Israel: পুনৰ গাজা-লেবাননত ইজৰাইলৰ আক্ৰমণ! শিশু, গৰ্ভৱতী মহিলাসহ ২৩ জনৰ মৃত্যু

Israel: গাজা আৰু লেবাননৰ ওপৰত বন্ধ হোৱা নাই ইজৰাইলৰ আক্ৰমণ। এতিয়ালৈকে এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ ইজৰাইলে কৰা আক্ৰমণত গৰ্ভৱতী মহিলা, শিশু, বধিৰলোকসহ প্ৰায় ২৩ জনলোকৰ মৃত্যু হয়।

Israel: পুনৰ গাজা-লেবাননত ইজৰাইলৰ আক্ৰমণ! শিশু, গৰ্ভৱতী মহিলাসহ ২৩ জনৰ মৃত্যু

ইজৰাইল- গাজা

Published: 

10 Nov 2024 13:04 PM

এতিয়াও কম হোৱা নাই গাজা আৰু লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। শেহতীয়াকৈ ইজৰাইলে গাজা আৰু লেবাননৰ ওপৰত কৰা আক্ৰমণত প্ৰায় ২৩ জনলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে প্ৰদান কৰা তথ্য অনুসৰি শনিবাৰে গাজাৰ তিনিটা পৃথক স্থানত ইজৰাইলে কৰা আক্ৰমণত মহিলা- শিশুসহ প্ৰায় ১৬ জনলোকৰ মৃত্যু হয়। ইয়াৰ মাজতে ইজৰাইলে কেইবা সপ্তাহৰ পিছত প্ৰথমবাৰৰ বাবে খাদ্যৰ অভাৱত ভোগা উত্তৰ গাজালৈ মানৱীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, শনিবাৰে গাজাৰ পূব টুফা অঞ্চলত শৰণাৰ্থী স্থান হিচাপে ব্যৱহাৰ কৰা এখন বিদ্যালয়ত আক্ৰমণ সংঘটিত হয় য’ত ক’মেও ৬ জনলোকৰ মৃত্যু হয়।  মৃত লোকসকলৰ ভিতৰত আছে দুগৰাকী স্থানীয় সাংবাদিক, এগৰাকী গৰ্ভৱতী মহিলা আৰু এটা শিশু।

আনহাতে নাছেৰ হাস্পতালে জনোৱা মতে, দক্ষিণৰ খান ইউনিছ চহৰত বিভিন্ন ঠাইৰ শৰণাৰ্থীয়ে আশ্ৰয় লোৱা ঠাইত ইজৰাইলে কৰা আক্ৰমণৰ ফলত ৭জন লোক নিহত হয়। পেলেষ্টাইনৰ স্বাস্থ্যকৰ্মীসকলৰ মতে মধ্য গাজাৰ মূল চিকিৎসালয়খনৰ প্ৰাংগনত থকা আশ্ৰয় শিবিৰত এই আক্ৰমণ সংঘটিত হয়।

আনহাতে লেবাননৰ দক্ষিণ বন্দৰ চহৰ টাইৰত ইজৰাইলে কৰি আক্ৰমণত প্ৰায় ৭ জনলোক নিহত হয়। মৃতসকলৰ ভিতৰত আছে তিনিজন বধিৰলোককে ধৰি ৫ জন ভাই- ভগ্নীসহ ৭ জন লোক নিহত হয়। চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি শনিবাৰে ইজৰাইলৰ বায়ুসেনাই দক্ষিণ আৰু পূব লেবাননৰ বিভিন্ন প্ৰান্তত বিমান আক্ৰমণ চলায়। ইয়াৰ পূৰ্বে ইজৰাইলী বিমানে বেৰুটতো আক্ৰমণ কৰিছিল য’ত বহু অট্টালিকা ধ্বংস হৈছিল।

এই আক্ৰমণৰ মাজতে ইজৰাইলে জনাই যে সাহায্য সামগ্ৰীৰ ট্ৰাক উত্তৰ গাজালৈ যাব দিয়া হৈছে। গাজাত মানৱীয় সাহায্য প্ৰদান কৰা ইজৰাইলৰ সামৰিক সংস্থা COGAT এ শনিবাৰে জনোৱা মতে, দুদিন পূৰ্বে খাদ্য, পানী,চিকিৎসা আদি বিভিন্ন জৰুৰীকালীন সামগ্ৰী কঢ়িয়াই অনা প্ৰায় ১১ খন ট্ৰাক উত্তৰ গাজাত উপস্থিত হয়। উল্লেখ্য যে, ইজৰাইলে উত্তৰ গাজাত আক্ৰমণ আৰম্ভ কৰাৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সাহাৰ্য সামগ্ৰী প্ৰদান কৰিছে।

উল্লেখ্য যে, এবছৰতকৈ অধিক কাল ধৰি এই যুদ্ধ চলি আছে। ইজৰাইল, গাজা, লেবাননৰ যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃ্ত্যু হোৱাৰ লগতে বহু লোক আহত হয়। ইয়াৰ উপৰি স্থানচ্যুত হৈছে বহুলোক আৰু এতিয়াও হাজাৰ হাজাৰলোকে আশ্ৰয় লৈছে আছে বিভিন্ন শিবিৰত। এবছৰ ধৰি চলি থকা এই যুদ্ধত সবাতোকৈ বেছি প্ৰভাৱগ্ৰস্ত হৈছে গাজা। খবৰ অনুসৰি গাজাৰ শিশু, মহিলা আদি খাদ্য, পানী, চিকিৎসা আদি বিভিন্ন প্ৰয়োজনীয়া সামগ্ৰীৰ অভাৱত ভুগি আছে। পুষ্টিহীনতাত ভুগিছে শিশু। এক প্ৰকাৰ মৃত্যুৰ সৈতে যুঁজি যুঁজি জীয়াই আছে যুদ্ধগ্ৰস্ত চহৰৰ হাজাৰ হাজাৰ জনতা।

কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ