5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…

Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ।আনহাতে হামাছেও এই যুদ্ধ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। হামাছৰ নেতাৰ মৃত্যুৰ পাছত তেওঁলোকে কৈছে যে, ইয়াহ্যা সিনৱাৰ মৃত্যুয়ে এই যুঁজ আৰু শক্তিশালী কৰিব।

Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…
ইজৰাইল- গাজা
barasha-sarma
Barasha Sarma | Published: 20 Oct 2024 18:20 PM

এটাৰ পাছত আন এটা আক্ৰমণ! গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ বন্ধ হোৱা নাই। পেলেষ্টাইনৰ এনক্লেভৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে শেহতীয়াকৈ ইজৰাইলী সেনাই গাজাৰ বেইট লাহিয়াত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত কৰে। উত্তৰী গাজাত সংঘটিত এই আক্ৰমণৰ ফলত ৮৭ জনলোকৰ মৃত্যু হয় আৰু একাধিক ধ্বংসাৱশেৰ তলত পোত খায়। স্বাস্থ্যা মন্ত্ৰালয়ৰ মতে এতিয়াও প্ৰায় ৪০ জনলোক নিৰুদ্দেশ হৈ আছে।

হামাছৰ নেতা ইয়াহ্যা সিনৱাৰৰ মৃত্যুৰ পিছত গাজাত ইজৰাইলে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। ইয়াহ্যা চিনোৱাৰৰ মৃত্যুৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে কৈছিল যে পণবন্দীসকলক মুকলি কৰি নিদিয়ালৈকে গাজাত ইজৰাইল সেনাৰ অভিযান অব্যাহত থাকিব। ইজৰাইলী সেনাই ইতিমধ্যে উত্তৰ গাজাত অবিৰতভাৱে আক্ৰমণ চলাই আছে। আগৰ পৰাই এই ঠাইৰ বহু অঞ্চল সেনাই ঘেৰাও কৰি ৰখাৰ লগতে আবাসিক গৃহসমূহ নষ্ট কৰি পেলাইছে। বহুলোকক গ্ৰেপ্তাৰ কৰিছে আৰু হাজাৰ হাজাৰ পেলেষ্টাইনী পৰিয়াল এনে শিহৰণকাৰী পৰিস্থিতিত আৱদ্ধ হৈ পৰিছে।

তথ্য অনুসৰি জানিব পৰা মতে, গাজাত ইজৰাইলে কৰা আক্ৰমণত এতিয়ালৈকে প্ৰায় ৪২,৬০৩ জন পেলেষ্টাইনীলোকে প্ৰাণ হেৰুৱাইছে। এই মৃত্যু হোৱা লোকসকলৰ ভিতৰত শিশু আৰু মহিলাও আছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এই যুদ্ধত প্ৰায় ৯৯,৭৯৫ জন লোক আহত হৈছে। একাংশৰ মতে মৃতক আৰু আহতৰ সংখ্যা আৰু অধিক হ’ব পাৰে। অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত এতিয়া ১০, ০০০লোকৰ মৃতদেহ থকাৰ সন্দেহ কৰা হৈছে। মন্ত্ৰালয়ৰ তথ্য মতে, মৃত্যুৰ সংখ্যাৰ ভিতৰত বিগত ২৪ ঘন্টাত মৃত্যু হোৱা ৮৪ জনৰো অন্তৰ্ভুক্ত।

আনহাতে হামাছেও এই যুদ্ধ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। হামাছৰ নেতাৰ মৃত্যুৰ পাছত তেওঁলোকে কৈছে যে, ইয়াহ্যা সিনৱাৰ মৃত্যুয়ে এই যুঁজ আৰু শক্তিশালী কৰিব। ইয়াহ্যা সিনৱাৰৰ তেলে আল-আকছাৰ পথত শক্তিশালীভাৱে যুঁজিবলৈ অনুপ্ৰাণিত কৰিব বুলি হামাছে কয়। হামাছৰ নতুন নেতাৰ নাম এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও পৰৱৰ্তী নেতা হিচাপে আল-হায়া বা মহম্মদ সিনৱাৰক হামাছৰ মুৰব্বী বনাব পৰা যাব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, যোৱা ১ বছৰৰ অধিক সময় ধৰি ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হৈছে। ইজৰাইল আৰু হামাছে এতিয়াও পণবন্ধী কৰি ৰাখিছে বহু সাধাৰণলোকক। অবিৰতভাৱে হামাছৰ ওপৰত ইজৰাইলে চলাই গৈছে আক্ৰমণ য’ত হামাছ, হিজাবুল্লাহৰ শীৰ্ষ বহু নেতাৰ মৃত্যু হৈছে। ইমানৰ পাছতো ইজৰাইলে নিজৰ স্থিতিত গদগদ হৈ কৈছে যে যেতিয়ালৈকে সকলো পণবন্ধীক এৰি নিদিয়ে তেতিয়ালৈকে চলি থাকিব আক্ৰমণ।

Latest News