লেবাননত পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ, এটাৰ পাছত আন এটা বিস্ফোৰণে কঁপাই তুলিলে সকলো... | israel air strike on south lebanon three missiles hit Assam news - Assam Tv9

লেবাননত পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ, এটাৰ পাছত আন এটা বিস্ফোৰণে কঁপাই তুলিলে সকলো…

Israel: কিছু সময় পূৰ্বে ইজৰাইলে মধ্য বেৰুটত আক্ৰমণ চলাই, য'ত প্ৰায় ৬ জনলোক নিহত আৰু প্ৰায় ৭ জন আহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলে লেবাননত চলোৱা আক্ৰমণত ৪৬ জন লোক নিহত আৰু প্ৰায় ৮৫ জন আহত হৈছে ।

লেবাননত পুনৰ ইজৰাইলৰ বিমান আক্ৰমণ, এটাৰ পাছত আন এটা বিস্ফোৰণে কঁপাই তুলিলে সকলো...

ইজৰাইলৰ আক্ৰমণ লেবাননত

Updated On: 

03 Oct 2024 08:10 AM

লেবাননৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী সেনাই। বুধবাৰে পুনৰ লেবাননৰ ওপৰত ইজৰাইলে বিমান আক্ৰমণ চলায়। ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি বেইৰুটত বিমান আক্ৰমণৰ দায়িত্ব লয়। আইডিএফে কয় যে, এতিয়া তেওঁলোকে লেবাননৰ বেৰুটক লক্ষ্য কৰি লৈছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, বেৰুটত প্ৰায় ৩ টা বিস্ফোৰণ হয়।

ইয়াৰোপৰি কিছু সময় পূৰ্বে ইজৰাইলে মধ্য বেৰুটত আক্ৰমণ চলাই, য’ত প্ৰায় ৬ জনলোক নিহত আৰু প্ৰায় ৭ জন আহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলে লেবাননত চলোৱা আক্ৰমণত ৪৬ জন লোক নিহত আৰু প্ৰায় ৮৫ জন আহত হৈছে । লেবাননৰ বিষয়াসকলে জনোৱা মতে, বিগত দুসপ্তাহত ইজৰাইলৰ আক্ৰমণত ১০০০ৰো অধিক লোক নিহত হোৱাৰ বিপৰীতে প্ৰায় ১০ লাখ লোক স্থানচ্যুত হৈছে।

ইয়াৰ বিপৰীতে লেবাননত স্থল অভিযান চলাই থকা ইজৰাইলী সেনাই বিচাৰি বিচাৰি হিজাবুল্লাহৰ ঘাটী উৎখাত কৰি আছে।  ইজৰাইলে কয় যে, দক্ষিণ লেবাননত হোৱা যুদ্ধৰ সময়ত ইজৰাইলৰ ৮ জন সৈনিক নিহত হৈছে।  নিহতসকলৰ ভিতৰত জ্যেষ্ঠ বিষয়াও আছে। লগতে লেবাননত ইজৰাইলে স্থল অভিযান বৃদ্ধি কৰাৰ কথাও কৈছে।

২৮ ছেপ্টেম্বৰতো ইজৰাইলে লেবাননৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছিল। ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছিল। এই আক্ৰমণত লেবাননৰ যথেষ্ঠ ক্ষতি হৈছিল আৰু হিজাবুল্লাহৰ মুৰব্বী নাছাৰল্লাহৰ মৃত্যু হৈছিল।  ইজৰাইলৰ আক্ৰমণত ইতিমধ্যে মৃত্যু হৈছে হামাছৰ মুৰব্বী ইছমাইল হানিয়া, হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহ আৰু আই আৰ জি চিৰ জেনেৰেল আব্বাছ নীলফৰুছানৰ আদিৰ।

ইয়াৰ মাজতে মঙলবাৰে ইৰাণে ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায়। প্ৰায় ২০০ বেলিষ্টিক মিছাইলেৰে কৰা আক্ৰমণৰ ফলত ইজৰাইলত ১জন নিহত আৰু ২ জন আহত হয়। ইৰাণে দাবী কৰা অনুসৰি এই আক্ৰমণৰ সময়ত ইৰাণৰ ৯০ শতাংশ লক্ষ্যই সফল হয়।  আক্ৰমণ সন্দৰ্ভত ইৰাণে কৈছিল যে,  হামাছৰ মুৰব্বী ইছমাইল হানিয়া, হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহ আৰু আই আৰ জি চিৰ জেনেৰেল আব্বাছ নীলফৰুছানৰ হত্যাৰ প্ৰতিক্ৰিয়া ৰূপে এই আক্ৰমণ চলাইছে।

উল্লেখ্য যে, গাজা আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পথত। গাজাত হামাছক এক প্ৰকাৰ ধ্বংস কৰাৰ পাছতেই ইজৰাইলে লক্ষ্য কৰি লৈছিল হিজাবুল্লাহক। লেবাননত থকা হিজাবুল্লাহৰ ওপৰত ইজৰাইলে এটাৰ পাছত আন এটা আক্ৰমণ চলাই গৈছিল। এই আক্ৰমণতে হিজাবুল্লাহৰ মুৰব্বী আৰু অধিকাংশ শীৰ্ষ বিষয়াৰ মৃত্যু হৈছে। হিজাবুল্লাহৰ এটাৰ পাছত আন এটা ঘাটি আক্ৰমণ কৰাৰ উপৰিও ইজৰাইলে তেওঁলোকৰ চিষ্টেমটো আক্ৰমণ কৰিছে। ইজৰাইলে দাবী কৰে যে তেওঁলোকে হিজাবুল্লাহৰ আধাৰো অধিক ক্ষেপনাস্ত্ৰ ধ্বংস কৰিছে।

 

Latest Stories
India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক…
Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক…
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প
Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...