Israel air strikes: মৃত্যু ৪৯২ জনৰ, আহত প্ৰায় ২০০০জন! ৩৪ বছৰত লেবাননত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ | israel air strikes lebanon on hijabullah dead at least 492 injured 2000 Assam news - Assam Tv9

Israel air strikes: মৃত্যু ৪৯২ জনৰ, আহত প্ৰায় ২০০০জন! ৩৪ বছৰত লেবাননত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ

Published: 

24 Sep 2024 07:48 AM

Israel air strikes: ২৩ ছেপ্টেম্বৰৰ পুৱা প্ৰথমে হিজাবুল্লাহৰ কেইবাটাও ক্ষেপনাস্ত্ৰ নিক্ষেপ স্থান নষ্ট কৰিল পেলাই য'ৰ পৰা তেওঁলোকে ইজৰাইলত আক্ৰমণ কৰিব বিচাৰিছিল।  তাৰ পাছতেই ইজৰাইলে আৰম্ভ কৰে বিধ্বংসী আক্ৰমণ।নিহতৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। 

Israel air strikes: মৃত্যু ৪৯২ জনৰ, আহত প্ৰায় ২০০০জন! ৩৪ বছৰত লেবাননত ইজৰাইলৰ বিধ্বংসী আক্ৰমণ

ইজৰাইল

Follow Us On

সোমবাৰে কেইবাটাও ভয়ংকৰ আক্ৰমণেৰে জোকাৰি যায় লেবানন। চলি থকা যুদ্ধৰ মাজতে ইজৰাইলে লেবাননৰ দক্ষিণ আৰু উত্তৰ- পূৱ অংশৰ কেইবাটাও স্থানত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত ইজৰাইলে হিজাবুল্লাহৰ প্ৰায় ১২০০ তকৈ অধিক শিবিৰ লক্ষ্য কৰি লয়। ইজৰাইলী সেনাৰ তথ্যৰ মতে এই আক্ৰমণৰ ফলত বৰ্তমানলৈ কমেও ৪৯২ জনলোকৰ মৃত্যু হৈছে আৰু আহত হৈছে প্ৰায় ২০০০ জন। মৃত্যু হোৱাসকলৰ ভিতৰত ৩৫ টা শিশু আৰু ৫৮ গৰাকী মহিলা আছে বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি,  ১৯৯০ চনৰ পাছত লেবাননত ইজৰাইলে এই বৃহৎ আক্ৰমণ সংঘটিত কৰিছে।

জানিব পৰা মতে আক্ৰমণৰ পূৰ্বে ইজৰাইলী সেনাই লেবাননৰ জনতাক আক্ৰমণৰ ঠাইসমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। লেবাননৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বেৰুতৰ লগতে কেইবা স্থানৰলোকক ফোনৰ জৰিয়তে এই সতৰ্কবাণী জাৰি কৰিছিল। তাৰ পাছতেই সোমবাৰে ইজৰাইলী সেনাই লেবাননৰ ছলেম, হুলা, তৌৰা, হাৰিছ, নবী চিত, বৰবতা আদি বিভিন্ন ঠাইত আক্ৰমণ চলায়।

এই আক্ৰমণৰ পাছতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে স্পষ্ট কৰি দিছে যে লেবাননৰ জনসাধাৰণৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাই। তেওঁলোকৰ শত্ৰু কেৱল হিজাবুল্লাহ। যাৰ বাবে আক্ৰমণৰ পূৰ্বে সাধাৰণ নাগৰিকক হিজবুল্লাহৰ স্থানৰ পৰা আঁতৰি যাবলৈ আহ্বান জনোৱা হৈছিল। এই ভয়ংকৰ আক্ৰমণৰ পিছত এতিয়া আমেৰিকাকে ধৰি আৰব দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। গাজাৰ পিছত এতিয়া বিশ্বৰ দৃষ্টি ইজৰাইলৰ এই নতুন যুদ্ধক্ষেত্ৰত।

ইয়াৰ পূৰ্বে এনে বিধ্বংসী আক্ৰমণৰ ইজৰাইলে কৰা নাছিল। এই সময়চোৱাত ইজৰাইলে বোমা বিস্ফোৰণৰ লগতে হিজাবুল্লাহৰ আণ্ডাৰগ্ৰাউণ্ড শিবিৰতো আক্ৰমণ কৰে। এই আক্ৰমণৰ কিছু সময় পূৰ্বে হিজাবুল্লাহে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছিল কিন্তু মোছাদৰ ইনপুটৰ ভিত্তিত IDF য়ে এই আক্ৰমণ বিফল কৰে। IDF য়ে হিজাবুল্লাহৰ ৰকেট আৰু ক্ষেপনাস্ত্ৰ নিক্ষেপ পৰা স্থানসমূহ ধ্বংস কৰি দিয়ে।

ইয়াৰ পূৰ্বে ইজৰাইলৰ এটা বিমান ঘাটীত হিজাবুল্লাহে আক্ৰমণ চলাইছিল। এই আক্ৰমণৰে প্ৰতিশোধ ইজৰাইলে ল’লে। কোৱা হৈছে, ইজৰাইলে এই আক্ৰমণ নকৰিলে এক বিধ্বংসী আক্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছিল হিজাবুল্লাহে। মোছাদৰ ইনপুট আছিল যে হিজবুল্লাই ৩ ডিআৰ (3 RD) মিছাইলেৰে আক্ৰমণ কৰাৰ প্ৰস্তুতি কৰিছে। 3DR ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ ২০০ কিলোমিটাৰ আৰু ৩০০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই নিব পৰাকৈ সক্ষম, অৰ্থাৎ ২১-২২ ছেপ্টেম্বৰৰ নিশা আক্ৰমণ কৰাৰ পিছত হিজবুল্লাই ২৩ ছেপ্টেম্বৰৰ পুৱা ইজৰাইলৰ আৱাসিক অঞ্চলত আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাইছিল।

ইজৰাইলে ২৩ ছেপ্টেম্বৰৰ পুৱা প্ৰথমে হিজাবুল্লাহৰ কেইবাটাও ক্ষেপনাস্ত্ৰ নিক্ষেপ স্থান নষ্ট কৰিল পেলাই য’ৰ পৰা তেওঁলোকে ইজৰাইলত আক্ৰমণ কৰিব বিচাৰিছিল।  তাৰ পাছতেই ইজৰাইলে আৰম্ভ কৰে বিধ্বংসী আক্ৰমণ। এই আক্ৰমণত নিহতৰ সংখ্যা পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version