শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গাজাৰ বিদ্যালয়ত ইজৰাইলৰ বিমান আক্ৰমণ, প্ৰায় ৩৪ জনৰ মৃত্যু…

বিগত ১০ মাহ ধৰি নিজ কন্যাক দেখা নাছিল। তেওঁ উত্তৰ গাজাত কাম কৰাৰ বিপৰীতে তেওঁৰ পৰিয়াল দক্ষিণৰ পিনে গুচি গৈছিল।  কিন্তু কন্যাক দেখা পোৱা নহ'ল মমিন চেলমীৰ।

গাজাৰ বিদ্যালয়ত ইজৰাইলৰ বিমান আক্ৰমণ, প্ৰায় ৩৪ জনৰ মৃত্যু…
ইজৰাইল- গাজা
barasha-sarma
Barasha Sarma | Published: 12 Sep 2024 09:54 AM

ইজৰাইল আৰু গাজাৰ মাজত চলি থকা যুদ্ধা শাম কটাৰ নাম লোৱা নাই। বুধবাৰে ইজৰাইলে গাজাত পুনৰ এবাৰ বিমান আক্ৰমণ চলাই, য’ত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। মৃত্যু হোৱা সকলৰ ভিতৰত ১৯ গৰাকী মহিলা আৰু দুটি শিশু আছে। এই বিমান আক্ৰমণত ইজৰাইলে ইউএনৰ এখন বিদ্যালয়ত আক্ৰমণ কৰে। এই বিদ্যালয়খনত বৰ্তমান স্থানচ্যুতলোকে আশ্ৰয় লৈ আছিল। আক্ৰমণৰ ফলত প্ৰায় ১৮ জনমানলোক আহত হৈছে।

গাজাত ধাৰাবাহিক আক্ৰমণ সংঘটিত হৈ থকাৰ মাজত জনসাধাৰণৰ মাজত শংকা বৃদ্ধি পাইছে। যিবোৰ স্থানত নিৰাপদ বুলি ভৱা হৈছিল সেই স্থানতো এতিয়া ইজৰাইলে আক্ৰমণ কৰা আৰম্ভ কৰিছে। স্থানচ্যুত লোকসকলে আশ্ৰয় লৈ থকা স্থানত আক্ৰমণ কৰাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ইজৰাইলে আক্ৰমণ চলাইছিল।এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল সেনাই কয় যে, তেওঁলোকে নুছিৰাট শৰণাৰ্থী শিবিৰত অৱস্থিত এখন বিদ্যালয়ত আক্ৰমণ কৰিছিল। এই আক্ৰমণ আছিল হামাছৰ সন্ত্ৰাসবাদীক হত্যা কৰাৰ বাবে।

তথ্য অনুসৰি মৃত শিশুসকলৰ ভিতৰত গাজাৰ এটা নাগৰিক সুৰক্ষা সংস্থাৰ সদস্য মমিন চেলমীৰ কন্যাও আছিল। মমিন চেলমীয়ে আক্ৰমণত আহতসকলক উদ্ধাৰ কৰাৰ কাম কৰে। তেওঁ বিগত ১০ মাহ ধৰি নিজ কন্যাক দেখা নাছিল। তেওঁ উত্তৰ গাজাত কাম কৰাৰ বিপৰীতে তেওঁৰ পৰিয়াল দক্ষিণৰ পিনে গুচি গৈছিল।  কিন্তু কন্যাক দেখা পোৱা নহ’ল মমিন চেলমীৰ। তাৰ পূৰ্বেই ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱালে শিশুটিয়ে।

যোৱা বছৰৰ পৰাই ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ অব্যাহত আছে। ইজৰাইলৰ আক্ৰমণ আৰু ঠাই খালী কৰাৰ নিৰ্দেশৰ পাছতেই হাজাৰ হাজাৰ পেলেষ্টাইনীলোকে ঘৰি এৰি যাবলৈ বাধ্য হৈছিল। তেনে বহু লোক এতিয়া গাজাৰ বিভিন্ন বিদ্যালয় বা অন্য স্থানত আশ্ৰয় লৈ আছে। আক্ৰমণৰ সময়ত ইজৰাইলে বিদ্যালয়সমূহকো এৰি দিয়া নাই। যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ইজৰাইলে কেইবাবাৰো গাজাৰ বিদ্যালয়সমূহত আক্ৰমণ কৰিছে। ইজৰাইলে দাবী কৰে যে এই বিদ্যালয়সমূহত হামাছৰ সন্ত্ৰাসবাদী লুকাই আছে, যাৰ বাবে তেওঁলোকে এনে ঠাইত আক্ৰমণ কৰে।

ইউনিচেফ, এডুকেচন ক্লাষ্টাৰে জুলাই মাহত এক সমীক্ষা চলাইছিল য’ত প্ৰকাশ পাইছিল যে ইজৰাইলৰ আক্ৰমণত গাজাৰ প্ৰায় ৯০ শতাংশ বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰোপৰি যিসমূহ বিদ্যালয়ত স্থানচ্যুত লোকে আশ্ৰয় লৈ আছিল সেই সমূহৰ আধাতকৈ বেছি বিদ্যালয়ত ইজৰাইলে আক্ৰমণ কৰিছে।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই যুদ্ধত এতিয়ালৈকে ৪১,০৮৪ পেলেষ্টাইনীলোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত বৃহৎ সংখ্যক শিশু আৰু মহিলাও আছে। লগতে এই যুদ্ধত এতিয়ালৈকে ৯৫,০২৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা বছৰৰ ৭ অক্টোবৰত হামাছে  ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল যত প্ৰায় ১২০০লোকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা এই যুদ্ধ অবিৰতভাৱে চলিয়েই আছে।

Latest News