ইজৰাইলৰ ওপৰত ইৰাণৰ ডাঙৰ আক্ৰমণ, নিক্ষেপ কৰা হৈছে ৪০০ টাতকৈ অধিক বেলিষ্টিক মিছাইল…

ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইলেৰে বৃহৎ আক্ৰমণ সংঘটিত কৰিছে ইৰাণে । ইতিমধ্যে ইজৰাইল সেনাই সতৰ্কবাণী জাৰি কৰি সাধাৰণ নাগৰিকক আশ্ৰয় শিবিৰত থাকিবলৈ আহ্বান জনাইছে ।

ইজৰাইলৰ ওপৰত ইৰাণৰ ডাঙৰ আক্ৰমণ, নিক্ষেপ কৰা হৈছে ৪০০ টাতকৈ অধিক বেলিষ্টিক মিছাইল...

প্ৰতীকী ফটো

Updated On: 

01 Oct 2024 23:27 PM

ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ সংঘটিত কৰিছে ইৰাণে । ইজৰাইল সেনাই দাবী কৰিছে যে, ইৰাণৰ পৰা ইজৰাইলৰ বিভিন্ন স্থানক লক্ষ্য কৰি ৪০০ টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে । ইতিমধ্যে ইজৰাইল সেনাই সতৰ্কবাণী জাৰি কৰি সাধাৰণ নাগৰিকক আশ্ৰয় শিবিৰত থাকিবলৈ আহ্বান জনাইছে । আইডিএফৰ সতৰ্কবাণীৰ পাছতে সমগ্ৰ ইজৰাইলত চাইৰেন বাজিবলৈ আৰম্ভ কৰিছে । বিশেষভাৱে মধ্য আৰু দক্ষিণ ইজৰাইলৰ সাধাৰণ নাগৰিকক বাংকাৰত আশ্ৰয় ল’বলৈ কৈছে ইজৰাইল সেনাই  ।

উল্লেখ্য যে, হিজবুল্লাহৰ মুৰব্বী নছৰল্লাহৰ মৃত্যুৰ পাছৰে পৰা ইজৰাইলৰ ওপৰত বৃহৎ আক্ৰমণ হ’ব পাৰে সন্দেহ কৰা হৈছিল । ইফালে,ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পূৰ্বেই ইজৰাইলৰ সেনাই আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছিল। আইডিএফে কৰা টুইটত এইটোও কোৱা হৈছিল যে, হিজবুল্লাহে ইজৰাইলৰ সাধাৰণ নাগৰিকক হত্যা কৰাৰ পৰিকল্পনা কৰিছে।

ইৰাণৰ পৰা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ লগে লগে ইজৰাইলে নিজৰ নিৰাপত্তাৰ ঢাল আইৰন ড’ম সক্ৰিয় কৰি তুলিছে। প্ৰকাশিত খবৰ অনুসৰি,মঙলবাৰৰ পৰা জাফা ষ্টেচনৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ হয়, য’ত দুজন সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ৪ জন লোকৰ মৃত্যু হয়। ইফালে, ইৰাণৰ পৰা বেলিষ্টিক মিছাইল নিক্ষপ কৰাৰ খবৰে ইজৰাইলৰ নাগৰিকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক
এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস!
অৱসৰৰ পিছতে কন্যাৰ পৰা অশ্বিনে পালে এনে বিশেষ উপহাৰ, লাভ কৰিছে ব্যাপক চৰ্চা