ট্ৰাম্পৰ ওপৰত কিহৰ প্ৰতিশোধ ল’ব বিচাৰে ইৰাণে? প্ৰাক্তন IRGC কমাণ্ডাৰে দিলে মুকলি ভাবুকি!
ড'নাল্ড ট্ৰাম্পৰ হোৱাইট হাউচলৈ উভতি অহাৰ ফলত চিন্তা বৃদ্ধি হ'ব পাৰে ইৰাণৰ। ইয়াৰ মাজতে ইৰাণৰ প্ৰাক্তন IRGC কমাণ্ডাৰে ট্ৰাম্পক লৈ মন্তব্য প্ৰদান কৰিছে । যাৰ ফলত দুয়োখন দেশৰ মাজৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰক্ষণশীল নেতা আৰু প্ৰাক্তন কমাণ্ডাৰ হুছেইন কানানী মুগাদমে কৈছে যে 'আমেৰিকাৰ হাতত জেনেৰেল কাছিম ছুলেমানীৰ মৃত্যুৰ বিষয়টো এতিয়াও সমাধান হোৱা নাই'।
আমেৰিকাত ড’নাল্ড ট্ৰাম্পৰ বিজয়ে ইৰাণৰ উদ্বেগ বৃদ্ধি কৰিব বুলি কোৱা হৈছে। ট্ৰাম্প ক্ষমতালৈ আহিলে ইৰাণৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ইৰাণৰ তেল ৰপ্তানি অধিক সীমিত কৰিব পাৰে। এইটোৱে ইতিমধ্যে ভাঙি পৰা ইৰাণৰ অৰ্থনীতিত ডাঙৰ আঘাত হানিব পাৰে।
অৱশ্যে, ইৰাণ চৰকাৰে ট্ৰাম্পৰ বিজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকৰ বাবে ট্ৰাম্প আৰু হেৰিছৰ মাজৰ পাৰ্থক্য নাই। ইৰানে কয় যে আমেৰিকাৰ নিৰ্বাচনৰ ফলাফলক লৈ চিন্তিত নহয়। কিন্তু দুয়োখন দেশৰ মাজৰ সংঘাত অধিক বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত।
‘ট্ৰাম্পৰ মূৰত প্ৰতিশোধৰ তৰোৱাল’
ইফালে, ইৰাণৰ IRGCৰ প্ৰাক্তন কমাণ্ডাৰে ট্ৰাম্পৰ সন্দৰ্ভত এটা ডাঙৰ মন্তব্য দিছে। ৰক্ষণশীল নেতা আৰু প্ৰাক্তন কমাণ্ডাৰ হুছেইন কানানী মুগাদমে কৈছে যে আমেৰিকাৰ হাতত জেনেৰেল কাছিম ছুলেমানীৰ হত্যাৰ হোৱাৰ বিষয়টো এতিয়াও সমাধান হোৱা নাই। আৰু প্ৰতিশোধৰ তৰোৱাল ট্ৰাম্পৰ মূৰৰ ওপৰত আছে।”
দৰাচলতে, ২০২০ চনৰ ৩ জানুৱাৰীত বাগদাদ বিমানবন্দৰত আমেৰিকাই কৰা দ্ৰোণ আক্ৰমণত কাছিম ছুলেমানী নিহত হয়। সৰ্বোচ্চ নেতা খামেনিৰ পিছত তেওঁ ইৰাণৰ দ্বিতীয় আটাইতকৈ শক্তিশালী ব্যক্তি আছিল। ছুলেমানী IRGCৰ কুদছ বাহিনীৰ কমাণ্ডাৰ আছিল আৰু ইৰাণৰ চোৰাংচোৱা অভিযানৰ পৰিচালনাৰ লগত জড়িত হৈ আছিল।
ট্ৰাম্পে ছুলেমানীক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল
ছুলেমানীৰ মৃত্যুৰ পিছত ড’নাল্ড ট্ৰাম্পে ইয়াক আমেৰিকাৰ ডাঙৰ বিজয় বুলি বৰ্ণনা কৰে। তেওঁ কৈছিল যে আমেৰিকাই বিশ্বৰ এক নম্বৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে। ছুলেমানীৰ মৃত্যুৰ পিছৰে পৰা ইৰাণে নিশ্চিতভাৱে তেওঁৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বুলি অনুমান কৰা হৈছিল। কিন্তু হামাছ-হিজবুল্লাহ প্ৰধানৰ হত্যাৰ প্ৰতিশোধ লোৱা ইৰাণে এতিয়ালৈকে কমাণ্ডাৰৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সক্ষম হোৱা নাই।
ট্ৰাম্পক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে নেকি ইৰানে?
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰচাৰৰ সময়ত পেনচিলভেনিয়াত ড’নাল্ড ট্ৰাম্পক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল। এই ঘটনাৰ পিছত, দাবী কৰা হৈছিল যে ইৰাণে কেৱল জেনেৰেল কাছিম ছুলেমানীৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ট্ৰাম্পৰ ওপৰত মাৰাত্মক আক্ৰমণৰ ষড়যন্ত্ৰ কৰি আছে। CNNৰ প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে ইৰাণৰ ষড়যন্ত্ৰ সম্পৰ্কে গোপন তথ্য লাভ কৰিছিল। তাৰ পাছতে ট্ৰাম্পৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।
উল্লেখ্য যে, আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ডনাল্ড ট্ৰাম্প। দ্বিতীয় বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে হোৱাইট হাউচলৈ ট্ৰাম্প। প্ৰায়ে বিতৰ্কত থকা ট্ৰাম্পৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। কিন্তু তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ট্ৰাম্পে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ট্ৰাম্পে ২০২১ চনৰ ২০ জানুৱাৰীলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।