গাজাৰ অসামৰিক অঞ্চলসমূহ কিয় লক্ষ্য কৰি লৈছে ইজৰাইলে ? বিমান আক্ৰমণত পুনৰ ২৯ জন পেলেষ্টাইনী নিহত…
ইজৰাইলে গাজাত ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে । শনিবাৰে ইজৰাইলে চলোৱা এক সামৰিক আক্ৰমণত নিশাটোৰ ভিতৰতে কমেও ২৯ জন পেলেষ্টাইনী নিহত হৈছে।

মধ্যপ্ৰাচ্য এতিয়াও যুদ্ধৰ আতংকৰ পৰা মুক্ত হ’ব পৰা নাই । ইজৰাইলে গাজাত ধাৰাবাহিকভাৱে আক্ৰমণ অব্যাহত ৰাখিছে । শনিবাৰে ইজৰাইলে চলোৱা এক সামৰিক আক্ৰমণত নিশাটোৰ ভিতৰতে কমেও ২৯ জন পেলেষ্টাইনী নিহত হৈছে। আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাই জনোৱা মতে, জাবালিয়াত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক।
সূত্ৰ খবৰ অনুসৰি, ইজৰাইলী বাহিনীয়ে আকাশ আৰু স্থলভাগৰ পৰা জাবালিয়াত আক্ৰমণ অব্যাহত ৰাখিছে । জাবালিয়াত বৃহৎ সংখ্যক শৰণাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰিছিল । ইজৰাইলৰ সেনাই শনিবাৰে গাজা চহৰৰ উত্তৰ প্ৰান্ত খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল । জাবালিয়া গাজা চহৰৰ উত্তৰত অৱস্থিত । হামাছৰ দ্বাৰা পৰিচালিত গাজাৰ স্বৰাজ মন্ত্ৰালয়ে এক বিবৃতিত বাসিন্দাসকলক গাজাৰ উত্তৰ অঞ্চলসমূহলৈ যাত্ৰা নকৰিবলৈ আৰু লগতে ইজৰাইলে প্ৰতিদিনে গোলাবৰ্ষণ কৰা দক্ষিণ প্ৰান্তলৈ যাত্ৰা নকৰিবলৈ আহ্বান জনাইছিল।
ইজৰাইলৰ সেনাই দাবী কৰিছে যে, হামাছৰ যোদ্ধাসকলে অসামৰিক অট্টালিকাসমূহ ঘাটি হিচাপে ব্যৱহাৰ কৰি আহিছে । গতিকে হামাছৰ যোদ্ধাসকলক লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ লগতে তেওঁলোকে দাবী কৰে যে, যোৱা কিছুদিনত কমল আদৱান হাস্পতালকে ধৰি অঞ্চলসমূহ খালী কৰাৰ বাবে স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছে। যোৱা কিছুদিন পূৰ্বে সেনাই জনাইছিল যে, জাবালিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সেনাই কেইবা ডজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে সামৰিক আন্তঃগাঁথনি ধ্বংস কৰিছে।
শনিবাৰে প্ৰকাশিত খবৰ অনুসৰি, বিমান আক্ৰমণত ২০ জনতকৈ অধিক হামাছৰ যোদ্ধা নিহত হৈছে। ইজৰাইল সেনাই স্পষ্ট কৰি কয় যে, তেওঁলোকৰ লক্ষ্য হৈছে উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিয়া আৰু হামাছক পুনৰ গোট খোৱাত বাধা দিয়া। মনকৰিবলগীয়া যে,অসামৰিক অঞ্চলসমূহক হামাছে ঘাটি হিচাপে ব্যৱহাৰ কৰা বুলি ইজৰাইল সেনাই যি দাবী কৰিছে, সেই দাবী অস্বীকাৰ কৰিছে হামাছে ।
পেলেষ্টাইনৰ স্বাস্থ্য বিষয়াসকলে যোৱা সপ্তাহত জাবালিয়াত নিহত লোকৰ সংখ্যা প্ৰায় ১৫০ জন বুলি প্ৰকাশ কৰিছে। পেলেষ্টাইন আৰু ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে কয় যে,গাজাত কোনো নিৰাপদ অঞ্চল নাই। উত্তৰ গাজাত খাদ্য, ইন্ধন আৰু চিকিৎসা সামগ্ৰীৰ গুৰুতৰ অভাৱকলৈও তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে । গাজাত উগ্ৰপন্থী সংগঠন হামাছক নিৰ্মূল কৰাৰ লক্ষ্যৰে ইজৰাইলৰ সামৰিক অভিযানত এতিয়ালৈকে ৪২ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে ।