ইৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা, তীৰ্থ যাত্ৰালৈ যোৱা ২৮ পাকিস্তানীৰ মৃত্যু, আহত বহুতো
কিছুদিন পূৰ্বে পোহৰলৈ অহা তথ্য অনুসৰি পাকিস্তানৰ পৰা ইৰাকলৈ তীৰ্থ যাত্ৰালৈ যোৱা প্ৰায় ৫০,০০০ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই তথ্য পাকিস্তান চৰকাৰৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰী চৌধুৰী ছালিক হুছেইনে জাৰি কৰিছিল।
ইৰাকৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ২৮ গৰাকী পাকিস্তানী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় বহুতো। পাকিস্তানৰ পৰা প্ৰতিবছৰে শ শ ছিয়া তীৰ্থযাত্ৰী ইৰাকলৈ যায়। ২০ আগষ্টৰ দিনাও পাকিস্তানী যাত্ৰীৰে ভৰা এখন বাছ ইৰাকৰ তীৰ্থস্থানলৈ গৈ আছিল। এই বাছখনত প্ৰায় ৫১ জনলোক আছিল, কিন্তু নিশাৰ ভাগত এই বাছখন ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত হয়। ঘটনাৰ ফলত প্ৰায় ২৮ জনলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়।
স্থানীয় জৰুৰীকালীন বিষয়া মহম্মদ আলী মালেকজাদেই জনোৱা মতে, মঙলবাৰে নিশা ইৰাণৰ ইয়াজদ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা। তেওঁ কয় যে এই দুৰ্ঘটনাত ২৩ জন লোক আহত হৈছে, ইয়াৰে ১৪ জন লোকৰ অৱস্থা সংকটজনক। কি কাৰণে এই দুৰ্ঘটনা সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
উল্লেখ কৰা প্ৰয়োজন যে, ইৰাকত প্ৰতিবছৰে এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। যান-বাহন আইন মানি নচলা আৰু অসুৰক্ষিত বাহনৰ বাবে প্ৰতি বছৰে দেশখনত ১৭,০০০ ৰো অধিক দুৰ্ঘটনা সংঘটিত হয়। ইৰাকৰ পথ সুৰক্ষা ব্যৱস্থাও ঠিক নহয়। এই ঘটনাৰ পিছদিনা পুৱা ছিস্তান আৰু বেলুচিস্তানত আন এক বাছ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন আহত হয়। এতিয়া দুয়োটা দুৰ্ঘটনাৰ তদন্ত চলি আছে।
প্ৰতিবছৰে মুছলিম সম্প্ৰদায়ৰ লোকসকল তীৰ্থ যাত্ৰাৰ বাবে ইৰাকলৈ যায়। কেৱল পাকিস্তান নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইৰাকলৈ তীৰ্থযাত্ৰী আহে। বিশেষকৈ ছিয়া মুছলমানসকল ইৰাকলৈ বেছিকৈ যায়। এই যাত্ৰা কৰা লোকসকলক অৰবাইন বুলি কোৱা হয়, যাৰ বাবে এই তীৰ্থ যাত্ৰাৰ বিশেষ গুৰুত্ব আছে। ইছলামিক কেলেণ্ডাৰ অনুসৰি এই যাত্ৰা মহৰমৰ দশম দিনা আৰু আছুৰাৰ চল্লিশ দিনৰ পিছত হয়। এই দিনটোতে ছিয়া মুছলমানসকলে হজৰত মহম্মদৰ নাতি আৰু ইমাম হুছেইনৰ কাৰ্বালাৰ যুদ্ধত শ্বহীদ হোৱাৰ কথা স্মৰণ কৰে।
যাৰ বাবে প্ৰতিবছৰে বিশ্বৰ কোটি কোটি মুছলিম তীৰ্থযাত্ৰী ইৰাকৰ কাৰ্বালত উপস্থিত হয়। কিন্তু প্ৰতি বছৰে এনে ধৰণ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাও দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে পোহৰলৈ অহা তথ্য অনুসৰি পাকিস্তানৰ পৰা ইৰাকলৈ তীৰ্থ যাত্ৰালৈ যোৱা প্ৰায় ৫০,০০০ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই তথ্য পাকিস্তান চৰকাৰৰ ধৰ্মীয় পৰিক্ৰমা মন্ত্ৰী চৌধুৰী ছালিক হুছেইনে জাৰি কৰিছিল।