চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ: ৬জনকৈ প্ৰতিবাদকাৰীক মৃত্যুদণ্ড বিহিলে আদালতে!
২০২২ চনত প্ৰতিবাদৰ সময়ত বাচিজ মিলিছিয়াৰ সদস্য আৰমান আলিভাৰ্ডিৰ হত্যাত জড়িত থকাৰ বাবে ছয়জন লোকক মৃত্যুদণ্ডৰ ৰায় দিয়ে ইৰাণৰ এখন আদালতে। অভিযুক্তসকলৰ বিৰুদ্ধে আৰোপ কৰা হৈছে হত্যা আৰু ৰাজহুৱা শান্তি বিঘ্নিত কৰাৰ অভিযোগ । যদিও তেওঁলোকৰ বিৰুদ্ধে কোনো দৃঢ় প্ৰমাণ নাই। ইয়াৰ পাছতে মানৱ অধিকাৰ সংগঠনসমূহে অভিযুক্তৰ বিৰুদ্ধে ন্যায়িক প্ৰক্ৰিয়াত স্বচ্ছতা অভাৱ আৰু প্ৰতাৰণাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
২০২২ চনত প্ৰতিবাদৰ সময়ত বাচিজ মিলিছিয়া সদস্যৰ হত্যাত জড়িত থকাৰ বাবে ছয়জন লোকক মৃত্যুদণ্ডৰ ৰায় দিয়ে ইৰাণৰ আদালতে। এই ব্যক্তিসকল হত্যাকাণ্ডটোত জড়িত আছিল বুলি অভিযোগ উত্থাপন কৰা হৈছে। এই অভিযুক্তসকলৰ বিৰুদ্ধে কোনো দৃঢ় প্ৰমাণ নাই। যাক লৈ এতিয়া বিবাদ আৰম্ভ হৈছে কিয়নো ইয়াৰ ভিতৰত আছে মিলাদ আৰমুন, আলিৰেজা কাফাই, আমিৰ মহম্মদ খোশ আগবল, নাজৰান, হুছেইন নেমাতি আৰু আলিৰেজা বেৰ্মাৰ্জপৰ্ণাক।
আটাইকেইজনকে কিচাছ আল-নাফছ (ইছলামিক প্ৰতিশোধমূলক মৃত্যুদণ্ড)ৰ অধীনত দণ্ডিত কৰা হয়। অৱশ্যে, এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনাব পাৰি। এই গোচৰটো মাহচা আমিনীৰ মৃত্যুৰ পিছত হোৱা প্ৰতিবাদৰ সৈতে সম্পৰ্কিত। য’ত ছয়জন অভিযুক্তৰ বিৰুদ্ধে বাচিজ মিলিছিয়াৰ সদস্য অৰমান আলিভাৰ্ডিক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযুক্তসকলৰ বিৰুদ্ধে হত্যা, ৰাজহুৱা শান্তি বিঘ্নিত কৰাৰ দৰে অধিক গুৰুতৰ অভিযোগ আৰোপ কৰা হৈছে। অৱশ্যে, ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত আলিভাৰ্ডিক তেজৰে লুতুৰি-পুতুৰি হৈ পৰি থকা দেখা গৈছে আৰু সেই সময়ত এজন প্ৰতিবাদকাৰীয়ে তেওঁক লথিয়াই আছিল। চৰকাৰী বিষয়াসকলে কয় যে আলিভাৰ্দীক প্ৰতিবাদকাৰীসকলে ছুৰিকাঘাত কৰিছিল। কিন্তু অভিযুক্তকেইজনে এই অভিযোগ অস্বীকাৰ কৰে। এখবাতানৰ বাসিন্দাসকলে কৈছিল যে আলিভাৰ্ডিয়ে প্ৰতিবাদৰ মাজত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল।
ন্যায়িক ব্যৱস্থাৰ ওপৰত চৰকাৰৰ চাপ
এই বিষয়টোৱে ইৰাণৰ ন্যায়িক ব্যৱস্থাৰ ওপৰত শাসকীয় চৰকাৰৰ বৰ্ধিত চাপক প্ৰদৰ্শন কৰে। লগতে বিৰোধীৰ কণ্ঠ স্বৰ আৰু প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ ই এক নতুন অস্ত্ৰ হৈ পৰিছে। মানৱ অধিকাৰ সংগঠনসমূহেও বিষয়টো উত্থাপন কৰিছে যে এই অভিযুক্তসকলক প্ৰতাৰণা কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে চলা বিচাৰত নিৰপেক্ষতাৰ অভাৱ আছে।
প্ৰতিবাদকাৰীসকলৰ ওপৰত চাপ
ইকেবাটানত বাচিজ মিলিছিয়াই প্ৰতিবাদকাৰীসকলক হেঁচা প্ৰযোগ কৰা আৰু এপাৰ্টমেণ্টত প্ৰৱেশ কৰি সম্পত্তি ক্ষতি কৰাৰ দৰে কেইবাটাও ঘটনা পোহৰলৈ আহিছে। ইৰাণত চলা শাসনৰ লৈ বিৰোধ বৃদ্ধি পোৱাৰ লগে লগে ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে অসন্তুষ্টিও বৃদ্ধি হৈছে। ৰাজনৈতিক কৰ্মী হুছেইন ৰোনাঘিয়ে এই শাস্তিৰ বিৰোধিতা কৰি লিখিছে যে- ই ন্যায়পালিকাৰ বিৰোধী আৰু প্ৰতিবাদকাৰীসকলক নীৰৱ কৰাৰ এক অস্ত্ৰ হৈ পৰিছে।
মানৱ অধিকাৰ সংগঠনসমূহৰ প্ৰশ্ন উত্থাপন
একে সময়তে, মানৱ অধিকাৰ সংগঠনবোৰে বিশ্বাস কৰে যে ইৰাণত প্ৰতিবাদৰ সৈতে সম্পৰ্কিত শুনানিত স্বচ্ছতাৰ অভাৱ আছে আৰু ইয়াত আন্তৰ্জাতিক আইনী মানদণ্ড অনুসৰণ কৰা হোৱা নাই।এতিয়ালৈকে, প্ৰতিবাদৰ সৈতে জড়িত কেইবাটাও শাস্তিৰ ঘটনা পোহৰলৈ আহিছে, য’ত ৯জন লোকক মৃত্যুদণ্ড দিয়া হৈছে। ইয়াৰ ভিতৰত আছে মহম্মদ মেহেদী কাৰামী, মহম্মদ ঘোবাডো, মোহন শ্বেখৰী আৰু মাজিদৰেজা ৰহনৱাৰ্ডৰ দৰে নাম। ইৰাণৰ ন্যায়পালিকাৰ এই কঠোৰ মনোভাৱে মানৱ অধিকাৰ উলংঘনক লৈ উদ্বেগ বৃদ্ধি কৰিছে।