IDF ৰ গুলীচালনাত ১৫ জন চিকিৎসাকৰ্মীৰ মৃত্যু, ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে চাঞ্চল্যৰ…
এক ভয়ংকৰ ঘটনা। ইজৰাইলী সেনাৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ১৫ গৰাকীকৈ জৰুৰীকালীন সেৱাৰ লোকে। এই সন্দৰ্ভত এটা ভিডিঅ' পোহৰলৈ আহিছে য'ত একাংশ স্বাস্থ্যকৰ্মীয়ে সহায়ৰ বাবে আহ্বান জনাই থকা দেখা গৈছে।

যুদ্ধ বিৰতি চুক্তি শেষ হোৱাৰ পাছত ইজৰাইলে গাজাৰ ওপৰত অহৰহ আক্ৰমণ চলাই গৈছে। ইয়াৰ মাজতে এই আক্ৰমণত ১৫ গৰাকীকৈ জৰুৰীকালীন সেৱাৰ লগত জড়িত কৰ্মীয়ে প্ৰাণ হেৰায়ায়। শেহতীয়াকৈ এই সন্দৰ্ভত জাননী জাৰি কৰি ইজৰাইলী সেনাই কয় যে,সৈন্যই ভুলবশতঃ ২৩ মাৰ্চত দক্ষিণ গাজাত জৰুৰীকালীন সেৱাৰ কৰ্মীক হত্যা কৰে। এই কাণ্ড ৰাফাহৰ সমীপত সংঘটিত হয়, য’ত পেলেষ্টাইন ৰেড ক্ৰেচেণ্ট ছ’চাইটিৰ এম্বুলেন্সৰ কনভয়, ৰাষ্ট্ৰসংঘৰ এখন গাড়ী আৰু গাজা অসামৰিক প্ৰতিৰক্ষাৰ এখন অগ্নিনিৰ্বাপক বাহিনীৰ ট্ৰাকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা হয়।
ইয়াৰ পূৰ্বে ইজৰাইলে কৈছিল যে,কনভয়টোৱে আন্ধাৰত সন্দেহজনকভাৱে গতি কৰি আছিল যাৰ বাবে সেনাই গুলীচালনা কৰিছিল। ইয়াৰোপৰি এই বাহনসমূহৰ চলাচলৰ পূৰ্বে সেনাবাহিনীক অৱগত কৰা হোৱা নাছিল বুলিও তেওঁলোকে দাবী কৰিছিল।
ভিডিঅ’ ভাইৰেল
ইয়াৰ মাজতে নিহত পেৰামেডিকেলৰ এজন কৰ্মীয়ে ফোনত ৰেকৰ্ড কৰা ভিডিঅ’ এটা সামাজিক মাধ্যমত পোহৰলৈ আহে। য’ত আহতসকলে সহায়ৰ বাবে আহ্বান জনায়। পৰৱৰ্তী সময়ত গাড়ীৰ ভিতৰতে তেওঁলোকৰ মৃত্যু হয়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মৃত চিকিৎসকসকলৰ ভিতৰত ছয়জন হামাছৰ সৈতে জড়িত বুলি দাবী কৰিছে। অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকে কোনো প্ৰমাণ প্ৰকাশ কৰা নাই।
ইয়াৰোপৰি আইডিএফে স্বীকাৰ কৰিছে যে জোৱানসকলে গুলীচালনা কৰাৰ সময়ত নিহত লোকসকলৰ হাতত কোনো অস্ত্ৰ নাছিল। উল্লেখ কৰা প্ৰয়োজন যে ভাইৰেল হোৱা ভিডিঅ’টো পাঁচ মিনিটতকৈও অধিক দীঘল, য’ত ৰেফাট ৰাডৱান নামৰ পেৰামেডিকেল কৰ্মচাৰী এজনে প্ৰাৰ্থনা কৰা শুনা যায় আৰু ইয়াৰ পিছত ইজৰাইলৰ সৈন্যৰ মাত শুনা যায়।
আইডিএফৰ এজন বিষয়াই জনোৱা মতে, তেওঁলোকৰ সেনাই প্ৰথমে হামাছৰ লোক কঢ়িয়াই অনা গাড়ীত আক্ৰমণ কৰে। পাছত যেতিয়া এম্বুলেন্সখন সেই দিশেৰে গৈ আছিল তেতিয়া এয়াৰ চাৰ্ভিলেন্স মনিটৰসকলে জোৱানসকলক জনাইছিল যে কনভয়টো সন্দেহজনকভাৱে গৈ আছে। যেতিয়া হামাছৰ গাড়ীৰ ওচৰত এম্বুলেন্সখন ৰখাইছিল তেতিয়া ইজৰাইলী সেনাসকলে গুলী চলাইছিল।
আইডিএফে কয় যে, নিহত ১৫জন লোকৰ মৃতদেহ কবৰ দিয়া হৈছে। ইয়াৰোপৰি পিছদিনা ঘটনাস্থলীৰ পৰা বাহনসমূহ আঁতৰাই পেলোৱা হয়। উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাৰ এসপ্তাহৰ পাছতো মৃতদেহসমূহ উদ্ধাৰ কৰিব পৰা নগ’ল। কিন্তু উদ্ধাৰকাৰী দলে স্বাস্থ্যকৰ্মীজনৰ মোবাইল ফোন উদ্ধাৰ কৰে যাৰ পাছত এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহে ।
আইডিএফে এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি জনাইছে। ইয়াৰ বিপৰীতে ৰেড ক্ৰীচেণ্টৰ লগতে বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই ঘটনাৰ স্বতন্ত্ৰ তদন্তৰ দাবী উত্থাপন কৰিছে। হামাছৰ সৈতে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তি অন্ত আৰু দ্বিতীয় পৰ্যায়ৰ আলোচনা স্থবিৰ হৈ পৰাৰ পিছত ইজৰাইলে ১৮ মাৰ্চত গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, ইজৰাইলৰ আক্ৰমণত কমেও ৫০,৬৯৫ জন পেলেষ্টাইনী নিহত হৈছে। ইয়াৰোপৰি ১ লাখ ১৫ হাজাৰ ৩৩৮ জন লোক আহত হৈছে।
অন্য খবৰ পঢ়কঃ মোৰ মাহেকীয়া চলি আছিল, কাপোৰ খুলিব কৈছিল আৰু পাছত…যুৱতীয়ে ক’লে হামাছৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা…