাম্ভাৱ্য কাৰণ কেইটামান উল্লেখ কৰা হ’ল-

ইছমাইল হানিয়া, নছৰল্লাহৰ মৃত্যুৰ প্ৰতিশোধ

হামাছ আৰু হিজাবুল্লাহক ইৰাণে প্ৰতিষ্ঠা কৰা সংগঠন বুলি কোৱা হয়। এই সংগঠনৰ সদস্যক প্ৰশিক্ষণ দিয়াৰ পৰা আৰম্ভ কৰি অস্ত্ৰ- শস্ত্ৰ যোগানলৈ, ইৰাণে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিছুদিন পূৰ্বে ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছিল ইছমাইল হানিয়া আৰু হাছান নছৰল্লাহৰ। এই দুয়োজন আছিল ইৰাণৰ চুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খামেনেইৰ ঘনিষ্ঠ। গতিকে এই মৃত্যুৰ প্ৰতিশোধ লবলৈ ইৰাণে এই আক্ৰমণ চলোৱা বুলি ক’ব পাৰি।

হামাছ-হিজবুল্লাহ মনোবল বৃদ্ধি কৰা

ইছমাইল হানিয়া আৰু হাছান নছৰল্লাহৰ মৃত্যুৰ পাছত বিপদত পৰিছিল হামাছ আৰু হিজাবুল্লাহ। ইতিমধ্যে এই সংগঠন দুটাক এক প্ৰকাৰ ধ্বংস কৰি পেলাইছে ইজৰাইলে। তেনে অৱস্থাত ইৰাণৰ এই আক্ৰমণে হামাছ – হিজাবুল্লাহৰ মনোবল বৃদ্ধি কৰিব আৰু পুনৰ মেৰুদণ্ড পোন কৰাত সহায় কৰিব। ইৰাণে এক প্ৰকাৰ আশ্বাস দিছে যে পৰিস্থিতি যিয়েই নহওক, তেওঁলোকৰ লগত ইৰাণ থাকিব।

সম্পূৰ্ণ নহ’ল গাজাত যুদ্ধবিৰতিৰ প্ৰতিশ্ৰুতি

হামাছৰ মুৰব্বী ইছমাইল হানিয়াৰ মৃত্যুৰ পাছত ইৰাণে প্ৰতিশোধ লোৱাৰ কথা কৈছিল। কিন্তু কূটনৈতিক কৌশল অৱলম্বন কৰি আমেৰিকাই ইৰাণৰ ক্ষোভ শান্ত কৰিছিল। আমেৰিকাই গজাত যুদ্ধ বিৰতিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই ক্ষেত্ৰত আমেৰিকাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে ইজৰাইলে। এই সুযোগতে ইজৰাইলে ইৰাণৰ জ্যেষ্ঠ নেতাৰ ঘনিষ্ঠ হাছান নছৰল্লাক হত্যা কৰে। গতিকে আমেৰিকাৰ ভুৱা প্ৰতিশ্ৰুতিও এই আক্ৰমণৰ কাৰণ হ’ব পাৰে।

ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ ওপৰত হেঁচা বৃদ্ধি

নছৰল্লাহৰ মৃত্যুৰ পিছত ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ ওপৰত প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণৰ হেঁচা বাঢ়ি আহিছিল। জনতাই ওলাই আহি আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছিল। যাৰ বাবে এই আক্ৰমণ কৰিব পাৰে।

ইৰাণৰ শক্তি প্ৰদৰ্শন

যোৱা কেইটামান দিন ধৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইৰাণৰ মুকলি ভাবুকি দি আহিছিল। শুকুৰবাৰে নেতানিয়াহুৱেও ৰাষ্ট্ৰসংঘৰ মঞ্চৰ পৰা ইৰাণক মুকলি সতৰ্কবাণী দিছিল। গতিকে এতিয়া এই আক্ৰমণৰ দ্বাৰা ইৰাণে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। এক প্ৰকাৰ  ইজৰাইলক কৈছে যে ইৰাণ দুৰ্বল নহয়।

Latest Stories
India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক…
Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক…
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প
Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...