গাজাৰ স্কুলত ইজৰাইলৰ বিমান আক্ৰমণ, ৭ টা শিশুকে ধৰি নিহত ৩০ জন | Israel Air Atrike on Gaza School, 30 people Including 7 Children killed Assam news - Assam Tv9

Israel Air Atrike on Gaza : গাজাৰ স্কুলত ইজৰাইলৰ বিমান আক্ৰমণ, ৭ টা শিশুকে ধৰি ৩০ জন লোক নিহত

Israel Air Atrike on Gaza School : গাজাৰ এখন বিদ্যালয়ত বিমানেৰে আক্ৰমণ সংঘটিত কৰে ইজৰাইলে । ইজৰাইলৰ এই বিমান আক্ৰমণত প্ৰায় ৩০ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । গাজা আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে স্থানচ্যুত হোৱা পেলেষ্টাইনীসকলে এই বিদ্যালয়তে আশ্ৰয় গ্ৰহণ কৰিছিল ।

Israel Air Atrike on Gaza : গাজাৰ স্কুলত ইজৰাইলৰ বিমান আক্ৰমণ, ৭ টা শিশুকে ধৰি ৩০ জন লোক নিহত

গাজাত ইজৰাইলৰ আক্ৰমণ (ফাইল ফটো)

Published: 

28 Jul 2024 09:45 AM

শনিবাৰে মধ্য গাজাৰ এখন বিদ্যালয়ত বিমানেৰে আক্ৰমণ সংঘটিত কৰে ইজৰাইলে । ইজৰাইলৰ এই বিমান আক্ৰমণত প্ৰায় ৩০ জন লোক নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে । গাজা আৰু ইজৰাইলৰ যুদ্ধৰ মাজতে স্থানচ্যুত হোৱা পেলেষ্টাইনীসকলে এই বিদ্যালয়তে আশ্ৰয় গ্ৰহণ কৰিছিল । ইফালে, এই আক্ৰমণত আহত সকলক আল আকছা হাস্পতাললৈ লৈ যোৱা হয় । উল্লেখ্য যে, হাস্পতালতে কেইজনো লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত খবৰ অনুসৰি, নিহত সকলৰ ভিতৰত ৭ টা শিশু আৰু ৭ গৰাকী মহিলাও আছে। এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলী সেনাই কয় যে, তেওঁলোকে হামাছৰ কমাণ্ড এণ্ড কণ্ট্ৰ’ল চেণ্টাৰক লক্ষ্য কৰি লৈছিল । যিটো কেন্দ্ৰৰ সহায়ত অস্ত্ৰ-শস্ত্ৰ মজুত কৰা হৈছিল আৰু আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। একে সময়তে হামাছে ইজৰাইল সেনাৰ এই দাবীক সম্পূৰ্ণৰূপে নাকচ কৰে।

লগতে পঢ়কঃ কিয় গাজাৰ বিদ্যালয়সমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইল সেনাৰ ?

গাজাৰ অসামৰিক সুৰক্ষা কৰ্মীসকলে কয় যে, স্থানচ্যুত হোৱা হাজাৰ হাজাৰ লোকে এই বিদ্যালয়ত আশ্ৰয় লৈছিল । ইয়াত এখন চিকিৎসালয়ও আছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, শনিবাৰে আন আন আক্ৰমণতো ১২ জন লোক নিহত হৈছে । উল্লেখ্য যে, আমেৰিকা, ইজিপ্ত, কাটাৰ আৰু ইজৰাইলৰ বিষয়াসকলে আজি ইটালীত এক বৈঠকত মিলিত হৈ যুদ্ধবিৰতি সন্দৰ্ভত আলোচনা কৰিব।

ইফালে, ইজৰাইলৰ সেনাই শনিবাৰে গাজাৰ নিৰ্দিষ্ট এটা অঞ্চলৰ এটা অংশ খালী কৰাৰ নিৰ্দেশ দিয়ে। সেই অঞ্চলত ৰকেট আক্ৰমণৰ প্ৰতি সতৰ্ক কৰি ইজৰাইলে এই নিৰ্দেশ দিছিল।

লগতে পঢ়কঃ চৰাইবোৰেও উৰিবলৈ ভয় কৰা হৈছে ! সপোন দেখাৰ বয়সত যুদ্ধৰ পৰিণতি ভুগিছে গাজাৰ হাজাৰ হাজাৰ শিশুৱে…

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?