5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লেবাননত ইজৰাইলৰ ডাঙৰ আক্ৰমণ ! নিহত সংখ্যা ১৮২ বিপৰীতে প্ৰায় ৭০০ লোক আহত…

ইজৰাইল সেনাৰ তথ্য অনুসৰি, হিজবুল্লাহৰ প্ৰায় ৩০০টা শিবিৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইজৰাইল সেনাই। আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, লেবাননে এই আক্ৰমণত কমেও ১৮২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৭০০ লোক আহত হোৱা বুলি উল্লেখ কৰিছে।

লেবাননত ইজৰাইলৰ ডাঙৰ আক্ৰমণ ! নিহত সংখ্যা ১৮২ বিপৰীতে প্ৰায় ৭০০ লোক আহত…
হিজবুল্লাহৰ ঘাটিত ইজৰাইলৰ বিমান আক্ৰমণ
Follow Us
manas-borah
Manas Borah | Updated On: 23 Sep 2024 20:05 PM

ইজৰাইলৰ সেনাই লেবাননৰ দক্ষিণ আৰু উত্তৰ-পূব অঞ্চলত বিমান আক্ৰমণ সংঘটিত কৰিছে । ইজৰাইল সেনাৰ তথ্য অনুসৰি, এই অঞ্চলসমূহত থকা হিজবুল্লাহৰ প্ৰায় ৩০০টা শিবিৰত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, লেবাননে এই আক্ৰমণত কমেও ১৮২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৭০০ লোক আহত হোৱা বুলি উল্লেখ কৰিছে।

তথ্য অনুসৰি, আক্ৰমণৰ পূৰ্বে ইজৰাইল সেনাই লেবাননৰ জনসাধাৰণক সেই অঞ্চল খালী কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। লেবাননৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে, বেইৰুটকে ধৰি বহু অঞ্চলৰ লোকক লেণ্ডলাইন কল মেছেজৰ জৰিয়তে সতৰ্ক কৰি দিছিল । বিমান আক্ৰমণৰ পৰা হাত সাৰিবলৈ অট্টালিকাসমূহ খালী কৰিবলৈ কোৱা হৈছে। ইজৰাইলৰ সেনাই লেবাননৰ মাজদাল চেলেম, হুলা, টাউৰা, ক্লেইলেহ, হাৰিছ, নবি চিট, হাৰবাটাকে ধৰি বহু অঞ্চলত বিমান আক্ৰমণ চলাইছে।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ইজৰাইলৰ বিমান আক্ৰমণত নিহতসকলৰ ভিতৰত মহিলা, শিশু আৰু পেৰামেডিকেল কৰ্মচাৰীও আছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই আক্ৰমণত কমেও ১৮২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৭০০ লোক আহত হৈছে।

উল্লেখ্য যে, যোৱা সপ্তাহত ১৭ আৰু ১৮ ছেপ্টেম্বৰত লেবাননত সংঘটিত হোৱা পেজাৰ আৰু ৱাকি টকি বিস্ফোৰণৰ পাছত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত উত্তেজনা তুংগত উঠিছে। দেওবাৰে হিজবুল্লাহৰ উপ-মুখ্য নাইছ কাছামেও কয় যে, তেওঁলোকৰ যোদ্ধা আৰু ইজৰাইলৰ মাজত প্ৰত্যক্ষ যুদ্ধ আৰম্ভ হৈছে। মনকৰিবলগীয়া যে,  প্ৰায় এবছৰ ধৰি চলি থকা যুদ্ধৰ মাজতে হিজবুল্লাই ইজৰাইলৰ উত্তৰ অঞ্চলত অহৰহ আক্ৰমণ চলাই আহিছে ।

Latest News