প্ৰতিদিনে মানুহ মৰিছে! ইজৰাইলৰ আক্ৰমণত গাজাত পুনৰ শিশুসহ ১৬ জনৰ মৃত্যু…
পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। ধ্বংসস্তুপলৈ পৰিণত হোৱা গাজা এতিয়া সন্মুখীন হৈছে নতুন বিপদৰ। গাজাত এতিয়া পৰিছে প্ৰচণ্ড ঠাণ্ডা। কিন্তু শীতৰ পৰা হাত সাৰিবলৈ গাজাবাসীৰ ওচৰত নাই কম্বল বা পৰ্যাপ্ত কাপোৰ। আনকি খোৱা খাদ্য, পানী, স্বাস্থ্যজনিত সমস্যাতো ভুগিছে এই লোকসকল।
প্ৰায় ১৪ মাহ হৈ গ’ল, কিন্তু এতিয়াও গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ বন্ধ হোৱা নাই। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি শেহতীয়াকৈ ইজৰাইলে কৰা আক্ৰমণত ক’মেও ১৬ জনলোকৰ মৃত্যু হয়। গাজাত কৰ্মৰত ‘চিভিল ডিফেন্স’ৰ মতে, গাজা চহৰত স্থানচ্যুত লোকে আশ্ৰয় গ্ৰহণ কৰি থকা এখন বিদ্যালয়ত ইজৰাইলে কৰা আক্ৰমণত ৪টা শিশুকে ধৰি প্ৰায় ৬ জনলোক নিহত আৰু বহু আহত হয়।
ইজৰাইলী সেনাই দাবী কৰা অনুসৰি তেওঁলোকে বিদ্যালয়খনত আশ্ৰয় লৈ থকা হামাছৰ সন্ত্ৰাসবাদীসকলক লক্ষ্য কৰি লৈছিল। ‘আল-আকছা শ্বহীদ’ চিকিৎসালয়ৰ তথ্য অনুসৰি শনিবাৰে মাজ নিশা ডেইৰ আল বালাহৰ এটা ঘৰত কৰা আক্ৰমণত প্ৰায় ৮ জনলোক নিহত হয়। ইয়াৰোপৰি গাজাৰ আন এখন চিকিৎসালয় নাছেৰ হাস্পতালে জনাইছে যে দেওবাৰে মাজনিশাৰ পিছত দক্ষিণৰ খান ইউনিছ চহৰত সংঘটিত আক্ৰমণত দুজনলোক নিহত হৈছে। গতিকে শেহতীয়াকৈ ইজৰাইলে কৰা আক্ৰমণত গাজাৰ বিভিন্ন স্থানত প্ৰায় ১৬ জনলোকে প্ৰাণ হেৰুয়ায়।
আন্তৰ্জাতিক পৰ্যায়ত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰা নাই। ডোহাত চলি থকা যুদ্ধ বিৰতিৰ মাজতে ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰিছে। একাংশৰ মতে, এই আক্ৰমণে শান্তি আলোচনাৰ প্ৰচেষ্টাক ভাবুকি প্ৰদান কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইল আৰু হামাছৰ মাজত চলিত মাহত যুদ্ধ বিৰতি চুক্তি সন্দৰ্ভত আলোচনা হৈছিল। এই সন্দৰ্ভত হামাছে কৈছিল যে শান্তি চুক্তিৰ তেওঁলোকে একেবাৰেই ওচৰত। পূৰ্বৰ দৰে এইবাৰো পণবন্ধী মুক্তিৰ দাবী জনাইছে হামাছে। ইজৰাইলৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই দাবী নাকচ কৰিছে ইজৰাইলে।
উল্লেখ্য যে, এবছৰৰো অধিক কাল ধৰি ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰলোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰলোক আহত আৰু গৃহহীন হৈ আছে। এই যুদ্ধৰ ফলত সবাতোকৈ ক্ষতি হামাছৰ হৈছে বুলি অনুমান হয়। বিগত সময়চোৱাত ইজৰাইলে হামাছৰ কেইবাগৰাকী শীৰ্ষ বিষয়াক হত্যা কৰাৰ লগত ধ্বংস স্তুপলৈ পৰিণত কৰিছে গাজাক।
গাজাৰ লাখ লাখ শিশু, মহিলা ভুগি আছে পুষ্টিহীনতাত। খোৱা খাদ্য, খোৱা পানী বা প্ৰয়োজনীয় অধিকাৰৰ পৰা বঞ্চিত হৈছে লাখ লাখ মানুহ। গাজাত বৰ্তমান খোৱা খাদ্যৰ অভাৱ, স্বাস্থ্যৰ অভাৱ। হাজাৰ হাজাৰ মানুহে বৰ্তমান সময়তো বিদ্যালয়সমূহত আশ্ৰয় লৈ আছে, কিন্তু এই বিদ্যালয়সমূহকো ইজৰাইলে লক্ষ্য কৰি লৈছে।
গাজাত বৰ্তমান শীত পৰিছে। এই শীতে তম্বুত বাস কৰি থকা গাজাবাসীৰ অসুবিধা আৰু অধিক বৃদ্ধি কৰিছে। প্ৰায় ১৮ লাখ স্থানচ্যুত পেলেষ্টাইনী লোকে শীতৰ পৰা হাত সাৰিবলৈ সংগ্ৰাম কৰি আছে। প্ৰচণ্ড বতাহ, বৰষুণ আৰু ঠাণ্ডা বতৰৰ লগতে ৰোগসমূহে এই লোকসমূহৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, গাজাৰ মানুহে কম্বল আৰু কাপোৰৰ নাটনিত ভুগিছে। আনকি জুইৰ বাবে হৈছে কাঠৰ নাটনি। মাহৰ পাছত মাহ ধৰি এখন তম্বুৰ তলত বাস কৰি থকা বাবে সেয়া জৰাজীৰ্ণ হৈ পৰিছে। সংবাদ সংস্থা এ পিৰ তথ্য অনুসৰি এটা পৰিয়ালে মাত্ৰ এখন কম্বলেৰে ৮ টা সন্তানত শীতৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছে। বৰ্তমান অতি ভয়ংকৰ হৈ পৰিছে গাজাৰ পৰিস্থিতি।